মাঘ বিহুতে শুভ সময়ৰ আগমন ঘটিব এই ৩ ৰাশিলৈ, আৰ্থিক অৱস্থা-কেৰিয়াৰ সকলোতে হ’ব উন্নতি

১৩ জানুৱাৰীত শুক্ৰ গ্ৰহে মকৰ ৰাশিত প্ৰৱেশ কৰিব। মাঘ বিহু তথা মকৰ সংক্ৰান্তিৰ আগে আগে শুক্ৰ গ্ৰহৰ এই অৱস্থান কিছু লোকৰ বাবে অত্যন্ত শুভ হ’ব। বিশেষকৈ ৩ ৰাশিৰ লোকে এই অৱস্থানৰ অধিক শুভ ফল লাভ কৰিব। চাওক এইবিষয়ে।

মাঘ বিহুতে শুভ সময়ৰ আগমন ঘটিব এই ৩ ৰাশিলৈ, আৰ্থিক অৱস্থা-কেৰিয়াৰ সকলোতে হ’ব উন্নতি

প্ৰতিনিধিত্বমূলক ছবি

Published: 

06 Jan 2026 | 01:41 PM

মাজত আৰু মাত্ৰ কেইটামান দিন, তাৰ পিছতে অসমবাসীয়ে উদযাপন কৰিব হেঁপাহৰ ভোগালী বা মাঘ বিহু। গাঁৱে-ভূঞে দেখা গৈছে ভোগালীক আদৰাৰ প্ৰস্তুতি। অসমত মাঘ বিহুৰ সময়তে উত্তৰ ভাৰতত পালন কৰা হ’ব মকৰ সংক্ৰান্তি উৎসৱ। উত্তৰ ভাৰতত এই উৎসৱৰ অত্যন্ত গুৰুত্ব আছে। এই দিনটোত ভগৱান সূৰ্যক উপাসনা কৰাৰ লগতে গুৰ, খিচিৰি আদি অৰ্পণ কৰা হয়। পঞ্জিকা অনুসৰি, আগন্তুক ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি পালন কৰা হ’ব আৰু ইয়াৰ ঠিক এদিন পূৰ্বে অৰ্থাৎ ১৩ জানুৱাৰীত শুক্ৰ গ্ৰহে মকৰ ৰাশিত প্ৰৱেশ কৰিব।

জ্যোতিষ শাস্ত্ৰ মতে গ্ৰহ-নক্ষত্ৰৰ গতি তথা অৱস্থানে যথেষ্ট গুৰুত্ব বহন কৰে। মানুহৰ জীৱনত গ্ৰহ-নক্ষত্ৰৰ গতিৰ স্পষ্ট প্ৰভাৱ পৰে বুলি কোৱা হয়। সেয়ে মকৰ সংক্ৰান্তিৰ আগে আগে শুক্ৰ গ্ৰহৰ অৱস্থানো কিছু লোকৰ বাবে অত্যন্ত শুভ হ’ব। বিশেষকৈ ৩ ৰাশিৰ লোকে এই অৱস্থানৰ অধিক শুভ ফল লাভ কৰিব। চাওক এইবিষয়ে-

বৃষ ৰাশি

মকৰ সংক্ৰান্তিৰ এই শুভ ক্ষণত শুক্ৰৰ ৰাশি পৰিৱৰ্তনে বৃষ ৰাশিৰ লোকসকলৰ বাবে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব। ব্যক্তিগত সম্পৰ্কত মধুৰতা আহিব আৰু জীৱনসংগীৰ সৈতে থকা প্ৰেমভাৱ বৃদ্ধি পাব। সম্পূৰ্ণ মনোযোগ আৰু পৰিশ্ৰমেৰে কৰা সকলো কামতে সফলতা লাভৰ প্রবল সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰতো পূৰ্বৰ তুলনাত উন্নতি দেখা যাব।

তুলা ৰাশি

তুলা ৰাশিৰ লোকসকলৰ বাবে শুক্ৰৰ এই অৱস্থান অতি শুভ। বিগত ২০২৫ চনত আপোনাৰ কোনো কাম বা সপোন আধৰুৱা হৈ আছিল যদি এতিয়া সেয়া পূৰণ হোৱাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি বিচাৰি আছে, তেওঁলোকে কোনো বন্ধুৰ সহযোগত নতুন কাম আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত হ’ব। স্বাস্থ্যৰ অৱস্থা ভালে থাকিব।

মীন ৰাশি

মীন ৰাশিৰ জাতকসকলৰ বাবে মকৰ সংক্ৰান্তিৰ সময়ছোৱা অতি ফলদায়ক হ’ব। আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সম্পত্তি বা পুৰণি বিনিয়োগৰ পৰা মুনাফা লাভৰ যোগ আছে। ঘৰৰ পুৰণি সমস্যাৰ পৰা সকাহ পাব। জীৱনসংগীৰ সৈতে সময় কটোৱাৰ সুযোগ বৃদ্ধি পাব। স্বাস্থ্যৰ বিষয়ত বিশেষ চিন্তাৰ কাৰণ নাই।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?