হনুমানৰ পূজাত কিয় আগবঢ়োৱা হয় তুলসী? আঁৰৰ এই ধাৰ্মিক মহত্ব জানি লওক এতিয়াই…

সাধাৰণতে সকলো পূজাতে তুলসীৰ ব্যৱহাৰ কৰা হয়। কিন্তু হনুমানৰ পূজাত তুলসী আগবঢ়োৱাৰ এক বিশেষ মহত্ব আছে। ইয়াৰ আঁৰত আছে এক পৌৰাণিক কাহিনী। জানো আহক এই বিষয়ে।

হনুমানৰ পূজাত কিয় আগবঢ়োৱা হয় তুলসী? আঁৰৰ এই ধাৰ্মিক মহত্ব জানি লওক এতিয়াই...

হনুমানৰ পূজাত কিয় আগবঢ়োৱা হয় তুলসী?

Published: 

04 Dec 2025 19:35 PM

ভগৱান হনুমানৰ পূজা ধৰ্ম বিশ্বাসীসকলৰ বাবে অতি মহত্বপূৰ্ণ। হনুমান হৈছে ভগৱান শিৱৰ ৰুদ্ৰ অৱতাৰ। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি সপ্তাহৰ মঙলবাৰ দিনটো ভগৱান হনুমানৰ বাবে উৎসৰ্গা কৰা হৈছে। এই দিনটোত ভক্তসকলে ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ বিশেষ পূজা কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান হনুমানক পূজা কৰিলে মনৰ সকলো ভয় দূৰ হয় আৰু সমৃদ্ধিৰ আগমন ঘটে বুলি কোৱা হয়। সাধাৰণতে পূজাৰ সময়ত হনুমানক প্ৰসাদ হিচাপে তুলসী পাত আগবঢ়োৱা হয়।

এনে কৰিলে হনুমানৰ পৰা বিশেষ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস আছে। সাধাৰণতে সকলো পূজাতে তুলসীৰ ব্যৱহাৰ কৰা হয়। কিন্তু হনুমানৰ পূজাত তুলসী আগবঢ়োৱাৰ এক বিশেষ মহত্ব আছে। ইয়াৰ আঁৰত আছে এক পৌৰাণিক কাহিনী। জানো আহক এই বিষয়ে।

ৰামায়ণৰ মতে

ৰামায়ণৰ মতে এবাৰ নিৰ্বাসনৰ পৰা উভতি অহাৰ পিছত মাতা সীতাই হনুমানক আহাৰ খুৱঋছিল। সীতাই তেওঁৰ বাবে বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰিছিল। হনুমানে খাবলৈ আৰম্ভ কৰিলে, কিন্তু বহু ব্যঞ্জন খোৱাৰ পিছতো তেওঁৰ ভোক নাঁতৰিল। ভোক নুগুচাৰ বাবে অতৃপ্ত হৈ থাকিল হনুমান।

লাহে লাহে সমুখৰ সকলো খাদ্য শেষ হ’বলৈ ধৰিলে। অৱশ্যে হনুমানে অধিক খাদ্যৰ বাবে আহ্বান কৰি থাকিল। এনে পৰিস্থিতি দেখি মাতা সীতা চিন্তিত হৈ পৰে। ইয়াৰ পিছত তেওঁ ভগৱান শ্ৰীৰামক এই বিষয়ে বিৱৰি কয়। তেতিয়া ভগৱান ৰামে সীতাক হনুমানৰ খাদ্যত এখিলা তুলসী পাত দিয়াৰ উপদেশ দিয়ে।

ভোক দূৰ হয় হনুমানৰ

মাতা সীতাই প্ৰভুৰ নিৰ্দেশ মতেই এই কাম কৰে আৰু ইয়াৰ দ্বাৰা হনুমানৰ ভোকো পূৰণ হয়। তেতিয়াৰ পৰাই পূজাৰ সময়ত হনুমানক তুলসী আগবঢ়োৱাৰ প্ৰথা আৰম্ভ হ’ল। পূজাত সেয়ে হনুমানক তুলসী অৰ্পণ কৰিলে সকলো কামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।

হিন্দু বিশ্বাস অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ ৰক্ষক ভগৱান বিষ্ণুৰ বাবে তুলসীৰ পাত অতি প্ৰিয়। সেয়ে তেওঁৰ সকলো অৱতাৰক তুলসী অৰ্পণ কৰা হয়। তুলসী পাত ভগৱান ৰামকো অৰ্পণ কৰা হয়। হনুমান ভগৱান ৰামৰ মহান ভক্ত, সেয়েহে তুলসী অৰ্পণ কৰিলে হনুমানো সন্তুষ্ট হয়।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...