Vrishabh Rashi 2026: বৃষ ৰাশিৰ বাবে কেনে হ’ব নতুন বছৰ? কেৰিয়াৰৰ পৰা সম্পৰ্কলৈ, জানক সকলো…
Vrishabh Rashifal 2026: ২০২৬ চনটোৰ বাবে মানুহৰ বহু আশা আছে। পিছে প্ৰশ্ন হয়, জ্যোতিষ শাস্ত্ৰ অনুসৰি, আহিবলগীয়া বছৰটি আপোনাৰ কেনে যাব? বৃষ ৰাশিৰ লোকসকলৰ বাবে আহিবলগীয়া বছৰটিত কি ভাল কি বেয়া?

বৃষ ৰাশি
বৃষ ৰাশিৰ লোকে স্থিৰতা আৰু ইতিবাচক পৰিবৰ্তনৰ সহায়ত ২০২৬ চনটোত প্ৰৱেশ কৰিব। দেৱগুৰু বৃহস্পতি মিথুন ৰাশিত পশ্চাদগম হ’ব। এনে অৱস্থাত আপুনি খৰচ, কথা-বতৰা আৰু নিজৰ মূল্যবোধৰ ওপৰত আধাৰিত সিদ্ধান্তবোৰ আকৌ এবাৰ ভাবি চাবলৈ প্ৰেৰণা লাভ কৰিব। যেতিয়া বৃহস্পতি কৰ্কট আৰু পিছলৈ সিংহ ৰাশিত প্ৰৱেশ কৰিব তেতিয়া আৱেগিক ভাৰসাম্য আৰু সৃষ্টিশীল প্ৰকাশে আপোনাৰ পথ পৰিচালিত কৰিব। মংগল গোটেই বছৰটো সক্ৰিয় থাকিব। সময়ে সময়ে নতুন শক্তি লাভ কৰিব।
কেৰিয়াৰ
মাৰ্চ মাহত বৃহস্পতি প্ৰত্যক্ষ হ’লে কেৰিয়ালে গতি লাভ কৰিব। প্ৰথম মাহত কাম অলপ লেহেমীয়া হ’ব পাৰে, কিন্তু সোনকালে গতি লাভ কৰিব। জুন মাহত বৃহস্পতিৰ কৰ্কটলৈ আহিব, যাৰ ফলত দলীয় কাম , নেতৃত্ব দিয়াৰ আদিৰ ক্ষেত্ৰত সুযোগ লাভ কৰিব। কামৰ প্ৰশংসা লাভ কৰিব।
মীন ৰাশিত শনিয়ে আপোনাৰ কেৰিয়াৰলৈ গাঁথনি আৰু অনুশাসন আনিব। দীৰ্ঘদিনৰ লক্ষ্যক শক্তিশালী কৰি ৰাখিব। অক্টোবৰত বৃহস্পতি সিংহ ৰাশিত প্ৰৱেশ কৰিব। এনে অৱস্থাত সৃষ্টিশীল ক্ষেত্ৰ, ব্যৱসায়, আৰু পদোন্নতি বিচৰাসকলে ভাল ফল লাভ কৰিব। জুনৰ শেষ মংগলে বৃষত প্ৰৱেশ কৰিব, যাৰ ফলত উচ্চাকাংক্ষা বৃদ্ধি পাব পাৰে। এনে অৱস্থাত কোনো নতুন কামৰ আৰম্ভণি কৰিব পাৰে।
আৰ্থিক অৱস্থা
বছৰৰ প্ৰথম অৱস্থাত বৃহস্পতি বক্ৰী থাকিব, যাৰ বাবে খৰচ আৰু বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হোৱা দৰকাৰ। মাৰ্চৰ পাছত পৰিস্থিতি কিছু ভাল হ’ব। কৰ্কটত বৃহস্পতিৰ প্ৰৱেশে সম্পত্তি, পৰিয়াল সম্পৰ্কীয় কাম-কাজ, যোগাযোগ ভিত্তিক কামৰ পৰা আয় বৃদ্ধি কৰিব পাৰে। জুলাই মাহৰ শেষৰ পৰা শনিৰ পশ্চাদগুৰি গতি হ’ব। ইয়াৰ ফলত আৰ্থিক সমস্যা আহিব পাৰে। গতিকে পৰিকল্পনা কৰা দৰকাৰ। অক্টোবৰত বৃহস্পতি সিংহ ৰাশিত প্ৰৱেশ কৰিলে সৃষ্টিশীল কাম, ব্যৱসায়, আৰু নতুন ধাৰণা আদিৰ পৰা আয় বৃদ্ধি কৰিব। বছৰটো ধৈৰ্য ধৰা দৰকাৰ, ইয়াৰ ফলত উন্নতি হ’ব।
