Lakshmi puja: লক্ষ্মী পূজাৰ দিনা ভুলতো দান নকৰিব এইসমূহ সামগ্ৰী! হ’ব ধনৰ সমস্যা…

Lakshmi puja: প্ৰতি বছৰে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মী পূজা পালন কৰা হয়। এই পূজাক কজাগৰী লক্ষ্মী পূজা বুলিও কোৱা হয়। সংস্কৃতত, কঃ অৰ্থাৎ কে আৰু জগৰী শব্দবোৰৰ অৰ্থ হৈছে সাৰে থকা । লক্ষ্মী পূজাৰ সময়ত গোটেই ৰাতি সাৰে থকাটো প্ৰচলিত, সেয়েহে এই তিথিক কজাগৰীও বুলি কোৱা হয়।

Lakshmi puja: লক্ষ্মী পূজাৰ দিনা ভুলতো দান নকৰিব এইসমূহ সামগ্ৰী! হব ধনৰ সমস্যা...

লক্ষ্মী পূজা

Published: 

16 Oct 2024 | 10:28 AM

আজি লক্ষ্মী পূজা। প্ৰতি বছৰে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মী পূজা পালন কৰা হয়। এই পূজাক কজাগৰী লক্ষ্মী পূজা বুলিও কোৱা হয়। সংস্কৃতত, কঃ অৰ্থাৎ কে আৰু জগৰী শব্দবোৰৰ অৰ্থ হৈছে সাৰে থকা । লক্ষ্মী পূজাৰ সময়ত গোটেই ৰাতি সাৰে থকাটো প্ৰচলিত, সেয়েহে এই তিথিক কজাগৰীও বুলি কোৱা হয়। ঠাই ভেদে লক্ষ্মী পূজাৰ নিয়ম বেলেগ বেলেগ। সাধৱা মহিলাসকলে এই দিনটো লক্ষ্মীক পূজা কৰি আশীৰ্বাদ বিচাৰে।  হিন্দুসকলৰ ত্ৰিদেৱীৰসমূহৰ অন্যতম ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী লক্ষ্মী।

লক্ষ্মী পূজাৰ কিছুমান বিশেষ নিময় থাকে। আহিন মাহৰ পূৰ্ণিমা হিন্দুসকলে অতি শুভ বুলি বিশ্বাস কৰে। কোৱা হয়, এই দিনটোত সঁচা অন্তৰৰে ভগৱানৰ পূজা কৰিলে শুভ ফল পোৱা যায়। এই দিনটোত লক্ষ্মী পূজা কৰাৰ লগতে বিষ্ণু পূজা আৰু চন্দ্ৰ দেৱতাৰ পূজা কৰাও ভাল বুলি কোৱা হয়। এই দিনটোত কিছু বস্তু দান কৰা ভাল আৰু কিছু বস্তু দান কৰিব নালাগে বুলি কোৱা হয়।

শুভ সময়

এইবাৰ আহিনৰ পূৰ্ণিমা তিথি ১৬ অক্টোবৰৰ নিশা ৮ বাজি ৪১ মিনিটৰ পৰা আৰম্ভ হৈ ১৭ অক্টোবৰৰ সন্ধিয়া ৪ বাজি ৫৩ মিনিটত শেষ হ’ব। যাৰ বাবে লক্ষ্মী পূজা ১৬ অক্টোবৰত পালন কৰা হ’ব।

আহিনৰ পূৰ্ণিমাৰ মহত্ব

ধৰ্মীয় বিশ্বাস অনুসৰি শাৰদ পূৰ্ণিমাৰ উৎসৱ শাৰদীয় নৱৰাত্ৰিৰ অন্ত পৰাৰ পিছত পৰে। এই দিনটো হিন্দু পঞ্জিকাৰ আটাইতকৈ ফলপ্ৰসূ আৰু শুভ দিন বুলি গণ্য কৰা হয়। আজিৰ দিনটোতে ভক্তসকলে পূজা কৰিলে ফল পাই বুলি মান্যতা আছে।

কি দান কৰিব লাগে আৰু কি নালাগে

আহিনৰ পূৰ্ণিমাৰ দিনা কিছুমান বস্তু দান কৰা ভাল। দৰিদ্ৰক বস্ত্ৰ, অন্ন দান কৰিলে ভক্তই শুভ ফল লাভ কৰে বুলি কোৱা হয়। এই দিনটোত পায়খ বনাই চন্দ্ৰৰ পোহৰত ৰাখি পিছত খোৱাতো ভাল বুলি কোৱা হয়। এই দিনটোত পায়খ, গুড় আদিও দান কৰা ভাল।

কিন্তু এই দিনটোত কিছুমান বস্তু দান কৰা বেয়া। এই দিনটোত নিমখ দান কৰিব নালাগে। হিন্দু ধৰ্মত নিমখক নেতিবাচক শক্তিৰ প্ৰতীক বুলি গন্য কৰা হয়। গতিকে এই দিনটোত নিমখ দান কৰিলে সমস্যাৰ সৃষ্টি হয়। এই দিনটোত দৈ দান কৰিব নালাগে। এই দিনটোত দৈ দান কৰিলে জীৱনত সমস্যাৰ সৃষ্টি হয় বুলি কোৱা হয়।

 

(স্পষ্টীকৰণঃ ওপৰোক্ত লিখনিটো ধৰ্মীয় মান্যতা আৰু জনবিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ লগত টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই বা ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...