Zubeen garg's sikaar: ১ কোটিৰো অধিক, ৩ দিনত কিমান টকা উপাৰ্জন কৰিলে জুবিন গাৰ্গৰ 'চিকাৰ'য়ে | Zubeen garg assamese movie sikaar box office collection entry on 1 cr club assam Assam news - Assam Tv9

Zubeen garg’s sikaar: ১ কোটিৰো অধিক, ৩ দিনত কিমান টকা উপাৰ্জন কৰিলে জুবিন গাৰ্গৰ ‘চিকাৰ’য়ে

Published: 

23 Sep 2024 | 06:16 PM

Zubeen garg's sikaar box office collection: ২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰা অসমীয়া ছবি চিকাৰ ছবিগৃহত এতিয়াও স-গৌৰৱে চলি আছে। প্ৰতিদিনেই অসমৰ কেইবাটাও ছবিগৃহত হাউচ ফুল হৈছে। ৩ দিনত চিকাৰে কিমান টকা আয় কৰিলে তলত সবিশেষ উল্লেখ কৰা হ'ল।

1 / 5২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছে অসমীয়া ছবি চিকাৰ। চেম ভট্টাচাৰ্যৰ দ্বাৰা প্ৰযোজনা কৰা ছবি চিকাৰ যোৱা ৩ দিন ধৰি অসমৰ প্ৰায় প্ৰতিটো ছবিগৃহতে স- গৌৰৱে চলি আছে। এই ছবিখনত জুবিন গাৰ্গ, উৰ্মিলা মহন্ত, আদিল হুচেইন, সিদ্ধাৰ্থ শৰ্মা আদিকে ধৰি বিভিন্ন জনে অভিনয় কৰিছে।

২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছে অসমীয়া ছবি চিকাৰ। চেম ভট্টাচাৰ্যৰ দ্বাৰা প্ৰযোজনা কৰা ছবি চিকাৰ যোৱা ৩ দিন ধৰি অসমৰ প্ৰায় প্ৰতিটো ছবিগৃহতে স- গৌৰৱে চলি আছে। এই ছবিখনত জুবিন গাৰ্গ, উৰ্মিলা মহন্ত, আদিল হুচেইন, সিদ্ধাৰ্থ শৰ্মা আদিকে ধৰি বিভিন্ন জনে অভিনয় কৰিছে।

2 / 5

ছবিখনে মুক্তিৰ দিনাই উপাৰ্জন কৰে ৩২ লাখৰো অধিক টকা। উল্লেখ কৰা প্ৰয়োজন যে ২২ ছেপ্টেম্বৰৰ দিনা আছিল নেশ্যনেল চিনেমা ডে। সেই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো অধিকাংশ চিনেমা হলৰ টিকটৰ মূল্য আছিল মাত্ৰ ৯৯ টকা। তেনে ক্ষেত্ৰত প্ৰথম দিনটোতেই ছবিখনে ৩২ লাখৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।

3 / 5

ইয়াৰ মাজতে আহিছে আন এক ভাল খবৰ। কিয়নো ১ কোটি টকাৰ ঘৰত প্ৰৱেশ কৰিলে জুবিন গাৰ্গৰ চিকাৰে। যোৱা ৩ দিনত চিকাৰে উপাৰ্জন কৰিলে ১ কোটি ৫ লাখ ২৫ হাজাৰ ৬৮১ টকা। চিকাৰৰ এই সফলতাৰ বাবে ছবিখনৰ টীমে সমূহ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে।

4 / 5

এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে। ছবিখনত শংকৰ চিকাৰী ৰূপে দেখা গৈছে জুবিন গাৰ্গক। চাহ বাগানীয়া যুৱক শংকৰে কেনেকৈ লণ্ডণলৈ গৈ প্ৰেমিকাক হত্যা কৰাৰ প্ৰতিশোধ লয় তাক দেখুওৱা হৈছে ছবিখনত। পৰম্পৰাগত আৰু আধুনিকতাৰ মাজৰ সংঘৰ্ষ আৰু সম্পৰ্কৰ সন্ধান কৰা ই এক একশ্যন থ্ৰীলাৰ।

5 / 5

আগন্তুক সময়ত এই ছবিখনে আৰু অধিক টকা উপাৰ্জন কৰিব বুলি আশা কৰা গৈছে। জুবিন, আদিল হুচেইন, উৰ্মিলা, সিদ্ধাৰ্থ আদিৰ অভিনয়ে দৰ্শকৰ মন মুহিছে। ইয়াৰোপৰি জুবিন গাৰ্গে ছবিখনৰ এটা দৃশ্যাংশত গোৱা ৰ'দ গীতটি বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?