Depression: হতাশাত ভুগিছে নেকি? তেন্তে কৰক এই যোগ অভ্যাস… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Depression: হতাশাত ভুগিছে নেকি? তেন্তে কৰক এই যোগ অভ্যাস…

Updated On: 

19 Jun 2024 | 07:03 PM

আজিৰ ব্যস্ত পৃথিৱীত বহু মানুহে হতাশা বা ডিপ্ৰেছনৰ বলি হয়। কিন্তু কিছুমান যোগ আসন আছে যাৰ দ্বাৰা ইয়াৰ পৰা কিছু সকাহ পোৱা যায়। নিয়মিয়াকৈ যোগ কৰিলে দূৰ হ'ব পাৰে ডিপ্ৰেছনৰ পৰা।

1 / 5মানসিক চাপ আৰু হতাশা আদিয়ে মানুহৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত আজিকালি ডিপ্ৰেছন বেছিকৈ দেখা যায়। অৱশ্যে যোগ কৰিলে ইয়াৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰি।

মানসিক চাপ আৰু হতাশা আদিয়ে মানুহৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত আজিকালি ডিপ্ৰেছন বেছিকৈ দেখা যায়। অৱশ্যে যোগ কৰিলে ইয়াৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰি।

2 / 5

বজ্ৰাসনঃ মন শান্ত ৰাখিবলৈ দৈনিক বজ্ৰাসন কৰিব লাগে। এই যোগ আসনৰ বিশেষত্ব হ’ল ই কেৱল আপোনাৰ মানসিক স্বাস্থ্যৰ উন্নতি কৰাই নহয়, পেটত থকা সমস্যাসমূহো দূৰ কৰিব।

3 / 5

সুখাসনঃ যোগৰ এই ভংগীমাক আটাইতকৈ সহজ ভংগীমা বুলি গণ্য কৰা হয়।ই এক প্ৰকাৰ ধ্যান। মানসিক চাপ বা হতাশাৰ সন্মুখীন হোৱাসকলে দৈনিক কমেও ১০ মিনিট এই ভংগীমাত বহিব লাগে। ইয়াৰ দ্বাৰা সমস্যা দূৰ হয়।

4 / 5

পাচ্চিমোত্তনাসনঃ আপুনি আপোনাৰ ব্যস্ত জীৱনৰ পৰা ১০ মিনিট সময় উলিয়াই এই আসনটো কৰিব পাৰে। এই আসনৰ দ্বাৰা শাৰীৰিক লগতে মানসিক শান্তি পোৱাও যায়।

5 / 5

উত্তনাসন: যদি আপুনি হতাশাৰ কবলত পৰিছে তেন্তে এই যোগ আসন আপোনাৰ সহায় কৰিব। ইয়াৰ ফলত আপোনাৰ মনটো শান্ত হ’ব। নিয়মিতভাৱে এই আসন কৰিলে আপুনি হতাশাৰ পৰা কিছু সকাহ পাব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...