নতুন বছৰটো তুলা ৰাশিৰ বাবে শুভ হ’বনে? চাওক আৰ্থিক-কেৰিয়াৰ, প্ৰেম তথা স্বাস্থ্য সম্বন্ধীয় ভৱিষ্যদ্বাণী

জ্যোতিষ গণনা অনুসৰি, আগন্তুক বছৰটো তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে বৈচিত্ৰ্যপূৰ্ণ হৈ পৰিব। ২০২৬ চনত তুলা ৰাশিৰ লোকসকলে কেৰিয়াৰ, অৰ্থনীতি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব, চাওক।

নতুন বছৰটো তুলা ৰাশিৰ বাবে শুভ হ’বনে? চাওক আৰ্থিক-কেৰিয়াৰ, প্ৰেম তথা স্বাস্থ্য সম্বন্ধীয় ভৱিষ্যদ্বাণী

নতুন বছৰত তুলা ৰাশিৰ ৰাশিফল

Updated On: 

30 Dec 2025 13:15 PM

লাহে লাহে আগবাঢ়িছে সময়। তাৰ সমানে সকলোৰে মনত বৃদ্ধি পাইছে এক আনন্দ। কিয়নো আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে আগমন ঘটিব নতুন বৰ্ষ ২০২৬ চনৰ। নৱবৰ্ষক আদৰিবলৈ সকলোৱে কৰি আছে অপেক্ষা। অৱশ্যে এই নতুন বৰ্ষটি কিদৰে পাৰ, সেই লৈও সকলোৰে মনত এক উদ্বেগ নথকা নহয়। জ্যোতিষীসকলে ৰাশি অনুসাৰে আগন্তুক এই নতুন বৰ্ষটোৰ ৰাশিফল প্ৰকাশ কৰিছে। ৰাশিফল অনুসৰি কোনো ৰাশিৰ ক্ষেত্ৰত যদি অধিক শুভ ফল দেখা গৈছে, আন কিছু ৰাশিত আকৌ উত্থান-পতনৰ মাজেৰে সময় আগবঢ়াৰ ভৱিষ্যদ্বাণী কৰা হৈছে।

জ্যোতিষ গণনা অনুসৰি, আগন্তুক বছৰটো তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে বৈচিত্ৰ্যপূৰ্ণ হৈ পৰিব। ২০২৬ চনত তুলা ৰাশিৰ লোকসকলে কেৰিয়াৰ, অৰ্থনীতি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব, তাৰ থোৰতে তাৰ এক আভাস তলত দিয়া হ’ল-

আৰ্থিক দিশ

বছৰৰ আৰম্ভণিটো আৰ্থিকভাৱে সাধাৰণ হ’ব। বৰ্ষটোৰ আৰম্ভণিতে বৃহৎ আৰ্থিক লাভ দেখা নাপাব যদিও আৰ্থিক স্থিৰতা অটুট থাকিব। ব্যৱসায়িক লাভ বা বোনাছ লাভৰ সম্ভাৱনা আছে। বছৰৰ শেষৰ ফালে ৰিয়েল এষ্টেট আৰু শ্বেয়াৰ বজাৰত কৰা বিনিয়োগৰ পৰা ভাল ফল পাব পাৰে।

কেৰিয়াৰ

চাকৰিয়ালসকলৰ বাবে ২০২৬ চনটো স্থিৰ আৰু সফলতা প্ৰাপ্তিৰ বছৰ হ’ব। প্ৰথম কেইমাহমান কষ্টকৰ হ’লেও আপোনাৰ নিষ্ঠাৰ বাবে পদোন্নতি আৰু নতুন দায়িত্ব লাভৰ যোগ আছে। ব্যৱসায়ীসকলে বছৰৰ দ্বিতীয়াৰ্ধত ব্যৱসায় সম্প্ৰসাৰণ আৰু নতুন পুঁজি লাভৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকলে আৰম্ভণিতে একাগ্ৰতাৰ অভাৱত ভুগিব পাৰে যদিও বছৰৰ শেষৰ ফালে মনোযোগ ঘূৰি আহিব।

স্বাস্থ্য

স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটোত অলপো অসাৱধান নহ’ব। বিশেষকৈ নিজৰ লগতে সন্তানৰ স্বাস্থ্য আৰু মানসিক অৱস্থাৰ প্ৰতি চকু দিয়াটো জৰুৰী। সন্তানৰ সৈতে মুকলিকৈ কথা পাতক আৰু তেওঁলোকক গুণগত সময় দিয়ক যাতে তেওঁলোকৰ মনৰ ভাব বুজিবলৈ সহজ হয়।

প্ৰেম আৰু সম্পৰ্ক

দাম্পত্য জীৱনৰ বাবে এই বছৰটো অতি শুভ। সৰু-সুৰা মতানৈক্য হ’ব পাৰে যদিও আলোচনাৰ মাধ্যমেৰে সেয়া সমাধান হ’ব আৰু সম্পৰ্কত মধুৰতা বাঢ়িব। অবিবাহিত লোকসকলে ভৱিষ্যতৰ সঙ্গীৰ সাক্ষাৎ লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতকসকলে বছৰৰ আৰম্ভণিতে ধৈৰ্য ধৰা উচিত। কিছু অভিজ্ঞতাই বিশ্বাসৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আনিব পাৰে যদিও প্ৰকৃত সঙ্গী সন্দৰ্ভত স্পষ্ট ধাৰণা দিব।

পাৰিবাৰিক জীৱন

নতুন বৰ্ষৰ অধিক সময় আপোনাৰ ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ থাকিব। পৰিয়ালৰ সদস্যসকলৰ মাজৰ পুৰণি মতানৈক্যসমূহ লাহে লাহে সমাধান হ’বলৈ আৰম্ভ কৰিব। পত্নীগৃহৰ লোকৰ সৈতে সম্পৰ্কত যাতে বেয়া নহয়, তাৰ বাবে কিছু সাৱধানতা আৰু ধৈৰ্যৰ প্ৰয়োজন হ’ব।

এনে প্ৰকৃতিৰ লোকে লাভ কৰে নৰক যন্ত্ৰণা, জানক সকলো...
মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণ কিয় হয় ? ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় জানক
ফেটি লিভাৰ হ'লে কি কি খাদ্য খাব নালাগে? জানক...
শৰীৰত হিম'গ্ল'বিন কমিলে কোনবোৰ লক্ষণ দেখা যায়? জানক...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...