কেৱল উমাই নহয়, ভাৰতৰ বিশ্বকাপ জয়ত অসমৰ সৈতে আন এক সংযোগ! জানিলে আপুনিও হ’ব গৌৰৱান্বিত | Womens World Cup 2025: Beyond Uma Chetry, Coach Amol Muzumdar Also Shares a Special Assam Link Assam news - Assam Tv9

কেৱল উমাই নহয়, ভাৰতৰ বিশ্বকাপ জয়ত অসমৰ সৈতে আন এক সংযোগ! জানিলে আপুনিও হ’ব গৌৰৱান্বিত

Updated On: 

03 Nov 2025 | 07:36 PM

মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে জয় কৰে খিতাপ। ইয়াৰ লগে লগে উমা বিশ্বকাপ জয় কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। পিছে আপুনি জানেনে, এই বিশ্বকাপ জয়ত অসমৰ সৈতে আন এক বিশেষ সংযোগো আছে?

1 / 5ভাৰতীয় ক্ৰিকেট ইতিহাসত এক চিৰ স্মৰণীয় দিন হিচাপে পৰিগণিত হয় ২ নৱেম্বৰৰ দিনটো। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে ২ নৱেম্বৰ, দেওবাৰে ইতিহাস সৃষ্টি কৰি এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ৰ চূড়ান্ত বিজয়ীৰ হাঁহি মাৰে।

ভাৰতীয় ক্ৰিকেট ইতিহাসত এক চিৰ স্মৰণীয় দিন হিচাপে পৰিগণিত হয় ২ নৱেম্বৰৰ দিনটো। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে ২ নৱেম্বৰ, দেওবাৰে ইতিহাস সৃষ্টি কৰি এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ৰ চূড়ান্ত বিজয়ীৰ হাঁহি মাৰে।

2 / 5

মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে জয় কৰে খিতাপ। এই স্বৰ্ণিল ইতিহাসৰ অংশীদাৰ হয় অসমৰ উমা ছেত্ৰীও। ইয়াৰ লগে লগে উমা বিশ্বকাপ জয় কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।

3 / 5

পিছে আপুনি জানেনে, এই বিশ্বকাপ জয়ত অসমৰ সৈতে আন এক বিশেষ সংযোগো আছে? উমাৰ লগতে বিশ্বকাপ জয়ী ভাৰতীয় দলৰ আন এগৰাকী সদস্যৰো বিশেষ সংযোগ আছে অসমৰ সৈতে। পিছে কোন এইগৰাকী বিশ্বজয়ী সদস্য!

4 / 5

তেওঁ আন কোনো নহয়, বিশ্বকাপ জয়ী ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক অমল মুজুমদাৰেই হৈছে অসমৰ সৈতে সংযোগ থকা বিশ্বজয়ী সদস্যগৰাকী। বৰ্তমানৰ প্ৰশিক্ষক তথা এসময়ত ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ এক স্বনামধন্য খেলুৱৈ অমল মুজুমদাৰে অসম দলক প্ৰতিনিধিত্ব কৰিছিল।

5 / 5

ৰঞ্জী ট্ৰফীৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী অমল মুজুমদাৰে ২০০৯-১০ আৰু ২০১০-১১ ছিজনৰ ৰঞ্জী ট্ৰফীত অসমক প্ৰতিনিধিত্ব কৰিছিল। ২০০৯ চনৰ ছৈয়দ মুস্তাক ট্ৰফীৰ বাবে ঘোষিত মুম্বাই দলৰ পৰা বাদ পৰাৰ পিছত অসম দলত যোগ দিছিল অমল মুজুমদাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...