Yoga for depression: মানসিক অৱসাদ দূৰ কৰিবলৈ কৰক এই ৫ যোগাসন, অনুভৱ কৰিব শান্তি | yoga for depression 5 yoga tips for your mental health know in details Assam news - Assam Tv9

Yoga for depression: মানসিক অৱসাদ দূৰ কৰিবলৈ কৰক এই ৫ যোগাসন, অনুভৱ কৰিব শান্তি

Published: 

26 Nov 2024 06:57 AM

Yoga for depression: যোগাসনে আমাৰ মন আৰু শৰীৰ দুয়োকে সুস্থ কৰি ৰাখে। দৈনিক যোগাসন কৰাৰ অভ্যাস গঢ়ি তুলিব পাৰিলে বহু বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। মানসিৰ অৱসাদ দূৰ কৰাতো যোগাসনে সহায় কৰে। এনে কেইটামান যোগাসন উল্লেখ কৰা হ'ল-

1 / 5বালাসনঃ এই আসন অতি সহজ আৰু বহু উপকাৰী। দৈনিক মাত্ৰ ৩০ ছেকেণ্ডৰ পৰা ১ মিনিটলৈ এই  যোগাসন কৰিলে আপুনি বহু ভাল অনুভৱ কৰিব। এই আসনৰ দ্বাৰা মানসিক চাপৰ পৰা উপশম পাব পাৰি লগতে ই গোৰোহা শক্তিশালী কৰা, মেৰুদণ্ডৰ নমনীয়তা বৃদ্ধি কৰা, হৃদযন্ত্ৰৰ পেশীবোৰ সুস্থ কৰি ৰখা, চুলি সৰাৰ পৰা মুক্তি পোৱা, ৰক্ত সঞ্চালন উন্নত কৰা আদি কামবোৰ কৰে।

বালাসনঃ এই আসন অতি সহজ আৰু বহু উপকাৰী। দৈনিক মাত্ৰ ৩০ ছেকেণ্ডৰ পৰা ১ মিনিটলৈ এই যোগাসন কৰিলে আপুনি বহু ভাল অনুভৱ কৰিব। এই আসনৰ দ্বাৰা মানসিক চাপৰ পৰা উপশম পাব পাৰি লগতে ই গোৰোহা শক্তিশালী কৰা, মেৰুদণ্ডৰ নমনীয়তা বৃদ্ধি কৰা, হৃদযন্ত্ৰৰ পেশীবোৰ সুস্থ কৰি ৰখা, চুলি সৰাৰ পৰা মুক্তি পোৱা, ৰক্ত সঞ্চালন উন্নত কৰা আদি কামবোৰ কৰে।

2 / 5

মৰ্জাৰাসনঃ চাপৰ পৰা সকাহ পাবলৈ দৈনিক মাৰ্জাৰাসন কৰিব পাৰি। ইয়াৰোপৰি ই কঁকাল, ডিঙি আৰু কঁকালৰ বিষৰ পৰা উপশম পোৱাত সহায় কৰে। এই আসন কৰিলে মূৰৰ বিষৰ পৰা উপশম পোৱা যায় আৰু পাচনতন্ত্ৰ শক্তিশালী হয়। দৈনিক এই আসন কৰাৰ অভ্যাস গঢ়ি তুলিব পাৰে।

3 / 5

পশ্চিমাটোসনঃ দৈনিক কিছু সময় এই আসন কৰিলে শৰীৰৰ লগতে মনৰ বাবে ভাল। ই উদ্বেগ আৰু মানসিক চাপ কমোৱাত সহায় কৰে।ডায়েবেটিছ ৰোগীৰ বাবেও এই আসন অত্যন্ত উপকাৰী। আৰম্ভণিতে এই যোগ আসনটো কৰিবলৈ কিছু অসুবিধা হ’ব পাৰে। প্ৰথম অৱস্থাত শৰীৰটো জোৰকৈ বেঁকা কৰাৰ পৰা আঁতৰি থাকি সহজে এই আসন কৰক।

4 / 5

সুপ্ত বদ্ধ কোণাসনঃ এই আসন মনৰ লগতে শৰীৰ বাবেও ভাল। এই যোগ আসনে শৰীৰত অক্সিজেনৰ প্ৰবাহ বৃদ্ধি কৰে,যাৰ ফলত মনৰ অৱস্থা ঠিকে থকাত সহায় হয়। ইয়াৰ উপৰিও সুপ্ত বদ্ধ কনাসন ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক। এই যোগ আসন ৰাতি শুই উঠাৰ আগতে বিছনাতে কৰিব পাৰি।

5 / 5

সুখাসনঃপুৱা কিছু সময়ৰ বাবে দৈনিক সুখাসন কৰিব পাৰে। এই আসন সকলোৱে কৰিব পৰা সহজ যোগাসন। এই যোগাসন কৰিলে মানসিক চাপ কম হোৱাৰ লগতে ভাল টোপনি, উদ্বেগ অনুভৱৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। এই আসন অনুশীলন কৰিলে আভ্যন্তৰীণ শান্তি অনুভৱ হয়।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?