Rongali Bihu: গৰু বিহুৰ দিনা নাহৰৰ পাতত লিখে গোপন মন্ত্ৰ, এই মন্ত্ৰৰ আঁৰৰ কাৰণ কি?

এই দিনটোত বিভিন্ন ধৰণৰ পৰম্পৰা মানি চলে অসমীয়া ৰাইজে। এই দিনটোত নাহৰৰ পাতত এটি বিশেষ মন্ত্ৰ লিখা হয়। নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত লগোৱা গৰু বিহুৰ এটা উল্লেখযোগ্য প্ৰথা। এই মন্ত্ৰৰ আঁৰতো আছে এটা কাৰণ। জানক সবিশেষ...

Rongali Bihu: গৰু বিহুৰ দিনা নাহৰৰ পাতত লিখে গোপন মন্ত্ৰ, এই মন্ত্ৰৰ আঁৰৰ কাৰণ কি?

গৰু বিহুৰ দিনা কিয় লিখে নাহৰৰ পাতত গোপন মন্ত্ৰ

Updated On: 

13 Apr 2025 | 08:49 PM

বিহু অসমৰ জাতীয় উৎসৱ। ব’হাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়। চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে।

এই দিনটোত বিভিন্ন ধৰণৰ পৰম্পৰা মানি চলে অসমীয়া ৰাইজে। এই দিনটোত নাহৰৰ পাতত এটি বিশেষ মন্ত্ৰ লিখা হয়। নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত লগোৱা গৰু বিহুৰ এটা উল্লেখযোগ্য প্ৰথা। এই মন্ত্ৰৰ আঁৰতো আছে এটা কাৰণ। জনবিশ্বাস অনুসৰি এনে কৰিলে ধুমুহা, বা-মাৰলিৰ পৰা ঘৰখন ৰক্ষা পৰে। ভগৱান শিৱলৈ প্ৰাৰ্থনা জনাই নাহৰ পাতৰ বিপৰীত অংশত এনেদৰে লিখা হয়,

“দেৱ দেৱ মহাদেৱ নীলকণ্ঠ জটাধৰ
বাতবৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে।
জৈমুণীচ সুমতিশ্চ বৈশমপাৱণ মেবচ
পুলণ্ড্ৰী পুলহচৈৱ পঞ্চতে বজ্ৰ বাৰণাৎ ।।”

সন্ধিয়া পথাৰৰ পৰা ঘৰৰ গৰু ঘূৰি অহাৰ পাছতেই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। অসমবাসীৰ মাজত ইয়াক ‘জাগ দিয়া’ বুলি কোৱা হয়। প্ৰবাদ আছে যে, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে। অসমৰ ভালেকেইখন ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনোধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। কোনো কোনো ঠাইত পিঠাগুৰি খুন্দি গৰুক খুৱাবলৈ পিঠা তৈয়াৰ কৰাৰ প্ৰথাও প্ৰচলিত আছে।

গৰুক নতুন পঘা দিয়া গৰু বিহুৰ এক উল্লেখযোগ্য নিয়ম। বিশেষকৈ এই পঘা মৰাপাটেৰে তৈয়াৰ কৰা হয়। মৰাপাটৰ প্ৰতিটো পাকৰ মাজে মাজে ‘তৰাগছ’ৰ বাকলি খাজি এই পঘা সাজি উলিওৱা হয়। তাত হালধিৰে মিহি প্ৰলেপ সানি গৰু বিহুৰ দিনাই গৰুক নতুন পঘাৰে আদৰণি জনোৱা হয়।

জিভাৰ ৰঙে দিব আপোনাৰ দেহত নীৰৱে বাঢ়ি অহা সমস্যাৰ সংকেত! জানিলে হ’ব পাৰিব সাৱধান
আহিব দুখ-দুৰ্দশা! ঘৰৰ সন্মুখত নাৰাখিব এই বস্তু...
হ'ব সমস্যা! ভুলতো ব্যৱহাৰ নকৰিব মৃতকৰ এই ৫ বস্তু...
মৃত্যুৰ কিমান দিন পিছত আত্মাই নতুন শৰীৰত প্ৰৱেশ কৰে? জানক...
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...