ঘৰত ভুলতো ৰোপণ নকৰিব এই ৫ বিধ উদ্ভিদ! আহিব দুৰ্দশা, হ’ব ধনৰ সমস্যা, জানক সকলো…

Inauspicious Plants: কিছুমান এনে গছ আছে যিবোৰ ঘৰত ৰুব নালাগে। বাস্তু শাস্ত্ৰ অনুসৰি, এনে গছ ৰুৱা অশুভ। ই পৰিয়াললৈ দুৰ্দশা আৰু বিভিন্ন সংকট আনিব পাৰে। আনকি আৰ্থিক সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

ঘৰত ভুলতো ৰোপণ নকৰিব এই ৫ বিধ উদ্ভিদ! আহিব দুৰ্দশা, হব ধনৰ সমস্যা, জানক সকলো...

গছ

Published: 

18 Dec 2025 13:53 PM

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰক (Vastu Tips) বিশেষ গুৰুত্ব দিয়া হয়। বাস্তু আমাৰ ঘৰটোক গুৰুত্বপূৰ্ণ স্থান বুলি কোৱা হয়। ঘৰটো সুন্দৰ কৰি ৰাখিবলৈ মানুহে বিভিন্ন ধৰণৰ গছ-গছনি ৰোপন কৰে। বাস্তুৰ মতে, গছে অক্সিজেনৰ যোগান ধৰাৰ লগতে ঘৰৰ ইতিবাচক শক্তিৰ প্ৰবাহ বজাই ৰাখে। মানি প্লান্ট, তুলসী আদি গছ ৰুলে ঘৰৰ শ্ৰীবৃদ্ধি হয়। কিন্তু কিছুমান উদ্ভিদে বাস্তু দোষৰ সৃষ্টি কৰে। বিশেষকৈ ৫ বিধ গছ যদি আপুনি ৰুৱে তেন্তে বিভিন্ন সমস্যা আহিব পাৰে।

কিছুমান গছ ৰুৱাৰ ফলত আৰ্থিক সমস্যা বৃদ্ধি পায়। পৰিয়ালৰ মাজত অশান্তি বৃদ্ধি পাই আৰু সুখ-শান্তি নোহোৱা হয়। গতিকে ঘৰত কি কি গছ ৰুব নালাগে সেয়া তলত উল্লেখ কৰা হ’ল।

৫ বিধ গছ

কেকটাছঃ কেকটাছ বা যিকোনো কাইটীয়া গছ ঘৰত ৰোপন কৰিব নালাগে। ইয়াৰ ফলত নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পাই আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত কাজিয়া হ’ব পাৰে। ঘৰৰ ভিতৰতো এনে গছ ৰাখিব নালাগে।

আহতঃ হিন্দু ধৰ্মত আহত গছক অতি বিশেষ বুলি গণ্য কৰা হয়। কোৱা হয়, আহতত দেৱতাই বাস কৰে। ইয়াৰ পূজা কৰা হয় যদিও এই গছ ঘৰৰ সীমাৰ ভিতৰত ৰুব নালাগে। এয়া অশুভ। শাস্ত্ৰ মতে, আহত ঘৰৰ সীমাৰ ভিতৰত ৰুলে দৰিদ্ৰতা আহে। কেতিয়াবা যদি নিজে নিজে এই গছ হয় তেন্তে আঁতৰাই দিব লাগে।

জেতুকাঃ বহুতৰ ঘৰত জেতুকাৰ গছ থাকে আৰু এয়া সাধাৰণ কথা। কিন্তু বাস্তু মতে ইয়াক ঋণাত্মক শক্তি বাস কৰে। ইয়াৰ সুগন্ধিয়ে ঘৰৰ শান্তি আৰু সমৃদ্ধিত প্ৰভাৱ পেলায়।গতিকে এনে গছ সদায় ঘৰৰ বাহিৰত ৰুব লাগে।

বনছাইঃ বনছাইৰ প্ৰাকৃতিক বৃদ্ধি কৃত্ৰিমভাৱে স্তব্ধ হৈ পৰে। বাস্তু শাস্ত্ৰৰ মতে, যি উদ্ভিদে উচ্চতা লাভ নকৰে সেই উদ্ভিদে পৰিয়াললৈ উন্নতিত বাধা আনে। এনে গছ ৰুলে ব্যৱসায়ত সমস্যা আহিব পাৰে। আৰ্থিক সংকট আহিব পাৰে।

শুকান উদ্ভিদঃ ঘৰৰ গছ-গছনি সদায় যত্ন কৰি ৰাখিব লাগে। বাস্তু মতে, মৰহি যোৱা গছে ঘৰৰ শান্তিত বাধা দিয়ে। ইয়াৰোপৰি ই দুৰ্ভাগ্যৰ প্ৰতীক। গতিকে মৰা আৰু শুকান গছবোৰ তৎক্ষণাত ঘৰৰ পৰা আঁতৰাই পেলাব লাগে।

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ হ’ব সৰ্বনাশ, আহিব দৰিদ্ৰতা! ঘৰৰ মুখ্য দুৱাৰত নাৰাখিব এই ৫টা বস্তু, জানক সকলো….

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী