ভাৰতীয় বেটছমেনক চকু দেখুৱাই বিপদত পাকিস্তানী বলাৰ, মুকলিকৈ বিচাৰিলে ক্ষমা…

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় দলে পাকিস্তান দলক ৬ উইকেটত পৰাস্ত কৰে। এই খেলৰ সময়ত পাকিস্তানী বলাৰ এজনে নিজৰ উইকেট অতি আচহুৱা ধৰণেৰে উদযাপন কৰে। এইগৰাকী খেলুৱৈয়ে এতিয়া নিজৰ উদযাপনৰ বাবে ক্ষমা বিচাৰিছে।

ভাৰতীয় বেটছমেনক চকু দেখুৱাই বিপদত পাকিস্তানী বলাৰ, মুকলিকৈ বিচাৰিলে ক্ষমা...

ভাৰত-পাকিস্তান

Updated On: 

08 Mar 2025 | 09:14 AM

২৩ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খেল। এই খেলখনত ভাৰতীয় দলটোৱে একপক্ষীয়ভাৱে জয়লাভ কৰে। কিন্তু এই মেচৰ সময়ত এজন পাকিস্তানী খেলুৱৈয়ে অতি আচহুৱা ধৰণে নিজে লোৱা উইকেট উদযাপন কৰে। এই ঘটনাৰ পিছত এই খেলুৱৈগৰাকীক ছ’চিয়েল মিডিয়াত যথেষ্ট ট্ৰ’ল কৰা হৈছিল। এনে পৰিস্থিতিত এইগৰাকী খেলুৱৈয়ে এতিয়া উইকেট উদযাপনৰ বাবে ক্ষমা বিচাৰিছে।

প্ৰকৃততে ভাৰত-পাকিস্তানৰ খেলখনত  ৫২টা বলত ৪৬ ৰানৰ ইনিংছ খেলি আউট হৈছিল তাৰকা বেটছমেন শুভমন গীল। তেওঁক ব’ল্ড আউট কৰে পাকিস্তানৰ স্পিনাৰ আব্ৰাৰ আহমেদে। ইয়াৰ পিছতে আব্ৰাৰ আহমেদে উইকেট লোৱা মুহূৰ্ত উদযাপন কৰি থাকোঁতে ডিঙি ঘূৰাই বাৰে বাৰে গীলক বাহিৰলৈ যাবলৈ ইংগিত দিছিল। লগতে উত্তেজিত হৈ চকু দেখুৱাইছিল। কিন্তু আব্ৰাৰ আহমেদৰ মতে এয়াই তেওঁৰ উদযাপনৰ শৈলী।

টেলিকম এছিয়া স্প’ৰ্টৰ সৈতে হোৱা কথা-বতৰাত শুভমন গীলৰ উইকেট উদযাপনৰ সন্দৰ্ভত আব্ৰাৰ আহমেদে কয়, “সেইটোৱেই মোৰ ষ্টাইল আৰু ইয়াত মই একো ভুল কৰা নাছিলো। আনকি কোনো মেচ অফিচিয়েলে মোক একো ভুল কৰা বুলিও কোৱা নাছিল। ইয়াৰ পিছতো যদি কোনোবাই আঘাত পাইছে তেন্তে ইয়াৰ বাবে মই দুখী আৰু ক্ষমা বিচাৰিছো। মোৰ উদ্দেশ্য কাকো আঘাত দিয়া নহয়।”

মেচৰ সময়ত তেওঁ বিৰাট কোহলিক ছিক্স মাৰিবলৈ উচটনি দিয়াৰ কথাও প্ৰকাশ কৰিছিল আব্ৰাৰ আহমেদে। আব্ৰাৰ আহমেদে কয়, ‘ডুবাইত বিৰাট কোহলিৰ ওচৰত বলিং কৰাৰ শৈশৱৰ সপোন পূৰণ হ’ল। এয়া বৰ প্ৰত্যাহ্বানজনক আছিল আৰু মই তেওঁক জোকাইছিলো। মোৰ অভাৰত ছিক্স মাৰিবলৈ ক’লোঁ যদিও খং উঠা নাছিল। আমি সকলোৱে জানো যে কোহলি এগৰাকী মহান বেটছমেন। লগতে তেওঁ এজন ভাল মানুহ। কোহলিয়ে মেচৰ পিছত ক’লে যে, ভাল বলিং কৰিছে, যিটোৱে মোৰ দিনটো সফল কৰি তুলিছিল। উল্লেখ্য যে,  এই মেচত বিৰাট কোহলিয়ে মেচ বিজয়ী ইনিংছ খেলিছিল। ১১১টা বলত ১০০টা অপৰাজিত ৰান সংগ্ৰহ কৰিছিল কোহলিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...