গুৱাহাটী টেষ্টত খেলিব পাৰিবনে গিলে? ইডেনত পৰাজয়ৰ পিছতে প্ৰশিক্ষক গম্ভীৰে দিলে ডাঙৰ আপডেট | Will Shubman Gill Play the Guwahati Test vs South Africa? Coach Gautam Gambhir Gives Update Assam news - Assam Tv9

গুৱাহাটী টেষ্টত খেলিব পাৰিবনে গিলে? ইডেনত পৰাজয়ৰ পিছতে প্ৰশিক্ষক গম্ভীৰে দিলে ডাঙৰ আপডেট

Updated On: 

16 Nov 2025 | 07:31 PM

ইডেন টেষ্টৰ দ্বিতীয় দিনা ডিঙিৰ বিষৰ পিছতে খেলপথাৰ এৰা গিলে মেচখনত পুনৰ খেলপথাৰলৈ অহা নাছিল। এতিয়া দ্বিতীয়খন টেষ্টত গিলে খেলিব পাৰিবনে, সেই লৈ যথেষ্ট চৰ্চা চলিছে। মেচৰ অন্তত প্ৰশিক্ষক গৌতম গম্ভীৰে এই সন্দৰ্ভত আপডেট দিয়ে।

1 / 5দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হৈছে ভাৰত। ইডেন টেষ্টত ভাৰত ৩০ ৰানৰ পৰাস্ত হয়। এই পৰাজয়ৰ পিছত এতিয়া দ্বিতীয়খন টেষ্টত প্ৰত্যাৱৰ্তন ঘটাব লাগিব ভাৰতীয় দলে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হৈছে ভাৰত। ইডেন টেষ্টত ভাৰত ৩০ ৰানৰ পৰাস্ত হয়। এই পৰাজয়ৰ পিছত এতিয়া দ্বিতীয়খন টেষ্টত প্ৰত্যাৱৰ্তন ঘটাব লাগিব ভাৰতীয় দলে।

2 / 5

বৰ্ষাপাৰাত হ’বলগা দ্বিতীয় টেষ্টত ভাৰতৰ জয়ৰ আশা কৰিছে অনুৰাগীয়ে। পিছে দলৰ অধিনায়ক শুভমন গিলৰ আঘাতৰ বাবে এতিয়াও চিন্তামুক্ত হ’ব পৰা দল তথা অনুৰাগী। ইডেন টেষ্টৰ দ্বিতীয় দিনা ডিঙিৰ বিষৰ পিছতে খেলপথাৰ এৰা গিলে মেচখনত পুনৰ খেলপথাৰলৈ অহা নাছিল।

3 / 5

প্ৰথম ইনিংছত ৪ ৰান সংগ্ৰহ কৰা সময়তে আঘাতপ্ৰাপ্ত হৈছিল গিল আৰু তাৰ পিছত ৰিটায়াৰ্ড আউট হয়। ইয়াৰ পিছতে গিলক কলকাতাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছে মেচখনত গিলক পুনৰ বেটিং কৰাৰ পৰা বিৰত ৰখা হয়। ভাৰতীয় বেটিং লাইন আপত গিলৰ অভাৱ স্পষ্ট হৈ পৰিছিল।

4 / 5

এতিয়া দ্বিতীয়খন টেষ্টত গিলে খেলিব পাৰিবনে, সেই লৈ যথেষ্ট চৰ্চা চলিছে। মেচৰ অন্তত প্ৰশিক্ষক গৌতম গম্ভীৰে এই সন্দৰ্ভত আপডেট দিয়ে। গম্ভীৰে জানিবলৈ দিয়া মতে গিলৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি থকা হৈছে। দলৰ ফিজিঅ’ই অতি সোনকালে গিলক লৈ সিদ্ধান্ত ল’ব বুলি তেওঁ লগতে কয়।

5 / 5

উল্লেখ্য যে ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাত আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ। প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰাত টেষ্ট ক্ৰিকেট অনুষ্ঠিত হ’ব। এই মেচখনতো যদি গিলে খেলিব নোৱাৰে, তেতিয়া ঋষভ পণ্টে দলৰ অধিনায়কৰ দায়িত্ব পালন কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...