Today’s horoscope: কোনে লাভ কৰিব চাকৰি, কাৰ হ’ব আৰ্থিক উন্নতি? চাওক আজিৰ ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। হিন্দু ধৰ্মত ৰাশিফলৰ বিশেষ মহত্ব আছে। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ'ব।

Todays horoscope: কোনে লাভ কৰিব চাকৰি, কাৰ হব আৰ্থিক উন্নতি?  চাওক আজিৰ ৰাশিফল...

ৰাশিফল

Published: 

07 May 2025 06:00 AM

আজি ৭ মে’ বুধবাৰ। আজিৰ দিনটোত কিছুমান ৰাশিৰ লোকে চাকৰিৰ অফাৰ লাভ কৰিব পাৰে।কিছুমানৰ আকৌ শাৰীৰিক সমস্যাই দেখা দিব পাৰে। আপোনাৰ দিনটো কেনে যাব? আজিৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-

 

মেঘ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ ধনৰ লগত জড়িত সমস্যা হ’ব পাৰে। অৱশ্যে সমস্যা সমাধানৰ ক্ষেত্ৰত বন্ধুৰ সহায় লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল। নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো ভাল নহয়। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। চাকৰিৰ ক্ষেত্ৰত সফলতা লাভৰ যোগ আছে।

বৃষ ৰাশিঃ আজি আপোনাৰ কোনো লক্ষ্য পূৰ হ’ব। ব্যৱসায়ৰ ক্ষেত্ৰত সাৱধান হ’ব। কোনো ৰিস্ক গ্ৰহণ নকৰিব। টকা ধাৰলৈ নল’ব। ধনৰ নতুন পথ মুকলি হ’ব পাৰে। অফিচৰ কাম ভালদৰে কৰিব। সংগীৰ সৈতে কাজিয়া হ’ব পাৰে। পুৰণি সম্পৰ্কৰ পৰা লাভ হ’ব। নিজৰ মনটোত শান্ত ৰাখিব। অন্যথা লোকচান হ’ব পাৰে।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে। নতুন মানুহৰ লগত চিনাকী হ’ব, যি আপোনাৰ লাভ হ’ব। অবিবাহিতসকলে প্ৰেমৰ প্ৰস্তাৱ লাব কৰিব পাৰে। ভ্ৰমণৰ যোগ আছে। স্বাস্থ্যত গুৰুত্ব দিব। খং নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। অফিচত কোনো ডাঙৰ দায়িত্ব পাব পাৰে।

কৰ্কট ৰাশিঃ পিতৃৰ সহযোগত আজি আপোনাৰ সমস্যা দূৰ হ’ব। স্বাস্থ্য ভাল। ব্যৱসায়ত নতুন পথ মুকলি হ’ব পাৰে। খঙত কোনো সিদ্ধান্ত গ্ৰহণ নকৰি। ভ্ৰমণৰ সময়ত লাভৰ সম্ভাৱনা আছে। ধৈৰ্য ধৰি নিজৰ কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্ক ভালে যাব। ধৰ্মীয় কাম-কাজে মনটোত শান্ত কৰিব পাৰে।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। অবিবাহিতসকলে বিয়াৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। কোনো কথাক লৈ মন অশান্তি হ’ব পাৰে। ব্যৱসায়ৰ পৰিকল্পনা আনক শ্বেয়াৰ নকৰিব। ধনৰ সমস্যাত পৰিব পাৰে। ধন খৰচৰ যোগ আছে। আজি আপুনি বিদেশী কোম্পানীৰ পৰা চাকৰিৰ অভাৰ লাভ কৰিব পাৰে। স্বাস্থ্যা ভাল।

