পুনৰ অভিলেখ ভংগ! দুৰ্গা পূজাৰ সময়ত মহানগৰীত বিক্ৰী হ'ল প্ৰায় ৩০ কোটি টকাৰ সুৰা | wine sold record during durga puja in guwahati assam Assam news - Assam Tv9

পুনৰ অভিলেখ ভংগ! দুৰ্গা পূজাৰ সময়ত মহানগৰীত বিক্ৰী হ’ল প্ৰায় ৩০ কোটি টকাৰ সুৰা

Updated On: 

13 Oct 2024 22:15 PM

দুৰ্গা পূজাৰ সময়ছোৱাত গুৱাহাটীত সুৰা বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ। পূজাৰ দিনকেইটাত ৩০ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰী মহানগৰীত। গুৱাহাটী সুৰা বিক্ৰীৰ ২০২২-২৩ বৰ্ষৰ অভিলেখ ভংগ কৰিলে সুৰাপায়ীয়ে

1 / 5 ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে দুৰ্গা পূজা। ৯ অক্টোবৰত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মা  দুৰ্গাক শনিবাৰ আৰু দেওবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে ভক্তই।

ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে দুৰ্গা পূজা। ৯ অক্টোবৰত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাক শনিবাৰ আৰু দেওবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে ভক্তই।

2 / 5

মহানগৰতো দুৰ্গা পূজাক লৈ ব্যাপক উৎসাহ দেখা গ'ল ভক্তৰ মাজত। আটকধুনীয়াকৈ নিৰ্মাণ কৰা পূজা মণ্ডপসমূহে আকৰ্ষণ কৰিলে সকলোৰে মন।

3 / 5

ইয়াৰ মাজতে পুনৰ নতুন অভিলেখ গঢ়িলে গুৱাহাটীত সুৰাপায়ীয়ে। পূজাৰ ৪টা দিনত মহানগৰীৰ সুৰাপায়ীয়ে কিনিলে ৩০ কোটিৰো অধিক টকাৰ সুৰা।

4 / 5

গুৱাহাটী সুৰা বিক্ৰীৰ ২০২২-২৩ বৰ্ষৰ অভিলেখ ভংগ কৰিলে সুৰাপায়ীয়ে। উল্লেখ্য যে ২০২২ বৰ্ষত ১৬.৮০ কোটি টকা আৰু ২০২৩ বৰ্ষত ২২.৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল মহানগৰীত।

5 / 5

কিছুদিন পূৰ্বে প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২৩ৰ তুলনাত ২০২৪ৰ এপ্ৰিলত হ্ৰাস পাইছিল ক্ৰয় কৰা সুৰাৰ পৰিমাণ । সুৰাৰ দাম বৃদ্ধিৰ পাছতে অসমত হ্ৰাস পাইছিল সুৰাৰ বিক্ৰী ৷ তাৰ পাছত বিক্ৰেতাসকলক সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ আদেশ জাৰি কৰিছিল অসম চৰকাৰৰ আবকাৰী বিভাগে ।

কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...
সঘনাই জ্বৰ বা সংক্রমণ, দুৰ্বলতা অনুভৱ কৰে নেকি ? ব্লাড কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক