Zubeen Garg: তেওঁ সদায়ে কৈ আহিছিল ব্ৰহ্মপুত্ৰৰ কথা... আজি মহাবাহুৰ বুকুত জুবিনৰ চিতাভস্ম বিসৰ্জন | Zubeen Garg ashes immersed in Brahmaputra Guwahati garima saikia garg Assam news - Assam Tv9

Zubeen Garg: তেওঁ সদায়ে কৈ আহিছিল ব্ৰহ্মপুত্ৰৰ কথা… আজি মহাবাহুৰ বুকুত জুবিনৰ চিতাভস্ম বিসৰ্জন

Updated On: 

29 Oct 2025 | 01:07 PM

গৰিমা শইকীয়া গাৰ্গে ক'লে, 'সকলোখিনি নিয়ম কৰাৰ পিছত এইখিনি নিয়ম বাকী আছিলে , পুৰোহিতে কৈছিলে বহুদিন চিতা ভষ্মখিনি ৰখাটো বেয়া কথা, সেইকাৰণে আলোচনা কৰি আজি ব্ৰহ্মপুত্ৰৰ বুকুতে বিলীন কৰিছো, যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথা সদায়ে কৈ আহিছিল'।

1 / 5মায়াবিনী ৰাতিক গীতেৰে জীপাল কৰা  প্ৰাণৰ শিল্পীগৰাকীৰ বিদায়। প্ৰায় ডেৰ মাহ হ'ল তেওঁ যোৱা। কিন্তু অসমীয়াই আজিও বুকুত কঢ়িয়াই লৈ ফুৰিছে অলেখ-অযুত বেদনা।

মায়াবিনী ৰাতিক গীতেৰে জীপাল কৰা প্ৰাণৰ শিল্পীগৰাকীৰ বিদায়। প্ৰায় ডেৰ মাহ হ'ল তেওঁ যোৱা। কিন্তু অসমীয়াই আজিও বুকুত কঢ়িয়াই লৈ ফুৰিছে অলেখ-অযুত বেদনা।

2 / 5

জীয়াই থাকোতে জুবিনে কৈছিল, 'মই মৰিলে ব্ৰহ্মপুত্ৰত উটাই দিলেই হ’ল'। ব্ৰহ্মপুত্ৰক সঁচাকৈ ভাল পাইছিল তেওঁ। আজি সেই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ’ল জুবিন গাৰ্গৰ চিতাভস্ম।

3 / 5

চকুলো টুকি মহাবাহুৰ বুকুত স্বামীৰ চিতাভস্ম বিসৰ্জন দিলে গৰিমা শইকীয়া গাৰ্গে। কাহিলীপাৰাৰ বাসগৃহৰ পৰা মহাবাহুলৈ লৈ যোৱা হ'ল চিতাভস্ম।

4 / 5

মহানগৰীৰ লাচিত ঘাটত জাহাজেৰে ব্ৰহ্মপুত্ৰৰ বক্ষত চিতাভস্ম বিসৰ্জন। লগত আছিল ভগ্নী পামী বৰঠাকুৰৰ লগতে পৰিয়ালৰ আন লোকসকল। জুবলী, পাৰ্থসাৰথি মহন্তৰ লগতে বহু লোক উপস্থিত আছিল জাহাজখনত।

5 / 5

গৰিমা শইকীয়া গাৰ্গে ক'লে, 'সকলোখিনি নিয়ম কৰাৰ পিছত এইখিনি নিয়ম বাকী আছিলে , পুৰোহিতে কৈছিলে বহুদিন চিতা ভষ্মখিনি ৰখাটো বেয়া কথা, সেইকাৰণে আলোচনা কৰি আজি ব্ৰহ্মপুত্ৰৰ বুকুতে বিলীন কৰিছো, যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথা সদায়ে কৈ আহিছিল'।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...