লাভ কৰিব সফলতা, হ’ব আৰ্থিক উন্নতি! মাত্ৰ নতুন বছৰৰ পূৰ্বে ঘৰলৈ আনক এইসমূহ সামগ্ৰী…
কোনে নিবিচাৰে সফলতা। আশা আৰু সম্ভাৱনাৰ মাজেৰে সকলোৱে নতুন বছৰক আদৰিবলৈ ৰৈ আছে। এই বছৰটি জ্যোতিষ শাস্ত্ৰৰ পৰা অতি বিশেষ। মান্যতা অনুসৰি এই সময়ত ঘৰত কিছুমান বস্তু ৰাখিলে সুফল লাভ কৰিব।

ঘৰ
জ্যোতিষ শাস্ত্ৰ মতে, ২০২৬ বৰ্ষটি (New Year 2026) অতি বিশেষ। অংক শাস্ত্ৰ অনুসৰি, এই নতুন বছৰটি সূৰ্য দেৱৰ। উল্লেখ্য যে, প্ৰতিবছৰ গণনা অংকজ্যোতিষৰ মতে হয় আৰু তাৰ আধাৰত বুজা হয় যে সেই বছৰত কোন গ্ৰহ বেছি সক্ৰিয় হ’ব। যেতিয়া ২০২৬ ৰ যোগ উলিওৱা হয় (২+০+২+৬=১০ বা ১+০=১), অৰ্থাৎ সম্পূৰ্ণ মূলাংক ১। অংক জ্যোতিষত মূলাংক ১ সূৰ্যৰ বুলি কোৱা হয়।
বৈদিক মান্যতা অনুসৰি, সূৰ্য আত্মবিশ্বাস, সন্মান, নেতৃত্ব, শক্তি আৰু নতুন আৰম্ভণিৰ প্ৰতীক। গতিকে এই বৰ্ষটি মূলাংক ১ৰ লগত জড়িতসকলে সফলতা,উন্নতি,মান-সন্মান বৃদ্ধি পাব। ব্যক্তিৰ জন্ম তাৰিখটো যোগ কৰিলে যি একক সংখ্যা ওলাই তাক মূলাংক বুলি ধৰা হয়।
মান্যতা অনুসৰি, নতুন বছৰত সূৰ্যৰ লগত জড়িত কিছুমান ঘৰত বস্তু ৰাখিলে আৰ্থিক উন্নতি হ’ব পাৰে। লগতে জীৱনত সফলতা, চাকৰিত পদোন্নতি, নতুন চাকৰি আদি লাভ কৰিব পাৰে।
নতুন বছৰত কি কি ঘৰলৈ আনিব?
তামৰ বাচনঃ সূৰ্যৰ সম্পৰ্ক তামৰ লগত আছে। গতিকে ঘৰত তামৰ বাচন, কলহ আদি আনিব পাৰে। এই বাচনত পানী পূৰ কৰিব ৰাখিব লাগে আৰু এই পানী সূৰ্যক আগবঢ়ালে ভাল ফল পোৱা যায়।
সূৰ্যৰ প্ৰতিমাঃ ঘৰৰ মন্দিৰত বা পূব দিশত উদয় হোৱা সূৰ্যৰ ফটো বা প্ৰতিমা থ’ব পাৰে। এনে কৰিলে নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব আৰু কামত সফলতা লাভ কৰিব।
ৰঙা ৰংঃ ৰঙা ৰং সূৰ্যৰ শক্তিৰ প্ৰতীক। গতিকে ৰঙা কাপোৰ, ৰঙা আসন, ৰঙা বস্তু ঘৰত ৰাখিলে আত্মবিশ্বাস বৃদ্ধি পাব আৰু প্ৰেৰণা লাভ কৰিব।
ফুলঃ সূৰ্য দেৱৰ ৰঙা পদুম, নাৰ্জি ফুল আদি প্ৰিয়। এনে ফুল পূজাত ব্যৱহাৰ কৰিলে মান-সন্মান বৃদ্ধি পাব লগতে পদোন্নতি হোৱাৰ সম্ভাৱনা থাকে।
ঘড়ীঃ সূৰ্য সময় আৰু অনুশাসনৰ প্ৰতীক। গতিকে ঘৰত ভাল ঘড়ী আনিব পাৰে। ই জীৱনত স্থিৰতা প্ৰদান কৰাত সহায় কৰে।
(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)
অন্য খবৰ পঢ়কঃ বাঢ়িব অশান্তি, কামত আহিব বাধা! পাকঘৰত কেতিয়াও নকৰিব এই ভুল…