Daily horoscope: এই ৫ ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব বৃহস্পতিবাৰৰ দিনটোয়ে, চাওক আজিৰ ৰাশিফল…

Daily horoscope: জ্য়োতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। প্ৰতিটো দিনত প্ৰতিটো ৰাশিৰ বেলেগ বেলেগ যোগ আছে। আজি একাংশ ৰাশিৰ লোকৰ বাবে দিনটো ভাল।

Daily horoscope: এই ৫ ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব বৃহস্পতিবাৰৰ দিনটোয়ে, চাওক আজিৰ ৰাশিফল...

ৰাশিফল

Published: 

20 Mar 2025 06:00 AM

আজি ২০ মাৰ্চ, ২০২৫ বৃহস্পতিবাৰ। আজিৰ দিনটোৱে কিছুমানৰ জীৱনলৈ ভাল খবৰ কঢ়িয়াই আনিব। ইয়াৰ বিপৰীতে কিছুমান স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা ভাল। আপোনাৰ আজিৰ দিনটো কেনে যাব জানিবলৈ চাওক আজিৰ ৰাশিফল-

মেঘ ৰাশিঃ আজিৰ দিনটোত আপুনি সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব। সংগীৰ উন্নতি দেখি সুখী হ’ব। বিদ্যাৰ্থীসকলে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহি পৰিব। ধৰ্মীয় যাত্ৰাত যোৱাৰ সম্ভাৱনা। আনৰ কথাত বিশ্বাস নকৰিব। কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ৰাজনীতিৰ লগত জড়িত সকলে সাৱধানে চলিব। স্বাস্থ্য ভালে যাব।

বৃষ ৰাশিঃ আজি আপুনি বিভিন্ন সমস্যাৰ পৰিত্ৰাণ লাভ কৰিব। ভৱিষ্যতক লৈ পৰিকল্পনা কৰা দৰকাৰ। সংগীয়ে আপোনাৰ পৰা কোনো উপহাৰ ল’ব পাৰে। ধন খৰচ হোৱাৰ সম্ভাৱনা। পৰিয়ালৰ কোনো সমস্যা আহিব পাৰে। বিদ্যাৰ্থীসকলৰ সমস্যা কমিব। আলহীৰ আগমনৰ সম্ভাৱনা। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপুনি ব্যস্ত থাকিব। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ লাভ কৰিব। চাকৰিৰ অফাৰ লাভ কৰাৰ সম্ভাৱনা। আনক উপদেশ দিয়াৰ পৰা বিৰত থাকক। আনৰ কথাত বেছি গুৰুত্ব নিদিব। বিবাদৰ পৰা আঁতৰি থাকক। পিতৃৰ সম্পত্তি লাভ কৰাৰ সম্ভাৱনা। যাৰ বাবে আপুনি সুখী থাকিব। কোনো ভুল ভাঙিব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। মান-সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ব্যস্ত থাকিব দিনটো। আলহীৰ আগমনৰ সম্ভাৱনা আছে। বন্ধুৰ সৈতে ভাল সময় কটাব। আনক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত গুৰুত্ব দিব। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। শত্ৰুৰ পৰা সাৱধানে থাকিব।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। টকা-পইচাৰ কোনো সমস্যা সমাধান হ’ব। নিজৰ কাম সম্পূৰ্ণ কৰাৰ বাবে অধিক পৰিশ্ৰম কৰিব লাগিব। নতুন কোনো কাম আৰম্ভ কৰিব পাৰে। সন্তানৰ উন্নতি দেখি সুখী হ’ব। শত্ৰু বৃদ্ধি হ’ব পাৰে। ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। প্ৰেমত শুভ।

কন্যা ৰাশিঃ আজিৰ দিনটোয়ে আপোনাৰ কেৰিয়াৰলৈ ডাঙৰ কোনো পৰিবৰ্তন আনিব পাৰে। আপোনাৰ চাকৰিত ভাল। পদোন্নতিৰ যোগ আছে। চাকৰিৰ অফাৰ লাভৰ সম্ভাৱনা। খৰচৰ মাত্ৰা বাঢ়িব। ব্যৱসায়ীসকলৰ বাবে ভাল। কোনো নতুন কাম লাভ কৰিব। আনক সহজে বিশ্বাস নকৰিব। বিবাহৰ বাধা দূৰ হ’ব। প্ৰেমত শুভ।

তুলা ৰাশিঃ আজিৰ দিনটোত আপোনাক কোনো কথাই চিন্তিত কৰি ৰাখিব। শত্ৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা। কিন্তু বুদ্ধি প্ৰয়োগ কৰি আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা দূৰত থাকিব। আৰ্থিক দিশটো ভাল। ভ্ৰমণৰ যোগ আছে। ভৱিষ্যতৰ বাবে টকা বিনিয়োগ কৰিব পাৰে। পিতৃ-মাতৃয়ে সংগ দিব। প্ৰেম ভাল বেয়াৰ মাজেৰে যাব।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰিব। মনত কোনো নকৰাত্মক চিন্তা-ধাৰা নাৰাখিব। সন্তানক কৰা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ চেষ্টা কৰিব। ব্যৱসায় ভাল বেয়াৰ মাজত থাকিব। সামাজিক কামত জড়িত হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। সুখ-সুবিধা বৃদ্ধি পাব। নিজৰ কাম সময়মতে কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত আনৰ ওপৰত বিশ্বাস নকৰিব। কোনো ভালপোৱা বস্তু ক্ৰয় কৰাত ধন খৰচ হ’ব। স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ। দূৰ সম্পৰ্কীয় কাৰোবাৰ পৰা কোনো দুখজনক খবৰ লাভ কৰিব পাৰে। প্ৰেমত শুভ।

মকৰ ৰাশিঃ আজিৰ দিনটো ভাল বেয়াৰ মাজেৰে যাব। মনত শান্তি থাকিব। জ্যেষ্ঠজনৰ সংগ লাভ কৰিব । বৈবাহিক জীৱন সুখকৰ হ’ব। প্ৰেমত শুভ। ৰাজনীতিৰ লগত জড়িত সকলে ভাল ফল লাভ কৰিব। কোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে চিন্তা কৰিব। চাকৰিৰ ক্ষেত্ৰত ভাল। আপোনাৰ উপদেশ কামত দিব। কামৰ বোজা অধিক হ’ব।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। ভাই-ভগ্নীৰ মাজত মতানৈক্য় হ’ব পাৰে। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। নতুন কাম ভাবি চিন্তি কৰিব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব। বিপৰীত পৰিস্থিতিত ধৈৰ্য ৰাখিব।

মীন ৰাশিঃ আজিৰ দিনটোত পৰিয়ালৰ কাৰোবাৰ পৰা দুখজনক খবৰ লাভ কৰিব পাৰে। মনটো অশান্ত থাকিব পাৰে। সংগীয়ে কেৰিয়াৰৰ ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত কাৰোবাৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত গুৰুত্ব দিব। ধৈৰ্য ধৰিব। স্বাস্থ্যত গুৰুত্ব দিব।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension