ঠিকনা সলনি হ'ব জুবিন গাৰ্গৰ! ক'ত বনাইছে নতুন ঘৰ? | zubeen garg change his permanent address from kahilipara to kharghuli Assam news - Assam Tv9

ঠিকনা সলনি হ’ব জুবিন গাৰ্গৰ! ক’ত বনাইছে নতুন ঘৰ?

Published: 

19 Oct 2024 | 05:22 PM

এতিয়াৰে পৰা জুবিন অনুৰাগীসকলে কাহিলীপাৰাত লগ নাপাব জুবিন গাৰ্গক। জুবিন গাৰ্গক লগ কৰিবলৈ যাব লাগিব নতুন ঠিকনালৈ। কাহিলীপাৰাৰ ভগদত্তপুৰৰ ছিনাৰ্জী এপাণ্টমেণ্ট এৰি শীঘ্ৰে নতুন ঘৰখন ল’ব জুবিনে।বোন্দাৰ চপাইদাঙত শুকুৰবাৰে নিশা সংগীতানুষ্ঠানৰ মাজতে এই কথা ক'লে হাৰ্টথ্ৰৱে।

1 / 5হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আন ঠাইত নতুনকৈ সাজিছে আপোন ঘৰখন। মনে বিচৰা ধৰণে ঘৰটো নিৰ্মাণ কৰিছে  জুবিনে।

হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আন ঠাইত নতুনকৈ সাজিছে আপোন ঘৰখন। মনে বিচৰা ধৰণে ঘৰটো নিৰ্মাণ কৰিছে জুবিনে।

2 / 5

এতিয়াৰে পৰা জুবিন অনুৰাগীসকলে কাহিলীপাৰাৰ পৰিৱৰ্তে জুবিন গাৰ্গক লগ কৰিবলৈ যাব লাগিব নতুন ঠিকনালৈ। কাহিলীপাৰাৰ ভগদত্তপুৰৰ ছিনাৰ্জী এপাণ্টমেণ্ট এৰি শীঘ্ৰে নতুন ঘৰখন ল’ব জুবিনে।

3 / 5

শুকুৰবাৰে নিশা সংগীতানুষ্ঠানৰ বাবে বোন্দাত উপস্থিত হৈছিল জুবিন। অনুৰাগীসকলক উদ্দেশ্যি হাত জোকাৰি জুবিন উঠিছিল বোন্দা চপাইদাঙৰ মঞ্চত। জুবিনে গাই গ’ল ‘মায়া’, ‘অনামিকা’ৰ পৰা আৰম্ভ কৰি ইটোৰ পিছত সিটো জনপ্ৰিয় গীত। গান গোৱাৰ মাজে মাজে জুবিনৰ স্বভাৱসুলভ ধেমালি।

4 / 5

হঠাৎ জুবিনে অনুৰাগীক উদ্দেশ্যি ক’লে ‘মই নতুনকৈ ঘৰ বনালো। মই আৰু কাহিলীপাৰাত নাথাকো। মোক লগ কৰিবলৈ আহিলে এতিয়া নতুন ঘৰলৈ আহিব লাগিব?’ জুবিনৰ ঘোষণা শুনি উৎসুক বাঢ়িল অনুৰাগীসকলৰ। হাজাৰ হাজাৰ অনুৰাগীৰ মনত হাজাৰটা প্ৰশ্ন।

5 / 5

তাৰ পাছত জুবিনে ক’লে ‘খাৰঘূলিত ঘৰ বনালো আহিবি’। ক’ভিডৰ সময়তে অসুস্থ হৈ পৰাৰ পিছত কাহিলীপাৰাৰ ভগদত্তপুৰৰ ফ্লেটত থাকিবলৈ লৈছিল জুবিন গাৰ্গ। খাৰঘূলিৰ জিৰ’ মাইলৰ পুৰণি জুবিন গাৰ্গৰ ঘৰটো ভাঙি পেলোৱা হৈছিল। তাতেই এতিয়া নতুনকৈ ঘৰ সাজিলে জুবিন গাৰ্গে। এতিয়াৰে পৰা কাহিলীপাৰাৰ পৰিৱৰ্তে খাৰঘূলি হ’ব জুবিনৰ স্থায়ী ঠিকনা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...