21 AUG 2025
TV9 ASSAM
এইবাৰ ২৭ আগষ্টত গণেশ চতুৰ্থী পালন কৰা হ'ব। ইয়াৰোপৰি বিসৰ্জন হব ৮ ছেপ্টেম্বৰত। দেশৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে ১০ দিন পৰ্যন্ত গণেশ চতুৰ্থী পালন কৰা হ'ব।
এইবাৰ গণেশ চতুৰ্থীৰ শুভ সময় ২৭ আগষ্টৰ পুৱা ১১.০৫ বজাৰ পৰা দুপৰীয়া ০১.৪০ বজালৈ। এইখিনি সময়ত মূৰ্তি স্থাপন কৰিব পাৰে।
মান্যতা অনুসৰি, এই সময়ত গণেশৰ পূজা কৰিলে মনৰ আশা পূৰণ হয়। গণেশৰ জন্মতিথি হিচাপে এই চতুৰ্থী পালন কৰা হয়। জ্যোতিষ শাস্ত্ৰৰ মতে, এইবাৰ গণেশ চতুৰ্থী অতি বিশেষ।
গণেশ চতুৰ্থীত সৰ্বাৰ্থসিদ্ধি যোগ, ৰবি যোগ, ব্ৰহ্ম যোগ, ইন্দ্ৰ যোগ, পুষ্কৰ যোগ, প্ৰীতি যোগ গঠন হ'ব। ইয়াৰোপৰি এই সময়ত বুধ সিংহ ৰাশিত থাকিব।
গণেশ চতুৰ্থীৰ শুভ সময়ত এই সংযোগবোৰে কিছুমান ৰাশিৰ জীৱনত ভাল প্ৰভাৱ পেলাব। এই সময়চোৱাত কিছুমান ৰাশিৰ ধন, সুখ-শান্তি বৃদ্ধি হ'ব।
এই ৰাশিৰ লোকৰ আৰ্থিক উন্নতি হ'ব। স্বাস্থ্য ভাল হ'ব। দাম্পত্য জীৱনলৈ সুখ আহিব। কৰ্মক্ষেত্ৰত লাভ হব। ভাগ্যই লগ দিব, যাৰ বাবে ব্যৱসায়ত লাভ হ'ব। জীৱনত উন্নতি হ'ব।
আয়ৰ নতুন বাট মুকলি হ'ব। বিদেশ যাত্ৰাত যাব পাৰে। সকলো কামত সফলতা লাভ কৰিব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। ধন লাভৰ লগতে মান সন্মান বৃদ্ধি পাব। সফল হ'ব।
পঢ়িবলৈ ক্লিক কৰক