শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Today’s Rashifal: আজিৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ দিন…

Today's Horoscope: হিন্দু ধৰ্ম অনুসৰি ৰাশিফল ১২ টা। আজি কিছু ৰাশিৰ লোকৰ আৰ্থিক উন্নতিৰ যোগ আছে। ইফালে কিছুমানৰ চাকৰিত পদোন্নতিৰ যোগ আছে।

Today’s Rashifal: আজিৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ দিন…
ৰাশিফলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 07 Nov 2025 06:00 AM

আজি ৬ অক্টোবৰ শুকুৰবাৰ। আজিৰ দিনটোৰ ৰাশিফল-

মেঘ ৰাশিঃ আজিৰ দিনটোত আপুনি নিজৰ আবেগত গুৰুত্ব দিয়া প্ৰয়োজন। ঘৰলৈ সুখ আহিব। দাম্পত্য জীৱন সুখময় হ’ব। কাজিয়াৰ পৰা আঁতৰি থাকিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। স্বাস্থ্য ভাল হ’ব। চাকৰিয়ালসকলৰ বাবে দিনটো ভাল।হাতলৈ ধন আহিব পাৰে।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণ হ’ব। কোনো ব্যৱসায়ৰ কামত ঘৰৰ পৰা বাহিৰলৈ যাব লাগিব পাৰে। কথা কওতে সাৱধান হোৱা ভাল। অন্যথা ভুল বুজা বুজি হোৱাৰ সম্ভাৱনা আছে। বিবাহৰ যোগ আছে। স্বাস্থ্যত গুৰুত্ব দিব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। কোনো সপোন পূৰণ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত সফলকা লাভ কৰিব। শিক্ষাৰ্থীসকলে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভালে যাব। সংগীৰ সৈতে ভাল সময় কটাব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। পুৱাৰ সময়খিনি বেছি ভাল। সন্ধিয়া কামত কোনো বাধা আহিবা পাৰে। কোনো জৰুৰী কামৰ ক্ষেত্ৰত বিশিষ্ট ব্যক্তিক লগ পাব পাৰে। পিতৃ-মাতৃৰ আশীৰ্বাদত ভাল ফল পাব পাৰে। চৰকাৰী চাকৰিয়ালসকলৰ বাবে দিনটো ভাল।

সিংহ ৰাশিঃ আজি আপোনাৰ বাবে দিনটো ভাল। বিদেশত অধ্যয়ন কৰিব বিচৰা শিক্ষাৰ্থীসকলে ভাল খবৰ লাভ কৰিব। ধনৰ লেনদেন কৰাত সাৱধান হ’ব। অন্যথা লোকচান হোৱাৰ সম্ভাৱনা আছে। ধাৰলৈ ধন লোৱাৰ পৰা বিৰত থাকক। স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। দীৰ্ঘদিন ধৰি বিচাৰি থকা কোনো শুভ খবৰ লাভ কৰিব। আইনী দিশত সফলতা লাভ কৰিব। দাম্পত্য জীৱন ভাল হ’ব। সংগীৰ সহায় লাভ কৰিব। ভ্ৰমণৰ যোগ আছে। স্বাস্থ্য ভালে যাব।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। কোনো বিশিষ্ট ব্যক্তিক লগ পাব পাৰে। যি ভৱিষ্যতৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। কামৰ বাবে ভ্ৰমণত যাব পাৰে। কথা কওতে সাৱধান হ’ব। সম্পৰ্কত সমস্যা আহিব পাৰে।

বৃশ্চিক ৰাশিঃ আজি আপুনি মনে বিচৰা ফল লাভ কৰিব পাৰে। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় নতুন স্থানত স্থানান্ত হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়াল সকলে আজি জ্যেষ্ঠজনৰ প্ৰশংসা লাভ কৰিব। সংগীৰ সৈতে ভাল। স্বাস্থ্য ভালে যাব।

ধনু ৰাশিঃ ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে আজিৰ দিনটো ভাল। ৰাজনীতিত উন্নতিৰ যোগ আছে। সমাজত মান-সন্মান বৃদ্ধি পাব। কোনো পুৰণি বন্ধক লগ পাব পাৰে। কামত গুৰুত্ব দিয়া দৰকাৰ। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। চাকৰি বিচাৰ থকাসকলে পৰিশ্ৰম কৰা প্ৰয়োজন। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। ব্যৱসায়ত কোনো নতুন সুযোগ লাভ কৰিব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত সংগীৰ সহায় লাভ কৰিব। প্ৰেমত শুভ।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ঘৰত আৰু কৰ্মস্থলী সকলোতে প্ৰশংসা লাভ কৰিব। সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে। চাকৰিত পদোন্নতিৰ যোগ আছে। অফিচত জ্যেষ্ঠজনে কামৰ প্ৰশংসা কৰিব পাৰে। প্ৰেমত শুভ। স্বাস্থ্য ভাল যাব।

মীন ৰাশিঃ সাহিত্যৰ লগত জড়িত লোকসকলে সফলতা লাভ কৰিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। ধৰ্মীয় কোনো কামত অংশগ্ৰহণ কৰিব পাৰে। সন্মান লাভ কৰিব। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। দিনটো ভাল যাব।