Christmas 2025: বৰদিনত ভুলতো উপহাৰ ৰূপে নিদিব এনে সামগ্ৰী, সমস্যাই আগুৰি ধৰিব জীৱনত

বৰদিনৰ দিনা কিছুমান বস্তু উপহাৰ হিচাপে আগবঢ়ালে জীৱনত সমস্যাই আগুৰি ধৰিব পাৰে বুলি বিশ্বাস কৰা হয়। সেয়ে এনে সামগ্ৰী উপহাৰ দিয়া কোনোমতেই উচিত নহয়। জানো আহক এই বিষয়ে।

Christmas 2025: বৰদিনত ভুলতো উপহাৰ ৰূপে নিদিব এনে সামগ্ৰী, সমস্যাই আগুৰি ধৰিব জীৱনত

বৰদিনত নিদিব এনে উপহাৰ

Updated On: 

22 Dec 2025 15:42 PM

বিশ্বজুৰি খ্ৰীষ্টানধৰ্মী লোকসকলৰ মাজত এতিয়া দেখা গৈছে আগন্তুক বৰদিন উৎসৱৰ উছাহ। অহা ২৫ ডিচেম্বৰত হ’বলগা এই উৎসৱৰ বাবে সৰ্বপ্ৰান্তত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ। প্ৰতি বছৰে ২৫ ডিচেম্বৰ দিনটোত ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে বৰদিন উদযাপন কৰা হয়। খ্ৰীষ্টান সমাজৰ বাবে বৰদিন আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ উৎসৱ। এই দিনটোত বজাৰবোৰ জীপাল হৈ পৰে, ঘৰত বৰদিনৰ গছ ৰোপণ কৰি সজাই-পৰাই তোলে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে। বৰদিনৰ দিনা উপহাৰ দিয়াৰ পৰম্পৰা দীৰ্ঘদিনীয়া।

এই উপলক্ষে পৰিয়াল আৰু বন্ধু-বান্ধৱীক উপহাৰ দিয়া হয়। লগতে এই উৎসৱে যাতে সকলোৰে জীৱনলৈ সুখ কঢ়িয়াই আনে তাৰ বাবে প্ৰাৰ্থনা কৰা হয়। অৱশ্যে বৰদিনৰ দিনা উপহাৰক লৈ মানুহে প্ৰায়ে দ্বিধাবোধ কৰে। গতিকে আপোনাৰো যদি কোনো খ্ৰীষ্টান বন্ধু আছে আৰু তেওঁক উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছে, বৰদিনৰ দিনা তেওঁলোকক কিছুমান বস্তু উপহাৰ দিয়াৰ পৰা বিৰত থাকক।

বৰদিনৰ দিনা কিছুমান বস্তু উপহাৰ হিচাপে আগবঢ়ালে জীৱনত সমস্যাই আগুৰি ধৰিব পাৰে বুলি বিশ্বাস কৰা হয়। সেয়ে এনে সামগ্ৰী উপহাৰ দিয়া কোনোমতেই উচিত নহয়। জানো আহক এই বিষয়ে-

  • বাস্তু মতে বৰদিনত দেৱতাৰ মূৰ্তি উপহাৰ দিয়াৰ পৰা বিৰত থাকিব লাগে।
  • ভুলতো কোনো চোকা বা ধৰাল বস্তু আৰু কোনো জ্বলনশীল সামগ্ৰী উপহাৰ নিদিব। তেনে কৰিলে সম্পৰ্কৰ ক্ষতি হ’ব পাৰে।
  • বৰদিনৰ দিনা কাকো ৰুমাল বা কলম উপহাৰ নিদিব। এই বস্তুবোৰ উপহাৰ দিলে দিয়া-লোৱা উভয়ৰ জীৱনতে নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
  • ব্যৱসায়ৰ লগত জড়িত কোনো বস্তু কেতিয়াও উপহাৰ নিদিব। তেনে কৰিলে ব্যৱসায়িক লোকচান হ’ব পাৰে।
  • বাস্তু মতে একুৰিয়াম, জলপ্ৰপাতৰ ছবি বা প্ৰতীক, কাছৰ ছবি বা প্ৰতীকৰ দৰে বস্তু উপহাৰ দিয়াৰ পৰা বিৰত থাকক। এইবোৰে আৰ্থিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।
  • লগতে এই দিনটোত কাঁইটীয়া গছ-গছনি উপহাৰ দিয়াৰ পৰা বিৰত থাকিব।

বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লেখ কৰা মতসমূহ সম্পূৰ্ণ ধৰ্মীয় তথা লোক বিশ্বাসৰ ওপৰত আধাৰিত। এয়া TV9 Assam -ৰ নিজা মত নহয়।

কিদৰে চিনিব ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল? চাওক এই সহজ টিপছ্
কি কি কাৰণত আঁঠুৰ বিষ হয়? হ'ব পাৰে এই জটিল ৰোগ...
কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
ডায়েবেটিছ ৰোগীয়ে কল খালে সমস্যাত পৰিব পাৰে নেকি! জানি লওক এতিয়াই
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...