Daily Horoscope: মঙলবাৰ দিনটোত আজি মঙ্গল হ’বনে আপোনাৰ? চাওক আজিৰ ৰাশিফলে কি কয়…
আজিৰ দিনটো কিছুমান ৰাশিৰ লোকৰ বাবে শুভ বিবেচিত হৈছে, আন কিছুমান ৰাশিৰ বাবে আকৌ কিছু অশুভও দেখা গৈছে। গতিকে আজিৰ ৰাশিফল মতে কোনকেইটা ৰাশিৰ বাবে দিনটো শুভ আৰু কোনকেইটা ৰাশিৰ বাবে অশুভ, চাওঁ আহক।

আজিৰ ৰাশিফল
আজি ২৩ ছেপ্টেম্বৰ, মঙলবাৰ। জ্যোতিষীসকলে গ্ৰহ নক্ষত্ৰৰ বিচাৰ বিবেচনা কৰি আন দিনসমূহৰ দৰে আজিৰ দিনটোৰো ৰাশিফল আগবঢ়াইছে। এই ৰাশিফল অনুসৰি যদিও আজিৰ দিনটো কিছুমান ৰাশিৰ লোকৰ বাবে শুভ বিবেচিত হৈছে, আন কিছুমান ৰাশিৰ বাবে আকৌ কিছু অশুভও দেখা গৈছে। গতিকে আজিৰ ৰাশিফল মতে কোনকেইটা ৰাশিৰ বাবে দিনটো শুভ আৰু কোনকেইটা ৰাশিৰ বাবে অশুভ, চাওঁ আহক-
মেষ ৰাশিৰ ৰাশিফল
আজি আপোনালোকৰ বাবে সুফল পোৱাৰ সম্ভাৱনা আছে। বাহিৰৰ কামৰ লগতে ঘৰুৱা কামৰ বাবেও সময় উলিয়াওক। পত্নীৰ লগত সামান্য মতভেদ হব পাৰে। সন্তানৰ আব্দাৰ পূৰণ কৰাৰ চেষ্টা কৰক। জ্যেষ্ঠ সদস্যৰ সহযোগত পূৰ্বপুৰুষৰ সম্পত্তি লাভ হ’ব পাৰে। খৰচ কমাওক।
বৃষ ৰাশিৰ ৰাশিফল
স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। বস্তুগত আৰাম বৃদ্ধি পাব। সন্তানক কামৰ বাবে বাহিৰলৈ পঠিয়াব লগা হ’ব পাৰে। বিৰোধীৰ পৰা সাৱধান হওক। মাতৃৰ দায়িত্ব সময়মতে পালন কৰিবলৈ সতৰ্ক থাকক।
মিথুন ৰাশিৰ ৰাশিফল
এলাহ ত্যাগ কৰিলে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। অহিত চিন্তক সকলে আপোনাক বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপোনাৰ পৰিশ্ৰমৰ ফলত পদোন্নতিৰ সুযোগ পাব। বহুমুখী ক্ষমতাৰ দ্বাৰা উপকৃত হ’ব। ধাৰ দিয়া ধন ঘূৰাই পাব পাৰে।
কৰ্কট ৰাশিৰ ৰাশিফল
দীৰ্ঘদিনীয়া আৰ্থিক চিন্তাৰ সমাধানৰ উপায় বিচাৰিব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব। খাদ্যাভ্যাসৰ ক্ষেত্ৰত সাৱধান হওক। ভাতৃ-ভগ্নীৰ পৰামৰ্শৰ দ্বাৰা উপকৃত হ’ব। নতুন ঘৰ বা সম্পত্তি ক্ৰয়ৰ পূৰ্বে সঠিক বিচাৰ-বিবেচনা কৰি সিদ্ধান্ত লওক।
সিংহ ৰাশিৰ ৰাশিফল
আধ্যাত্মিক কাৰ্যত সক্ৰিয়ভাৱে জড়িত হ’ব। সঠিক বিবেচনাৰে লোৱা সিদ্ধান্তই পৰিয়ালৰ সদস্যসকলক চমকিত কৰি তুলিব। সম্পত্তিৰ বিষয়ত আইনী সমস্যাৰ সন্মুখীন হ’ব পাৰে। শিক্ষাৰ বাবে বাহিৰত থকাসকলে পৰিশ্ৰম অব্যাহত ৰাখিলে সফলতা পাব। চাকৰি সলনিৰ পৰিকল্পনা সফল হ’ব পাৰে।
কন্যা ৰাশিৰ ৰাশিফল
