মহিলা বিশ্বকাপত জয়ী হৈ ভাৰতে লাভ কৰিলে ৯১ কোটি টকা, পাকিস্তানে কিমান পালে? | Women world cup 2025 how much money get pakistan women team know details in assamese Assam news - Assam Tv9

মহিলা বিশ্বকাপত জয়ী হৈ ভাৰতে লাভ কৰিলে ৯১ কোটি টকা, পাকিস্তানে কিমান পালে?

Published: 

04 Nov 2025 | 11:01 AM

Women World Cup 2025: প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে বিশ্বকাপৰ খিতাপ দখল কৰে। ইয়াৰ পাছতে দলটোৱে মুঠ ৯১ কোটি টকা লাভ কৰে। পিছে পাকিস্তানে কিমান টকা পালে?

1 / 5প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে বিশ্বকাপৰ খিতাপ লাভ কৰে। মহিলা বিশ্বকাপ ২০২৫ ৰ ফাইনেলত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি এই খিতাপ লাভ কৰিবলৈ সক্ষম হয়। এই সময়চোৱাত দলটোক লৈ সমূহ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। ই মহিলা ক্ৰিকেটক অন্য এক দিশলৈও লৈ গৈছে। (Photo- PTI)

প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে বিশ্বকাপৰ খিতাপ লাভ কৰে। মহিলা বিশ্বকাপ ২০২৫ ৰ ফাইনেলত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি এই খিতাপ লাভ কৰিবলৈ সক্ষম হয়। এই সময়চোৱাত দলটোক লৈ সমূহ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। ই মহিলা ক্ৰিকেটক অন্য এক দিশলৈও লৈ গৈছে। (Photo- PTI)

2 / 5

জয়ৰ পাছতে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে বহু পুৰস্কাৰ লাভ কৰে। দলটোৱে ৯১ কোটি টকা লাভ কৰে। টুৰ্ণামেন্টত চেম্পিয়ন হোৱাৰ বাবে দলটোৱে লাভ কৰে ৪০ কোটি টকা। ইফালে বিচিচিআইয়ে দলটোৰ বাবে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে। এই পুৰস্কাৰ দলটোৰ খেলুৱৈ, প্ৰশিক্ষক, কৰ্মচাৰী আদি সকলোৰে বাবে। (Photo- PTI)

3 / 5

পিছে বিশ্বকাপৰ মেচত পাকিস্তানে এখন মেচতো জয়লাভ নকৰিলে। গতিকে প্ৰশ্ন হয়, এই বিশ্বকাপত পাকিস্তানৰ মহিলা ক্ৰিকেট দলটোৱে কিমান কোটি টকা লাভ কৰিলে? ভাৰতীয় দলটোৰ তুলনাত কিমান কম টকা পালে? (Photo- PTI)

4 / 5

পাকিস্তানৰ মহিলা ক্ৰিকেট দলটোৱে প্ৰতিযোগিতাখনৰ আটাইতকৈ বেয়া প্ৰদৰ্শন আগবঢ়াইছিল। কলোম্বোৰ খেলা প্ৰতিখন খেলতে দলটো পৰাজয়ৰ সন্মুখীন হৈছিল। বিশ্বকাপত ৮ টা দল আছিল। এনে অৱস্থাত পইন্ট টেবুলৰ একেবাৰে শেষত তথা ৮ নম্বৰত থাকে পাকিস্তানীয় মহিলা ক্ৰিকেট দল। (Photo: PTI)

5 / 5

এই দুৰ্বল প্ৰদৰ্শনৰ বাবে এতিয়ালৈকে PCB য়ে দলটোৰ বাবে কোনো পুৰস্কাৰ ঘোষণা কৰা নাই। অৱশ্যে টুৰ্ণামেন্টত ৮ নম্বৰ দলটোৱে লাভ কৰিবলগীয়া ধনৰাশি তেওঁলোকে পাব। এই ধনৰাশি পাকিস্তানী মুদ্ৰা হিচাপত ১৪.৯৬ কোটি টকা। ইফালে ভাৰতীয় টকাৰ হিচাপত ইয়াৰ মূল্য ৪.৭০ কোটি টকা। (Photo: PTI)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...