পলাশবাৰীত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উঠিল গাফিলতিৰ অভিযোগ | Wild Elephant Electrocuted to Death in Palashbari, South Kamrup Assam news - Assam Tv9

পলাশবাৰীত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উঠিল গাফিলতিৰ অভিযোগ

Updated On: 

06 Dec 2025 | 02:55 PM

প্ৰায় ৮ ফুট উচ্চতাৰ বিদুৎ সংযোগী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ ওচৰতে থকা পুখুৰী এটাত বাগৰি পৰে হাতীটো। লগে লগে হাতীটোৱে শোকাৱহভাৱে প্ৰাণ হেৰুৱায়। ইফালে স্থানীয় ৰাইজে মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে।

1 / 5শেহতীয়া সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ কৰুণ মৃত্যুৰ খবৰ প্ৰকাশ পাইছে। ইয়াৰে বহুকেইটা ঘটনাত বিদ্যুৎস্পৃষ্ট হোৱাৰ বাবে হাতীৰ মৃত্যু ঘটা দেখা গৈছে। এতিয়া পুনৰ পোহৰলৈ আহিছে এনে এক শোকজনক খবৰ।

শেহতীয়া সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ কৰুণ মৃত্যুৰ খবৰ প্ৰকাশ পাইছে। ইয়াৰে বহুকেইটা ঘটনাত বিদ্যুৎস্পৃষ্ট হোৱাৰ বাবে হাতীৰ মৃত্যু ঘটা দেখা গৈছে। এতিয়া পুনৰ পোহৰলৈ আহিছে এনে এক শোকজনক খবৰ।

2 / 5

দক্ষিণ কামৰূপৰ পলাশবাৰী অঞ্চলৰ কান্দুপুৰত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটে। স্থানীয় ৰাইজে আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ পিছতে লোহাৰঘাট বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোক উদ্ধাৰ কৰে।

3 / 5

মৃত হাতীটোক স্থানীয় ৰাইজে ধৰ্মীয় নীতি-নিয়ম অনুসাৰে শেষ বিদায় জনায়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ মাজকুছি, উৰপুত, তিনিআলি, পাৰাকুছিকে আদি কৰি বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে।

4 / 5

যোৱা নিশা কান্দুপুৰত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীটো বিদ্যুতৰ সংস্পৰ্শলৈ আহে। প্ৰায় ৮ ফুট উচ্চতাৰ বিদুৎ সংযোগী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ ওচৰতে থকা পুখুৰী এটাত বাগৰি পৰে হাতীটো। লগে লগে হাতীটোৱে শোকাৱহভাৱে প্ৰাণ হেৰুৱায়।

5 / 5

ইফালে স্থানীয় ৰাইজে মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে। মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলে কি হিচাপত মাত্ৰ ৮ ফুট উচ্চতাৰ বিদুৎ সংযোগী তাঁৰ স্থাপন কৰিছে, সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় একাংশ লোকে।

মানুহে কৰা এই পাপৰ নাই ক্ষমা! প্ৰেমানন্দ মহাৰাজে ক'লে...
নিশা বহু দেৰিলৈ টোপনি নাহে নেকি? তেন্তে সাৱধান!
হঠাতে ৰক্তচাপ বৃদ্ধি পালে এই লক্ষণবোৰে দেখা দিয়ে, চিনাক্ত কৰক
হঠাতে কিয় বৃদ্ধি হয় ৰক্তচাপ? কাৰণ জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...