Assamese movie: আহি আছে নতুন অসমীয়া ছবি মায়া ৮.৮, আপুনিও জনাব পাৰিব অভিনেতা-অভিনেত্ৰীৰ বাবে আবেদন... | zubeen garg New upcoming assamese movie maya 8.8 release on 2025 announced assam Assam news - Assam Tv9

Assamese movie: আহি আছে নতুন অসমীয়া ছবি মায়া ৮.৮, আপুনিও জনাব পাৰিব অভিনেতা-অভিনেত্ৰীৰ বাবে আবেদন…

Published: 

06 Oct 2024 | 02:10 PM

Maya 8.8: আহি আছে নতুন অসমীয়া ছবি মায়া ৮.৮। ২০২৫ চনত মুক্তি লাভ কৰিব এই ছবিখনে। কিছুদিন পূৰ্বে ছবিখনৰ পৰিচালক দেবাংকৰ বৰগোঁহাইয়ে এই কথা ঘোষণা কৰিছে। চিকাৰৰ সফলতাৰ পাছতেই আহিব মায়া ৮.৮।

1 / 5চিকাৰৰ পাছত বিগ ফিল্মছ মিডিয়াই নিৰ্মাণ কৰিব মায়া ৮.৮। কিছুদিন পূৰ্বে এক সংবাদমেলত এই কথা ঘোষণা কৰি ছবিখনৰ পৰিচালক দেবাংকৰ বৰগোঁহাইয়ে কয় যে, ২০২৫ চনত ৰাইজৰ মাজলৈ আহিব অসমীয়া ছবি মায়া ৮.৮।  এইখন এখন  শিহৰণকাৰী ভৌতিক ছবি হ'ব বুলি জনাই পৰিচালকগৰাকীয়ে।

চিকাৰৰ পাছত বিগ ফিল্মছ মিডিয়াই নিৰ্মাণ কৰিব মায়া ৮.৮। কিছুদিন পূৰ্বে এক সংবাদমেলত এই কথা ঘোষণা কৰি ছবিখনৰ পৰিচালক দেবাংকৰ বৰগোঁহাইয়ে কয় যে, ২০২৫ চনত ৰাইজৰ মাজলৈ আহিব অসমীয়া ছবি মায়া ৮.৮। এইখন এখন শিহৰণকাৰী ভৌতিক ছবি হ'ব বুলি জনাই পৰিচালকগৰাকীয়ে।

2 / 5

২০২৫ চনৰ মাজৰ ভাগত ছবি গৃহলৈ আহিব এইখন নতুন চিনেমা। ২০২৫ চনৰ আৰম্ভণীতে চিত্ৰগ্ৰহণৰ কাম সমাপ্ত কৰাৰ কথা চিন্তা কৰি আছে পৰিচালকে। উক্ত সংবাদ মেলত কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগতে অন্য বহুলোক উপস্থিত আছিল।

3 / 5

ছবিৰ পৰিচালকগৰাকীয়ে জনাই যে, মায়া, ৮.৮ ত ন - পুৰণি শিল্পীৰ সমাহাৰ ঘটিব। ইতিমধ্যে ইয়াৰ বাবে শিল্পী বিচৰাৰ কাম আৰম্ভ কৰি দিছে চিনেমাখনৰ নিৰ্মাণৰ দায়িত্বত থকাসকলে। ছবিখনত কোন কোন জনপ্ৰিয় অভিনেতা- অভিনেত্ৰী থাকিব এতিয়ালৈকে জানিব পৰা হোৱা নাই। ছবিখনৰ লেখ বিষ্ণুজ্যোতি সন্দিকৈ, সংগীত- জুবিন গাৰ্গ, প্ৰযোজক- চেম ভট্টাচাৰ্য, মিত্ৰ ভট্টাচাৰ্যৰ।

4 / 5

এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে ছ'চিয়েল মিডিয়াত এক পোষ্ট দিছে।য'ত মায়া ৮.৮ ৰ বাবে অভিনেতা- অভিনেত্ৰী বিচাৰিছে। পোষ্টাৰখনত লিখা আছে যে- চিকাৰৰ সফলতাৰ পাছত আমাৰ পৰৱৰ্তী ছবি আহিব মায়া ৮.৮।

5 / 5

পোষ্টাৰখনত গৰিমা শইকীয়াই ছবিখনৰ মুখ্য চৰিত্ৰ (পুৰুষ, মহিলা)ৰ বাবে শিল্পীৰ আহ্বান জনাইছে। চৰ্ত অনুসৰি এই চৰিত্ৰৰ বাবে শিল্পীৰ বয়স হ'ব লাগিব ২০ ৰ পৰা ২৫ বছৰ। লগতে অসমীয়া ভালদৰে ক'ব পৰা হ'ব লাগিব। শিল্পীয়ে লগত পাচপোৰ্ট লৈ যাব লাগিব। ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ তথ্য সমূহ - Casting@bigfilmsmedia.ae লৈ প্ৰেৰণ কৰিব পাৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...