Ganesh Chaturthi 2025 Date: ২৬ নে ২৭ আগষ্ট? জানক গণেশ চতুৰ্থীৰ তাৰিখ, পূজাৰ শুভ সময় আদি সকলো…
Ganesh Chaturthi 2025 Date: হিন্দু ধৰ্মত গণেশ চতুৰ্থীৰ বিশেষ মহত্ব আছে। দেশৰ বিভিন্ন প্ৰান্তত ১০ দিনীয়া কাৰ্যসূচীৰে এই চতুৰ্থী পালন কৰা হয়। মূৰ্তি স্থাপনৰ দ্বাৰা আৰম্ভ হোৱা এই উৎসৱ বিসৰ্জনেৰে সমাপ্ত হয়।

গণেশ চতুৰ্থী কেতিয়া
প্ৰতিবছৰে ধুমধামেৰে গণেশ চতুৰ্থী পালন কৰা হয়। হিন্দু ধৰ্মত গণেশ চতুৰ্থীৰ মহত্ব অধিক। কোৱা হয় এই সময়চোৱাত গণেশৰ জন্ম হৈছিল। গতিকে মান্যতা আছে যে, এই সময়চোৱাত গণেশক পূজা কৰা যিকোনো নতুন কামৰ আৰম্ভণিৰ বাবে আটাইতকৈ পবিত্ৰ। বিশেষকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত গণেশ চতুৰ্থীৰ ডাঙৰকৈ পালন কৰা দেখা যায়। এই ৰাজ্যসমূহত ১০ দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হয়। গণেশৰ মূৰ্তি আদি বিভিন্ন জনে ঘৰ বা মন্দিৰত ৰাখে আৰু দশম দিনা অৰ্থাৎ অনন্ত চতুৰ্দশীত গণপতি বিসৰ্জন দিয়া হয়।
ধৰ্মীয় মান্যতা অনুসৰি, গণেশ চতুৰ্থীৰ সময়ত ঘৰত গণেশৰ মূৰ্তি স্থাপন কৰিলে জীৱনৰ সকলো বাধা দূৰ হয় আৰু অসম্পূৰ্ণ কাম সম্পূৰ্ণ হয়। কেইবাদিনো নীতি নিয়মেৰে পূজা কৰাৰ পাছত ১০ নম্বৰ দিনৰ দিনা নদী বা ডাঙৰ পুখুৰীত বিসৰ্জন দিয়া হয়।
গণেশ চতুৰ্থী কেতিয়া
হিন্দু পঞ্জিকা অনুসৰি, ২০২৫ চনৰ গণেশ চতুৰ্থী ২৭ আগষ্টত পালন কৰা হ’ব আৰু ১০ দিন ধৰি এই পূজা চলিব। তাৰ পাছত ৬ ছেপ্টেম্বৰত গণপতি বিসৰ্জন দিয়া হ’ব। গণেশ উৎসৱ অনন্ত চতুৰ্দশীৰ দিনা অন্ত পৰে।
শুভ সময়
২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব গণেশ চতুৰ্থী। এই দিনটোত গণেশ স্থাপনৰ বাবে দুপৰীয়াৰ সময়খিনি ভাল বুলি গণ্য কৰা হৈছে। এই সময়চোৱাত গণেশৰ জন্ম হৈছিল বুলি কোৱা হয়। এনে অৱস্থাত ২৭ আগষ্ট ২০২৫ তাৰিখে গণপতি স্থাপনৰ শুভ সময় ২৭ আগষ্টৰ পুৱা ১১:০৫ বজাৰ পৰা দুপৰীয়া ১:৪০ বজালৈ হ’ব।
বিসৰ্জনৰ সময়
গণপতি বিসৰ্জন ৬ ছেপ্টেম্বৰত হ’ব। বিসৰ্জনৰ শুভ সময়বোৰ হ’ল-
- পুৱা ৭.৩৬ বজাৰ পৰা পুৱা ৯.১০ বজালৈ
- দুপৰীয়া ১২.১৯ ৰ পৰা সন্ধিয়া ৫.০২ বজালৈ
- সন্ধিয়া ৬.৩৭ বজাৰ পৰা নিশা ৮.০২ বজালৈ
- নিশা ৯.২৮ বজাৰ পৰা ১.৪৫ (৭ছেপ্টেম্বৰ পৰিব)বজালৈ।
(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাস আৰু মান্যতাৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। টিভি৯ অসমে এই কথা নিশ্চিত কৰা নাই।)
অন্য খবৰ পঢ়কঃ গণেশ চতুৰ্থীত ভাল দিন আহিব এই ৰাশিৰ লোকলৈ…