Kati Bihu: আজি কাতি বিহু, তুলসী তলৰ চাকি–আকাশ বন্তিৰে উজলিব অসম, শস্যৰ শ্ৰীবৃদ্ধি কামনা প্ৰতিজন অসমীয়াৰ
আজি কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। তুলসী তলৰ চাকিগছি আৰু আকাশ বন্তিৰে উদ্ভাসিত হ’ব সমগ্ৰ অসম। শস্যৰ শ্ৰীবৃদ্ধিৰ কামনা কৰিব প্ৰতিজন অসমীয়াই।

আজি কাতি বিহু
আজি কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া।
অসমীয়াৰ জাতীয় উৎসৱ বিহু পালন কৰিবলৈ সাজু অসমবাসী। এই সময়চোৱাত কৃষক ৰাইজৰ ভঁৰাল উদং হৈ থাকে। আপোন পথাৰখনত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে চহা কৃষকে। এই দিনটোতে সন্ধিয়া পৰত শস্যৰ সুৰক্ষা আৰু কৃষক ৰাইজৰ মংগল কামনা কৰি তুলসী তলত বন্তি জ্বলোৱা পৰম্পৰা আছে। কঙালীৰ আকাশ বন্তিৰ পোহৰেৰে উজলি উঠিব সমগ্ৰ অসম।
কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই গোটেই ঘৰখন পৰিষ্কাৰ–পৰিচ্ছন্ন কৰে। লোকবিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ-দুৱাৰ, চোতাল-পদূলি পৰিস্কাৰ হৈ থাকিলেহে লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে।
এই দিনটো জাতীয় জীৱনৰ বাবে এটা বিশেষ দিন। যদিও ৰঙালী আৰু ভোগালীৰ দৰে এই বিহুত ৰং-ৰহইচৰ প্ৰাধান্য নাই তথাপি কাতি বিহুৱে অসমীয়া সমাজত গ্ৰহণ কৰি আহিছে এক স্বকীয় ভূমিকা। এই বিহুৱে আমাৰ পৰম্পৰা, স্বকীয় কৃষ্টিৰ এক নিজস্ব পৰিচয় দাঙি ধৰে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ’লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।
এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। তুলসী তলৰ উপৰি চোতালৰ চাৰিওফালে, গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা গোহালি আদিৰ সন্মুখতো মাটিৰ চাকি জ্বলোৱা হয়। গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি ঔটেঙাৰ বাকলিও ব্যৱহাৰ কৰে। সকলোৱে মংগল কামনা কৰি লখিমী আদৰিবলৈ সাজু হয়।