স্বাস্থ্য
প্ৰথম মাহত মানসিক চাপ, সিদ্ধান্ত লোৱাত সমস্যা আহিব পাৰে। বৃহস্পতি কৰ্কটত প্ৰৱেশ কৰিলে আৱেগিকভাৱে শক্তিশালী হ’ব। জুন মাহত বৃষত মংগলৰ প্ৰৱেশে শক্তি বৃদ্ধি কৰিব। এই শক্তিৰ সঠিক ব্যৱহাৰ নকৰিলে খিংখিঙীয়া হ’ব পাৰে।মীন ৰাশিত শনিয়ে ধ্যান, শিথিলতা, শান্ত ৰুটিনে আপোনাৰ বাবে লাভ আনিব। নিয়মীয়া আৰু ভাল জীৱনশৈলীয়ে স্বাস্থ্য সুস্থ কৰি ৰাখিব।
পাৰিবাৰিক সম্পৰ্ক
জুনৰ পাছত বৃহস্পতি কৰ্কটত প্ৰৱেশ কৰিব। এনে অৱস্থাত পৰিয়াল আৰু আৱেগিক সম্পৰ্ক ভাল হ’ব পাৰে। সম্পৰ্কবোৰ বিশ্বাসযোগ্য অনুভৱ কৰিব। বছৰৰ মাজৰ সময়খিনি সম্পৰ্কৰ বাবে ভাল। কেতিয়াবা মংগলৰ প্ৰভাৱে আৱেগক অধিক তীব্ৰ কৰি তুলিব, কিন্তু এই ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰা দৰকাৰ। শনিয়ে দয়া, বুজাবুজি আৰু ধৈৰ্য প্ৰদান কৰিব। যাৰ বাবে ভুল বুজাবুজি নোহোৱা হ’ব। বছৰৰ শেষলৈকে সম্পৰ্কবোৰে শক্তিশালী, স্থিৰতা লাভ কৰিব। মানসিক শান্তি পাব।
শিক্ষা
মাৰ্চৰ পৰা শিক্ষাৰ ক্ষেত্ৰত এটা গতি বৃদ্ধি পাব। একাগ্ৰতা বৃদ্ধি পাব ইয়াৰ ফলত ভাল পৰিণাম লাভ কৰিব। যোগাযোগ, ব্যৱসায় আৰু সৃষ্টিশীল বিষয়ত উন্নতিৰ যোগ আছে। কৰ্কটত বৃহস্পতি থাকিলে অৰ্থপূৰ্ণ শিক্ষণৰ প্ৰসাৰ ঘটাব। অক্টোবৰ মাহত সিংহ ৰাশিত প্ৰৱেশ কৰিলে আত্মবিশ্বাস, প্ৰদৰ্শন, প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। শনিয়ে গোটেই বছৰটো অনুশাসন বজাই সহায় কৰিব।
ভাল ভৱিষ্যতৰ বাবে কি কৰিব?
- দৈনিক ওম শ্ৰীম মহালক্ষ্ম্যই নমঃ জপ কৰক
- শুকুৰবাৰে দেৱী দুৰ্গাক বগা ফুল আগবঢ়াওক
- আপোনাৰ অধ্যয়ন বা কৰ্মক্ষেত্ৰ পৰিষ্কাৰ কৰি ৰাখক
- শনিবাৰে খাদ্য বা কাপোৰ দান কৰক
- অধিক জানিবলৈ জ্যোতিষীৰ পৰামৰ্শ ল’ব পাৰে।
(ওপৰোক্ত লেখাটো জ্যোতিষ শাস্ত্ৰৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)
অন্য খবৰ পঢ়কঃ লাভ কৰিব সফলতা, হ’ব আৰ্থিক উন্নতি! মাত্ৰ নতুন বছৰৰ পূৰ্বে ঘৰলৈ আনক এইসমূহ সামগ্ৰী…