পুৰণি ঋণ আছিল যদি পৰিশোধ কৰক। অযথা হোৱা খৰচৰ মাত্ৰা নিয়ন্ত্ৰণ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক। ব্যৱসায়ৰ ক্ষেত্ৰত বৃহৎ কোনো চুক্তিৰ ক্ষেত্ৰত সামান্য বাধা আহিব পাৰে। ৰাজনৈতিক প্ৰভাৱ বৃদ্ধি পাব। পত্নীৰ সৈতে মতভেদ হ’লে আলোচনাৰ দ্বাৰা সমাধান কৰক।
তুলা ৰাশিৰ ৰাশিফল
অংশীদাৰিত্বৰে কোনো কাম কৰিবলৈ পৰিকল্পনা কৰিব পাৰে। যিকোনো দিশতে নতুন প্ৰচেষ্টা সফল হ’ব। বন্ধুৰ সৈতে আনন্দপূৰ্ণ সময় কটোৱাৰ সুযোগ পাব। চাকৰিত নিয়োজিত পত্নীয়ে পদোন্নতি লাভ কৰিব পাৰে। ঘৰলৈ নতুন অতিথিৰ আগমনে আনন্দ কঢ়িয়াই আনিব। কামত কিছু উদ্বিগ্নতা বাঢ়িব পাৰে।
বৃশ্চিক ৰাশিৰ ৰাশিফল
সাৱধানতাৰে নতুন কাম হাতত লওক, অন্যথা অসুবিধাৰ সন্মুখীন হ’ব পাৰে। সিদ্ধান্ত গ্ৰহণৰ দক্ষতা বৃদ্ধি পাব। চাকৰিৰ সন্ধানত থকা ব্যক্তিয়ে ভাল সুযোগ লাভ কৰিব। ধৰ্মীয় কাম-কাজত মনোযোগ বাঢ়িক। সন্তানৰ বাবে চিন্তিত হ’ব পাৰে। পেটৰ সমস্যা সমাধানৰ বাবে খাদ্যৰ যত্ন লওক।
ধনু ৰাশিৰ ৰাশিফল
নতুন প্ৰচেষ্টাৰ দ্বাৰা লাভাৱান্বিত হ’ব। বিবাহিত জীৱনৰ সমস্যা সমাধান হ’ব। পিতৃ-মাতৃৰ পৰামৰ্শ মানি চলক। নতুন কোনো উদ্যোগ আৰম্ভ কৰাৰ সুযোগ পাব। সম্পত্তি বৃদ্ধি কৰিব পাৰিব আৰু ইয়াৰ বাবে আনন্দিত হ’ব। কোনো পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ’ব।
মকৰ ৰাশিৰ ৰাশিফল
মনৰ কোনো সুতীব্ৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। নতুন সম্পৰ্কৰ দ্বাৰা লাভৰ মুখ দেখিব। পূৰ্বৰে পৰা থকা সমস্যাৰ সমাধান হ’ব। অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। ব্যৱসায়ত কিছুমান অসুবিধা থাকিলেও অগ্ৰগতি লাভ কৰি। বন্ধু-বান্ধৱীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব।
কুম্ভ ৰাশিৰ ৰাশিফল
সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত সক্ৰিয়ভাৱে অংশ ল’ব। অহিত চিন্তকে আপোনাৰ ভাবমূৰ্তি কলঙ্কিত কৰিবলৈ চেষ্টা কৰিব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰত সাৱধানতা অবলম্বন কৰক। ধন ধাৰে নিদিব। ব্যৱসায়ত সাৱধানতা মানি চলক। নিজা আচৰণ সংযম কৰক।
মীন ৰাশিৰ ৰাশিফল
নতুন পৰিকল্পনা সফল হ’ব পাৰে। পৰিয়ালৰ সৈতে মধুৰ সময় কটাব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। বাণিজ্যত লাভৰ সম্ভাৱনা। নতুন বন্ধু বা সহকর্মীৰ সহযোগে লক্ষ্য পূৰণত সহায় কৰিব। স্বাস্থ্য ভালে থাকিব যদিও ভালদৰে যত্ন ল’ব লাগিব।