শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হাতত লোৰ খাৰু পিন্ধাৰ পৰামৰ্শ আপোনাকো কোনোৱে দিছে নেকি? জানেনে ইয়াৰ কি প্ৰভাৱ পৰে?

বহু লোকে নিজৰ পছন্দৰ সোণ, ৰূপ, পিতল বা লোহাৰ ব্ৰেচলেট পৰিধান কৰে। কিন্তু ভুল ধাতুৰে নিৰ্মিত ব্ৰেচলেট বা খাৰু পিন্ধিলে নেতিবাচক প্ৰভাৱ পৰিব পাৰে। কোনবোৰ ৰাশিৰ বাবে লোৰ খাৰু বা ব্ৰেচলেট উপকাৰী, জানো আহক।

হাতত লোৰ খাৰু পিন্ধাৰ পৰামৰ্শ আপোনাকো কোনোৱে দিছে নেকি? জানেনে ইয়াৰ কি প্ৰভাৱ পৰে?
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 25 Sep 2025 18:26 PM

বৰ্তমান সময়ত হাতত খাৰু বা ব্ৰেচলেট পৰিধান কৰাটো একপ্ৰকাৰে ফেশ্বনৰ অংশ হৈ পৰিছে। যুৱতীমহিলাসকলৰ লগতে বহু যুৱকেও এতিয়া হাতত খাৰু পৰিধান কৰা দেখা যায় এই খাৰু ভিন্ন ধাতুৰ হোৱা দেখা যায়। কোনোৱে যদি সোণ বা ৰূপৰ খাৰু পৰিধান কৰে, কোনোৱে আকৌ লোৰ খাৰু পৰিধান কৰে অৱশ্যে এই খাৰু যদিও এতিয়া ফেশ্বনৰ অংশ হৈ পৰিছে, শাস্ত্ৰত পিছে হাতত খাৰু পৰিধান কৰাৰ ক্ষেত্ৰত কেইবাটাও নিয়ম আছে। কোনে কি ধাতুৰ খাৰু বা ব্ৰেচলেট পৰিধান কৰে, তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰে।

ৰত্ন শাস্ত্ৰৰ মতে খাৰু বা ব্ৰেচলেট পৰিধান কৰাটো গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। সাধাৰণতে পুৰুষক সোঁহাতত খাৰু বা ব্ৰেচলেট পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হয়। ৰত্ন শাস্ত্ৰ হৈছে বৈদিক জ্যোতিষৰ এক শাখা, ইয়াত ৰত্নধাতুৰ সম্পৰ্ক আৰু ব্যক্তিজনৰ ৰাশিফল ​​বা গ্ৰহৰ অৱস্থানৰ বিষয়ে ব্যাখ্যা কৰা হয়।

জ্যোতিষীৰ পৰামৰ্শ মতে সঠিক ধাতু বা ৰত্ন পৰিধান কৰিলে জীৱনৰ বাধা আঁতৰাই কেৰিয়াৰ, ব্যৱসায় আৰু ব্যক্তিগত বিকাশৰ পথ মুকলি হয় বুলি বিশ্বাস কৰা হয়। বহু লোকে নিজৰ পছন্দৰ সোণ, ৰূপ, পিতল বা লোহাৰ ব্ৰেচলেট পৰিধান কৰে। কিন্তু ভুল ধাতুৰে নিৰ্মিত ব্ৰেচলেট বা খাৰু পিন্ধিলে নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

প্ৰতিটো ধাতু এটা নিৰ্দিষ্ট গ্ৰহৰ সৈতে জড়িত, গতিকে জ্যোতিষীৰ পৰামৰ্শ লৈ নিজৰ ৰাশিফল ​​অনুসৰি খাৰু বা ব্ৰেচলেট নিৰ্বাচন কৰা উচিত। বিশেষজ্ঞসকলৰ মতে, কিছুমান ৰাশিৰ বাবে লোৰ ব্ৰেচলেট বা খাৰু অতি শুভ। শনি গ্ৰহৰ সৈতে লোৰ প্ৰত্যক্ষ সম্পৰ্ক আছে বুলি বিশ্বাস কৰা হয়।

কোনবোৰ ৰাশিৰ বাবে লোৰ খাৰু বা ব্ৰেচলেট উপকাৰী, জানো আহক

মকৰ ৰাশিঃ মকৰ ৰাশিৰ শাসক গ্ৰহ শনি। গতিকে এই ৰাশিত জন্ম হোৱা লোকে লোহাৰৰ খাৰু বা ব্ৰেচলেট পিন্ধাটো অতি শুভ। ইয়াৰ ফলত চাকৰি, কেৰিয়াৰ আৰু ব্যৱসায়ৰ অগ্ৰগতিৰ সম্ভাৱনা বৃদ্ধি পায়।

কুম্ভ ৰাশিঃ শনি কুম্ভ ৰাশিৰো শাসক গ্ৰহ। লোহাৰ খাৰু বা ব্ৰেচলেট পৰিধান কৰিলে কুম্ভ ৰাশিত জন্ম হোৱা লোকসকলে নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিব পাৰে আৰু শনিৰ আশীৰ্বাদত সফলতা লাভ কৰিব পাৰে।

কন্যা ৰাশিঃ কন্যা ৰাশিৰ শাসক গ্ৰহ বুধ হ’লেও শনি বুধৰ বন্ধু গ্ৰহ হিচাপে পৰিচিত। সেয়ে কন্যা ৰাশিৰ বাবে লোৰ খাৰু বা ব্ৰেচলেট পৰিধান কৰাটো শুভ। ইয়াৰ ফলত কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা আহি পৰে। শনিৰ কৃপা পোৱা যায়।

অৱশ্যে শনিবাৰ দিনটোত খাৰু বা ব্ৰেচলেট পৰিধান কৰাটো আটাইতকৈ শুভ। লোৰ ব্ৰেচলেট বা খাৰু পৰিধান কৰাৰ পূৰ্বে গংগা জল বা গৰুৰ প্ৰস্ৰাৱ-গাখীৰেৰে শুদ্ধ কৰিব লাগে। পিন্ধি থকাৰ সময়ত শনি বিজ মন্ত্ৰ ১০৮ বাৰ জপ কৰিব লাগে।