হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে? সঠিক নিয়ম জানক

ধৰ্মীয় বিশ্বাস অনুসৰি দৈনিক হনুমান চালিছা পাঠ কৰিলে জীৱনৰ বহু সমস্যাৰ সমাধান হয়। হনুমান চালিছা পাঠ কৰাৰ সময়ত কিছু কথা মনত ৰাখিব লাগে। এনে অৱস্থাত ঘৰত কেনেকৈ হনুমান চলিছা পাঠ কৰিব, কেতিয়া পাঠ কৰিব লাগে আৰু কেতিয়া হনুমান চলিছা পাঠ কৰিব নালাগে জানো আহক...

হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে? সঠিক নিয়ম জানক

হনুমানক কেনেকৈ সহজে সন্তুষ্ট কৰিব?

Published: 

25 Mar 2025 14:14 PM

মঙলবাৰৰ দিনটো বজৰংগবলী হনুমানৰ নামত উৎসৰ্গিত। হনুমান চালিছা পাঠ কৰিলে মানুহে জীৱনত আচৰিত ফল লাভ কৰে বুলি ধৰ্মীয় বিশ্বাস আছে। তুলসীদাসে লিখা হনুমান চালিছা পাঠ কৰাটো অতি লাভদায়ক হিচাপে বিবেচিত হয়। ধৰ্মীয় বিশ্বাস অনুসৰি দৈনিক হনুমান চালিছা আবৃত্তি কৰিলে জীৱনৰ বহু সমস্যাৰ সমাধান হয়। অৱশ্যে হনুমান চালিছা পাঠ কৰাৰ সময়ত কিছু কথা মনত ৰাখিব লাগে। এইবোৰ কথা মনত ৰাখি হনুমানৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এনে অৱস্থাত ঘৰত কেনেকৈ হনুমান চালিছা পাঠ কৰিব লাগে, কেতিয়া পাঠ কৰিব লাগে আৰু কেতিয়া হনুমান চলিছা পাঠ কৰিব নালাগে সবিশেষ এই প্ৰতিবেদনৰ পৰা জানক…

হনুমান চালিছা কেনেকৈ পাঠ কৰিব লাগে?

হনুমান চালিছা কেতিয়াও উচ্চস্বৰত পাঠ কৰা উচিত নহয়। সদায় মধ্যমীয়া সুৰত পাঠত কৰক আৰু উচ্চাৰণত যাতে কোনো ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। হনুমান চালিছা খৰখেদাকৈ পাঠ কৰা উচিত নহয়, বৰঞ্চ প্ৰতিটো পদৰ অথ বুজি পাঠ কৰা উচিত।

হনুমান চালিছা কিমানবাৰ পাঠ কৰিব লাগে?

হনুমান চালিছা দিনটোত ১, ৩, ৭, ৯ বা ১১ বাৰ পাঠ কৰাটো শুভ বুলি গণ্য কৰা হয়। ৭ বা ২১ দিন অবিৰতভাৱে হনুমান চালিছা পাঠ কৰিলে এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।

হনুমান চলিছা পঢ়াৰ শুদ্ধ পদ্ধতি কি?

চালিছা পাঠ কৰাৰ সময়ত ৰঙা ৰঙৰ কাপোৰ পিন্ধাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ পিছত বিশুদ্ধ ঘিউ বা তিল তেলৰ চাকি জ্বলাই চালিছা পাঠ আৰম্ভ কৰক। সেই সময়ত হনুমানক মনতে স্মৰণ কৰি থাকিব। হনুমান চালিছা পাঠ কৰাৰ সময়ত আপোনাৰ মুখখন পূব বা দক্ষিণ দিশত থাকিব লাগে।

কিমান সময়ত হনুমান চালিছা পাঠ কৰিলে ভাল ফলাফল পাব?

হনুমান চলিছা পুৱা বা গধূলি পাঠ কৰিব পাৰি। কিন্তু ৰাতিপুৱা ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত আৰু ৰাতি শোৱাৰ আগতে হনুমান চালিছা পাঠ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।
মঙলবাৰ আৰু শনিবাৰে ৭ বাৰ হনুমান চলিছা পাঠ কৰিলে বিশেষ ফলাফল পোৱা যায় বুলি বিশ্বাস কৰা হয়।

হনুমান চালিছা কেতিয়া পাঠ কৰিব নালাগে?

সুতক কালত, মাংস আৰু মদ সেৱনৰ পিছত, আৰু গা নোধোৱাকৈ হনুমান চালিছা পাঠ কৰিব নালাগে। ইয়াৰ বাহিৰেও হনুমান চালিছাৰ পাঠ কৰাৰ সময়ত মনলৈ নেতিবাচকতা আনিলে সম্পূৰ্ণ বুলি গণ্য কৰা নহয়।

বাৰে বাৰে কাহ হোৱাটো কি ৰোগৰ লক্ষণ? জানক
মাত্ৰ এটা শব্দই আপোনাক দিব দুখ-যন্ত্ৰণাৰ পৰা মুক্তি, ক'লে প্ৰেমানন্দ মহাৰাজে...
শাওনৰ তৃতীয়টো সোমবাৰে কৰক এই প্ৰতিকাৰ, লাভ কৰিব মহাদেৱৰ বিশেষ কৃপা
ভাৰতৰ কিমান বিমানবন্দৰ এতিয়া আদানী গ্ৰুপৰ নিয়ন্ত্ৰণত?