ডিঙিৰ কুঁজে পেলাইছে নেকি সমস্যাত? আজিৰ পৰা আৰম্ভ কৰক এই ৫ যোগাসন – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

ডিঙিৰ কুঁজে পেলাইছে নেকি সমস্যাত? আজিৰ পৰা আৰম্ভ কৰক এই ৫ যোগাসন

Published: 

15 Jun 2024 | 12:46 PM

শাৰীৰিক আৰু মানসিক দিশ শক্তিশালী কৰাত যোগাসনে বহু সহায় কৰে। প্ৰতিটো আসনৰ প্ৰভাৱ পৰে আমাৰ শৰীৰত। কেইটামান আসন আছে যিয়ে ডিঙিৰ কুঁজৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।

1 / 5মৎস্যাসন:ডিঙিৰ কুঁজৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মিতভাৱে মৎস্যাসন কৰাটো উপকাৰী। এই আসনটো কেইছেকেণ্ডমান থাকি এৰি দিব লাগে। ৩বাৰকৈ কৰিব লাগে আসন। ইয়াৰ ফলত আপুনি ডিঙিৰ কুঁজৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে কঁকালৰ বিষ, আঠু আদিৰ বিষ কম হোৱাত সহায় কৰে।

মৎস্যাসন:ডিঙিৰ কুঁজৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মিতভাৱে মৎস্যাসন কৰাটো উপকাৰী। এই আসনটো কেইছেকেণ্ডমান থাকি এৰি দিব লাগে। ৩বাৰকৈ কৰিব লাগে আসন। ইয়াৰ ফলত আপুনি ডিঙিৰ কুঁজৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে কঁকালৰ বিষ, আঠু আদিৰ বিষ কম হোৱাত সহায় কৰে।

2 / 5

ভূজাংগাসনঃ ডিঙিৰ কুঁজৰ পৰা পৰিত্ৰাণ পাবলৈ এই আসনো কৰিব পাৰে। ডিঙিৰ কুঁজ কমোৱাত সহায় কৰাৰ উপৰিও এই আসনে ভাগৰ দূৰ কৰা, তেজ আৰু অক্সিজেনৰ মাত্ৰা বৃদ্ধি সহায় কৰে।

3 / 5

শলাভাসনঃ ডিঙিৰ কুঁজ কমাবলৈ শলাভাসন কৰিব পাৰে। দৈনিক এই আসন কৰিলে ডিঙি, মেৰুদণ্ড, কান্ধ আৰু ভৰিৰ পেশীৰ শক্তি বৃদ্ধি পায়। এই আসন কৰিলে আপোনাৰ শৰীৰৰ ভাৰসাম্য গঢ়ি তোলাতো সহায় কৰে।

4 / 5

বালাসনঃ ডিঙিৰ কুঁজ কমোৱাত এই আসনেও সহায় কৰে। এই আসন কৰিলে ডিঙি, পিঠি, কঁকাল আৰু কান্ধৰ বিষৰ পৰাও সকাহ পোৱা যায়। ইয়াৰ উপৰিও মানসিক চাপ নিয়ন্ত্ৰণত সহায় কৰে। এই আসনৰ নিয়মীয়া অভ্যাসে গোৰোহা আৰু উৰু শক্তিশালী কৰে।

5 / 5

অধোমুখাসনঃ ডিঙিৰ কুঁজ সমস্যাত ভুগি থকাসকলৰ বাবে এই আসন উপকাৰী। ইয়াৰ উপৰিও এই আসনটো কৰিলে শৰীৰত নমনীয়তাও আহে আৰু কঁকালৰ বিষ, ভাগৰুৱা, মূৰৰ বিষ, ৰাতি টোপনি নোহোৱা, পাচনতন্ত্ৰৰ সমস্যা আদিৰ পৰাও উপশম পোৱা যায়।

স্তনৰ আকাৰ, স্তন ৰঙা পৰা... ভুলতো এই লক্ষণসমূহ আওকাণ নকৰিব!
Kiss কৰি দূৰ কৰক অৱসাদ! বিশেষজ্ঞৰ পৰা জানক উপকাৰৰ বিষয়ে...
দুপৰীয়া ভাত খোৱাৰ পিছত টোপনি কিয় লাগে? কাৰণ জানক...
লিভাৰ চিৰ’ছিছ হ’লে প্ৰথমে শৰীৰত দেখা যায় এইবোৰ লক্ষণ, জানক...
বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ
SR ত অভিযোগ দিয়াটো জাতীয় দায়িত্ব -মুখ্যমন্ত্ৰী
৭৭ সংখ্যক গণৰাজ্য দিৱসত বায়ুসেনাৰ AIR SHOW
কৰ্তব্য পথত উজলিল অসমৰ টেৰাকোটা শিল্প