কন্যা ৰাশিঃ ব্যৱসায়িক দিশৰ পৰা আজিৰ দিনটো ভাল। কৰ্মক্ষেত্ৰত সন্মান আৰু সহযোগ লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল। শত্ৰুৰ পৰা সাৱধানে থাকিব। অধিক সমস্যা আহিব পাৰে। কোনো ক্ষেত্ৰত আৰ্থিক লাভ হ’ব। প্ৰেমত কোনো সমস্যাই দেখা দিব পাৰে। স্বাস্থ্যৰ গুৰুত্ব দিব। পৰিয়ালত শান্তি থাকিব।

তুলা ৰাশিঃ আজি আপুনি কোনো চিন্তাৰ পৰা মুক্তি লাভ কৰিব। অফিচত আপোনাৰ কামৰ পৰা জ্যেষ্ঠজন সুখী হ’ব । কাৰোবাৰ লগত কাজিয়া হ’ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰিব। সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে। আজি উপহাৰ পাব পাৰে।

বৃশ্চিক ৰাশিঃ আজি আপোনাৰ দিনটো ভাল। স্বাস্থ্য সাধাৰণ থাকিব। প্ৰেমত শুভ। দিনটো সুখী থাকিব। ধনৰ লেনদেনত সাৱধান হ’ব। কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ভাল ফল লাভ কৰিব। সম্পদ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। সংগীৰ সৈতে ভ্ৰমণত যোৱাৰ সম্ভাৱনা আছে। ভৱিষ্যতক লৈ কোনো পৰিকল্পনা কৰিব পাৰে।

ধনু ৰাশিঃ আজিৰ দিনটোত সম্পত্তিৰ দিশৰ পৰা কোনো লাভ পাব পাৰে। আলহীৰ আগমনৰ সম্ভাৱনা। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো প্ৰত্যাহ্বানমূলক হ’ব। স্বাস্থ্যত গুৰুত্ব দিব। আৰ্থিক দিশটো ভাল হ’ব। সংগীৰ সৈতে কাজিয়া হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব। ভ্ৰমণৰ সম্ভাৱনা।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ’ব। ভাগ্যই লগ দিব। সামাজিক ক্ষেত্ৰখনত জড়িত হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। অফিচত আজি পৰিশ্ৰম বেছি হ’ব। প্ৰেমত সমস্যা আহিব পাৰে। আপোনজনৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আনৰ কথাত মাত নামাতিব।

কুম্ভ ৰাশিঃ আজি আপুনি পুৰণি চিন্তাৰ পৰা মুক্তি লাভ কৰিব। সামাজিক কামত জড়ত হ’ব। বন্ধুৰ সহায় লাভ কৰিব। বেয়া অভ্যাসৰ বাবে অশান্তি হ’ব। আৰ্থিক দিশটো ভালদৰে পৰিকল্পনা কৰা দৰকাৰ। আজি স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। অফিচত সমস্যা আহিব পাৰে। বৈবাহিক জীৱনত সমস্যা আহিব পাৰে।

মীন ৰাশিঃ প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ। কাম অধিক হোৱাৰ বাবে কষ্ট বাঢ়িব। আইনী কামত বাধা আহিব পাৰে। নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ নহয়। আত্মবিশ্বাস বৃদ্ধি হ’ব। বৈবাহিক জীৱন সুখকৰ হ’ব। স্বাস্থ্য ভালে থাকিব। বন্ধুৰ সৈতে ভ্ৰমণত যোৱাৰ সম্ভাৱনা আছে।

আপোনাৰ ফেটি লিভাৰ হৈছে নেকি ! এই সমস্যা হ'লে কি কি খাদ্য খাব লাগে ? জানক
জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? জানক কোনবিধ ৰোগে দেখা দিব পাৰে
হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰে অৰ্পন কৰক এই বস্তু!দূৰ হ'ব সকলো সমস্যা | 0ffer tulsi to Lord Hanuman astrology can tulsi leaves be offered to Bajrangbali
আপোনাৰো ছানবাৰ্ণ হয় নেকি? জানক ইয়াৰ কাৰণ আৰু ৰক্ষা পোৱাৰ উপায় | Why sunburn happen and its preventions know in Assamese