দেৱালীত তুলসীৰ সৈতে কৰক এনে বিধান, দূৰ হ’ব আপোনাৰ ধনৰ সমস্যা

বৈদিক পঞ্জিকা অনুসৰি এইবাৰ ২০ অক্টোবৰত দীপাৱলী উদযাপন কৰা হ’ব। বিশ্বাস অনুসৰি এই দিনটোত তুলসীৰ লগত জড়িত ৰীতি-নীতি পালন কৰিলে আৰ্থিক দুৰ্দশা দূৰ হয় আৰু সমৃদ্ধিৰে ভৰি পৰে জীৱন। গতিকে, দীপাৱলীত তুলসীৰ সৈতে জড়িত কিছুমান ৰীতি-নীতিৰ বিষয়ে জানো আহক।

দেৱালীত তুলসীৰ সৈতে কৰক এনে বিধান, দূৰ হ’ব আপোনাৰ ধনৰ সমস্যা

দেৱালীত কৰক তুলসীৰ এনে বিধান

Published: 

13 Oct 2025 14:19 PM

পোহৰৰ উৎসৱ দেৱালীলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। হেঁপাহৰ এই উৎসৱটিক আদৰিবলৈ অপেক্ষাৰত প্ৰতিজন লোক। দেৱালীৰ দিনটোত সাধাৰণতে বহুখিনি নীতি-নিয়ম মানি চলা হয়। অত্যন্ত উৎসাহ আৰু আনন্দৰে পালন কৰা এই উৎসৱত পৰম্পৰাগতভাৱে পালন কৰা ৰীতি-নীতিসমূহৰ লগতে প্ৰতিঘৰ লোকে চাকি-বন্তিৰে চৌদিশ উজলাই ৰাখে। দেৱালীৰ দিনাই কালী পূজাৰ সমান্তৰালকৈ কিছু কিছু স্থানত লক্ষ্মী দেৱী আৰু গণেশ ভগৱানকো পূজা কৰা হয়।

ধৰ্মীয় বিশ্বাস অনুসৰি দীপাৱলীত লক্ষ্মী দেৱীক পূজা কৰিলে জীৱনলৈ শান্তি-সমৃদ্ধি তথা সুখৰ আগমন ঘটে। লগতে দেৱী লক্ষ্মীৰ আশীৰ্বাদত ধন-সম্পত্তিৰ আগমনৰ পথো মুকলি হয়। দেৱালীত দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ বিশেষ ৰীতি-নীতি পালন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই ৰীতি-নীতিসমূহৰ অত্যন্ত গুৰুত্ব আছে।

বৈদিক পঞ্জিকা অনুসৰি এইবাৰ ২০ অক্টোবৰত দীপাৱলী উদযাপন কৰা হ’ব। বিশ্বাস অনুসৰি এই দিনটোত তুলসীৰ লগত জড়িত ৰীতি-নীতি পালন কৰিলে আৰ্থিক দুৰ্দশা দূৰ হয় আৰু সমৃদ্ধিৰে ভৰি পৰে জীৱন। গতিকে, দীপাৱলীত তুলসীৰ সৈতে জড়িত কিছুমান ৰীতি-নীতিৰ বিষয়ে জানো আহক-

দীপাৱলীত তুলসীৰ প্ৰতিকাৰ-

তুলসীৰ তলত চাকি জ্বলাওকঃ দীপাৱলীৰ দিনা তুলসী গছৰ তলত ঘিউৰ চাকি জ্বলাব লাগে। লগতে সম্পূৰ্ণ ভক্তিভাৱেৰে তুলসী গছজোপাৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব লাগে। এনে কাৰ্যত সন্তুষ্ট হৈ দেৱী লক্ষ্মীয়ে আশীৰ্বাদ প্ৰদান কৰে। ইয়াৰ দ্বাৰা আৰ্থিক কষ্ট দূৰ হয় আৰু নিৰাপদ তথা সুৰক্ষিত জীৱন নিশ্চিত কৰে।

তুলসী পূজাঃ দেৱালীৰ দিনা তুলসীৰ পূজা অতি গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়। পুৱা গা ধুই তুলসী পূজা কৰিব লাগে। তুলসীৰ ওচৰত বিবাহিত জীৱনৰ সৈতে জড়িত সামগ্ৰী আগবঢ়াওক। তাৰ পিছত এই সামগ্ৰীসমূহ এগৰাকী বিবাহিতা মহিলাক দান কৰক। ইয়াৰ ফলত বিবাহিত জীৱনলৈ সুখৰ সৃষ্টি হয়।

গংগা জল আগবঢ়াওকঃ দীপাৱলীৰ দিনা তুলসীত গংগা জল অৰ্পণ কৰক। লগতে এই সময়ত তুলসী মন্ত্ৰ জপ কৰক। দীপাৱলীত এই ৰীতি-নীতি পালন কৰিলে শুভ ফল পোৱা যায়। দেৱী লক্ষ্মীৰ আশীৰ্বাদত বন্ধ হৈ থকা আপোনাৰ যিকোনো কাম সম্পূৰ্ণ হ’ব।

মহিলাসকলে কিয় কম বয়সীয়া পুৰুষৰ সৈতে সম্পৰ্ক গঢ়িব বিচাৰে? ইয়াৰ কাৰণ জানক
প্ৰটিনৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
মৰ্ণিং ৱাকৰ বাবে খালী পেটেৰেই যায় নেকি? সাৱধান, এই চাৰিটা ভুল কৰিলে পৰিব বিপদত
পান কাৰ্ড হেৰাই গ'লে কি কৰিব? কেনেকৈ পাব ডুপ্লিকেট বা নতুন পান কাৰ্ড? সবিশেষ জানক