Krishna Janmashtami 2025: ভগৱান শ্ৰীকৃষ্ণৰ মুকুটত কিয় ময়ূৰৰ পাখি থাকে? জানক এই কাহিনী

Krishna Janmashtami 2025: ভগৱান শ্ৰীকৃষ্ণৰ মুকুটত থকা ময়ূৰৰ পাখি কেৱল সৌন্দৰ্যবৰ্ধনৰ বাবেই নহয়, ইয়াত তিনিটা আচৰিত পৌৰাণিক কাহিনী আৰু আধ্যাত্মিক ৰহস্য লুকাই আছে। সেই বিষয়ে জানো আহক...

Krishna Janmashtami 2025: ভগৱান শ্ৰীকৃষ্ণৰ মুকুটত কিয় ময়ূৰৰ পাখি থাকে? জানক এই কাহিনী

ভগৱান শ্ৰীকৃষ্ণৰ মুকুটত কিয় ময়ূৰৰ পাখি থাকে?

Updated On: 

16 Aug 2025 10:51 AM

Krishna Janmashtami 2025:ভগৱান শ্ৰীকৃষ্ণৰ মুকুটত সজোৱা ময়ূৰৰ পাখি কেৱল তেওঁৰ সৌন্দৰ্যবৰ্ধনৰ বাবে নহয়, বৰঞ্চ ইয়াত পৌৰাণিক কাহিনী, আধ্যাত্মিক অৰ্থ আৰু বিশ্বাস জড়িত হৈ আছে। বাঁহী, আৰু ময়ূৰৰ পাখি অবিহনে কৃশ্ন অসম্পূৰ্ণ বুলি বিশ্বাস কৰা হয়। কিন্তু এই পৰম্পৰা কেনেকৈ আৰম্ভ হ’ল? ইয়াৰ আঁৰত তিনিটা আচৰিত কাহিনী আছে, লগতে আধ্যাত্মিক ৰহস্যও আছে যিবোৰ শাস্ত্ৰত বৰ্ণনা কৰা হৈছে।

প্ৰথম কাহিনীঃ ৰাহু দোষ আৰু মাতৃৰ প্ৰতিকাৰ

কোৱা হয় যে, কণমানি কৃষ্ণৰ জন্মৰ কিছুদিন পিছত মাতৃ যশোদাই জ্যোতিষীক তেওঁৰ ৰাশিফল দেখুৱাইছিল। জ্যোতিষীয়ে ক’লে যে কানহাৰ ৰাহু দোষ আছে। পুত্ৰৰ প্ৰেমত ডুব যোৱা যশোদাই লগে লগে সমাধান বিচাৰিলে, উত্তৰ পালে- “ময়ূৰৰ পাখি যদি সদায় তাৰ লগত থাকে, তেন্তে এই দোষ দূৰ হ’ব।” মা যশোদাই এদিন কানহাৰ মুকুটটো ময়ূৰৰ পাখিৰে সজাইছিল। কানহাক তাত ইমান ধুনীয়া দেখা গৈছিল যে যশোদাই সিদ্ধান্ত লৈছিল- এতিয়া ময়ূৰৰ পাখি সদায় তাৰ মুকুটত থাকিব।

দ্বিতীয় কাহিনী শৃংগাৰত ময়ূৰৰ পাখিৰ ছবি

আন এটা কাহিনীত বৰ্ণনা কৰা হৈছে যে, মাতৃ যশোদাই প্ৰতিদিনে কানহাক বিভিন্ন অলংকাৰেৰে শোভা বঢ়াইছিল। এদিন তেওঁ ময়ূৰৰ পাখিৰে তেওঁৰ শোভা বঢ়াই দিলে। কানহাৰ মনোমোহা ৰূপটো দেখি সকলোৱে মন্ত্ৰমুগ্ধ হৈ পৰিল। সেইদিনাৰ পৰাই ময়ূৰৰ পাখি তেওঁৰ মুকুটৰ স্থায়ী অংশ হৈ পৰিল।

তৃতীয় কাহিনীটো হৈছে ময়ূৰৰ উপহাৰ

আন এটা ঘটনাত কোৱা হৈছে যে এসময়ত কৃষ্ণই হাবিত বাঁহী বজাই আছিল। তেওঁৰ সুৰ শুনি এজাক ময়ূৰ নাচিবলৈ ধৰিলে। নৃত্য শেষ হোৱাৰ পাছত ময়ূৰৰ সেনাপতিয়ে কৃষ্ণৰ চৰণত আটাইতকৈ ধুনীয়া পাখিটো আগবঢ়াই দিলে। কৃষ্ণই মৰমেৰে গ্ৰহণ কৰি মূৰত পিন্ধিলে।

আধ্যাত্মিক তাৎপৰ্য

হিন্দু ধৰ্মত ময়ূৰৰ পাখিক সৌভাগ্য, শান্তি, প্ৰেম আৰু ইতিবাচক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। গৰুড় পুৰাণ আৰু বিষ্ণু পুৰাণত বৰ্ণনা কৰা হৈছে যে বিশ্বব্ৰহ্মাণ্ডৰ ৰং ময়ূৰৰ পাখিৰ সৈতে মিলে, যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ ভাৰসাম্যতাক প্ৰতিনিধিত্ব কৰে। ভাগৱত পুৰাণত কৃষ্ণৰ শৃংগাৰত ময়ূৰৰ পাখিৰ বৰ্ণনাক মধুৰতা আৰু প্ৰকৃতিৰ সৈতে তেওঁৰ অবিচ্ছেদ্য সম্পৰ্কৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। ময়ুৰৰ পাখি ঋণাত্মক শক্তিৰ ধ্বংসকাৰী বুলিও কোৱা হয়। ইয়াক ঘৰত ৰাখিলে ৰাহু-কেতুৰ দৰে গ্ৰহৰ দোষ শান্ত হৈ মানসিক শান্তি লাভ কৰে।

আজিও ময়ূৰৰ পাখি অবিহনে শ্ৰীকৃষ্ণৰ ভক্তি আধৰুৱা

ময়ুৰৰ পাখি অবিহনে ভগৱান শ্ৰীকৃষ্ণৰ পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। ভক্তসকলে বিশ্বাস কৰে যে, ময়ুৰৰ পাখি কেৱল অলংকাৰ নহয়, বৰঞ্চ ভগৱানৰ খেলা-ধূলা, প্ৰেম আৰু সুৰক্ষাৰ প্ৰতীক। এই কাৰণেই জন্মাষ্টমীৰ পৰা দৈনন্দিন পূজালৈকে ময়ূৰৰ পাখি কানহাৰ পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ।

লগতে পঢ়ক- জন্মাষ্টমীত এই ১০ টা বাৰ্তাৰে সকলোকে দিয়ক শুভেচ্ছা  

বাংলাদেশত I Love You কেনেকৈ কয়? জানি হ'ব আচৰিত
মদ্যপান কৰিলে মানুহ কিয় ফুলে ? উপশম পোৱাৰ উপায় জানক...
নিয়ন্ত্ৰণত থাকিব ব্লাড চুগাৰ! খালী পেটত এইদৰে খাওক নৰসিংহৰ পাত...
আপোনাৰ কলেষ্টেৰলৰ সমস্যা হ্ৰাস কৰিব পাৰে তুলসীয়ে! জানি লওক ব্যৱহাৰৰ সঠিক উপায়
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা