Daily Horoscope: আজি শনি দেৱতাৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পৰিবনে আপুনি? ৰাশিফলে কৰিছে এনে আগজাননী

দেৱতা শনিৰ কোপদৃষ্টি পৰিলে যিকোনো লোকৰে জীৱন সমস্যাপূৰ্ণ হৈ পৰে বুলি কোৱা হয়। গতিকে আজি কোনো ৰাশিৰ লোকৰ ওপৰত শনি দেৱতাৰ কোপদৃষ্টি পৰিছে নেকি, ৰাশিফলৰ জৰিয়তে জানো আহক।

Daily Horoscope: আজি শনি দেৱতাৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পৰিবনে আপুনি? ৰাশিফলে কৰিছে এনে আগজাননী

আজিৰ ৰাশিফল

Published: 

08 Nov 2025 06:00 AM

আজি ৮ নৱেম্বৰ, শনিবাৰ। সপ্তাহৰ এই দিনটোত শনি দেৱতাৰ বিশেষ প্ৰভাৱ থাকে বুলি সাধাৰণতে বিশ্বাস কৰা হয়। এই ধৰ্মীয় বিশ্বাস অনুসৰিয়েই জ্যোতিষ বিশ্বাসী লোকসকলে শনিবাৰৰ দিনটোক বিশেষ মান্যতা দিয়ে। দেৱতা শনিৰ কোপদৃষ্টি পৰিলে যিকোনো লোকৰে জীৱন সমস্যাপূৰ্ণ হৈ পৰে বুলি কোৱা হয়। গতিকে আজি কোনো ৰাশিৰ লোকৰ ওপৰত শনি দেৱতাৰ কোপদৃষ্টি পৰিছে নেকি, ৰাশিফলৰ জৰিয়তে জানো আহক।

মেষ ৰাশিৰ ৰাশিফল

আজি আপোনাৰ বাবে শুভ দিন হ’ব। ইতিবাচক মনোভাৱৰে দিনটো আৰম্ভ কৰক। বহুদিন ধৰি কৰি থকা কোনো কাম আজি সম্পূৰ্ণ হ’ব পাৰে। নতুন প্ৰকল্প আৰম্ভ কৰাৰ সম্ভাৱনা। আপুনি পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। কোনো অসহায় ব্যক্তিক সহায় কৰিবলৈ আগবাঢ়িব।

বৃষ ৰাশিৰ ৰাশিফল

আজিৰ দিনটো আপোনাৰ বাবে শুভ। দীৰ্ঘদিন ধৰি কামত থকা বাধাৰ অন্ত পৰিব আৰু আপুনি সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনা। এই সময়ত চাকৰি সলনি নকৰিব। নহ’লে আৰ্থিক অসুবিধাৰ সন্মুখীন হব পাৰে। কৰ্মক্ষেত্ৰত দায়িত্বপূৰ্ণভাৱে কাম কৰক।

মিথুন ৰাশিৰ ৰাশিফল

আজি আপুনি ইতিবাচক ফলাফল লাভ কৰিব। চাকৰি সলনি বা নতুন বিনিয়োগৰ সম্ভাৱনা। উপাৰ্জন বৃদ্ধি পাব। স্বাস্থ্যৰ যত্ন লওক। নিয়মিত ব্যায়াম আৰু সঠিক খাদ্য গ্ৰহণে আপোনাক সুস্থ ৰাখিব। কোনো ঘনিষ্ঠ আত্মীয় আহিব পাৰে, তেওঁৰ আগমনে পৰিয়াললৈ আনন্দ কঢ়িয়াই আনিব।

কৰ্কট ৰাশিৰ ৰাশিফল

আৰ্থিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা। যিকোনো সিদ্ধান্ত লওঁতে বয়োজেষ্ঠৰ পৰামৰ্শ লওক। চৰকাৰী চাকৰিত নিযুক্তসকলৰ পদোন্নতি হ’ব পাৰে। আপোনাৰ চিন্তা-ভাৱনা আজি স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে কোনো সমস্যাত পৰিলে পৰামৰ্শদাতাৰ সহায় লওক।

সিংহ ৰাশিৰ ৰাশিফল

অপ্ৰত্যাশিত ভাৱে আৰ্থিক লাভ হ’ব পাৰে। পৰিকল্পিত কামবোৰ সফলভাৱে সম্পূৰ্ণ কৰিলে মনোবল বৃদ্ধি পাব। পৰিয়ালৰ সদস্য আৰু কৰ্মক্ষেত্ৰত সতীৰ্থৰ সম্পূৰ্ণ সহায় লাভ কৰিব। মহিলাসকলৰ বাবে আজিৰ দিনটোৱে বিশেষ সফলতা আৰু সন্মান কঢ়িয়াই আনিব।

কন্যা ৰাশিৰ ৰাশিফল

আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত শুভ দিন। আকাংক্ষিত সফলতা লাভ কৰিব। নতুন কোনো উদ্যোগ আৰম্ভ কৰাৰ ক্ষেত্ৰত আজি দিনটো আপোনাৰ অনুকূল হ’ব। বৈবাহিক সম্পৰ্কত মতানৈক্যৰ অন্ত পৰিব। বিচাৰাধীন কোনো আইনী সমস্যাত জয় লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পৰিশ্ৰম কৰিলে সাফল্য নিশ্চিত। মানসিক চাপ নিয়ন্ত্ৰণত ৰাখক।

তুলা ৰাশিৰ ৰাশিফল

আজিৰ দিনটো আনন্দময় হ’ব। কাম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ পূৰ্বৰ পৰিকল্পনা সফল হ’ব। সন্তানৰ পৰা সুখবৰ লাভ কৰিব পাৰে। পাৰিবাৰিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। নতুন সম্পর্কৰ আৰম্ভণিও হ’ব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল

আপোনাৰ সন্মান বৃদ্ধি পাব। বাহন বা নতুন সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নত অধিক মনোযোগ দিয়ক। ভাগ্য আপোনাৰ পক্ষত থাকিব। ব্যৱসায়ত আয়ৰ নতুন উৎস যোগ হ’ব পাৰে।

ধনু ৰাশিৰ ৰাশিফল

দীৰ্ঘদিনৰ সমস্যা আৰু অশান্তিৰ অৱসান হ’ব। এজন বয়োজ্যেষ্ঠৰ সহায়ত পুৰণি অনাদায় ধন লাভ কৰিব। ব্যৱসায়ত নতুন সুযোগ আহিব। কোনো লোককে ধন ধাৰে নিদিব। ছাত্ৰ-ছাত্ৰীৰ বাবে সফলতাৰ দিন।

মকৰ ৰাশিৰ ৰাশিফল

ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আয় বৃদ্ধি হ’ব। আৰ্থিক চাপ হ্ৰাস পাব। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাওক। ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। পুৰণি বিনিয়োগৰ পৰা লাভ হ’ব। বাহন বা ভূমি ক্ৰয়ৰ পৰিকল্পনা সফল হ’ব। ছাত্ৰ-ছাত্ৰীৰ বাবে কৰ্মজীৱনত উন্নতিৰ দিন।

কুম্ভ ৰাশিৰ ৰাশিফল

কৰ্মজীৱনৰ দৃষ্টিকোণৰ পৰা দিনটো শুভ। নতুন প্ৰকল্পৰ দায়িত্ব লাভ কৰিব আৰু এই দায়িত্ব সঠিকভাৱে পালন কৰি সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সন্মান আৰু পদোন্নতিৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰিত নিযুক্তসকলৰ স্থান উন্নত হ’ব।

মীন ৰাশিৰ ৰাশিফল

অতীতৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। প্ৰেমিক-প্ৰেমিকাৰ বাবে সময় অনুকূল। একেলগে আনন্দেৰে সময় কটাওক। বিবাহিত জীৱনত শান্তি আৰু সমন্বয় বৃদ্ধি পাব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় দুয়োটাতেই শুভ সংবাদ পাব। পত্নী বা সংগীৰ সহায়ত নতুন ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

ঘৰতে থকা এইকেইবিধ সামগ্ৰীয়ে পৰিষ্কাৰ কৰি ৰাখে তেজ, বহু ৰোগৰ পৰা হ’ব চিন্তামুক্ত
আৰু মাত্ৰ এটা উইকেট পালেই বুমৰাহে গঢ়িব ‘মহা অভিলেখ’, পূৰ্বে কোনো ভাৰতীয়ই কৰা নাই এনে
তুলসীৰ ওচৰত কেতিয়াও ৰোপণ নকৰিব এইসমূহ উদ্ভিদ, অন্যথা জীৱনত পৰিব পাৰে কুপ্ৰভাৱ
ভাতৰ লগত পানী খোৱাটো ভাল নে বেয়া? স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ কি? জানক