নিশা ভাল টোপনিৰ পিছতো থাকে নেকি অৱসাদৰ ভাৱ? আঁৰত আছে এনে কাৰণ… | Why feeling weak even after good sleep at night Assam news - Assam Tv9

নিশা ভাল টোপনিৰ পিছতো থাকে নেকি অৱসাদৰ ভাৱ? আঁৰত আছে এনে কাৰণ…

Published: 

04 Aug 2024 | 09:14 PM

সুস্থ দৈহিক আৰু মানসিক অৱস্থাৰ বাবে আমাক প্ৰয়োজন হয় নিয়মিত ভাল টোপনিৰ। সাধাৰণতে নিজকে সুস্থ কৰি ৰাখিবলৈ আমাক ৭-৮ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন হয়। অনিদ্ৰা বা নিদ্ৰাহীনতাই আমাৰ দৈহিক-মানসিক স্বাস্থ্য দুৰ্বল কৰি তোলে। নিশা ভাল টোপনি নহ’লে গোটেই দিনটো দুৰ্বল আৰু ভাগৰুৱা ভাৱে আৱৰি ৰাখে। কিন্তু কেতিয়াবা নিশা ভাল টোপনি হোৱাৰ পিছতো এনে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ হোৱা দেখা যায়।

1 / 5নিশা শোৱাৰ পূৰ্বে ফোন, লেপটপ আদি ইলেক্ট্ৰিক গেজেট ব্যৱহাৰ কৰিলে টোপনিৰ ক্ষেত্ৰত কুপ্ৰভাৱ পৰে। সেয়ে শোৱাৰ পূৰ্বে পৰাপক্ষত এনে সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে।

নিশা শোৱাৰ পূৰ্বে ফোন, লেপটপ আদি ইলেক্ট্ৰিক গেজেট ব্যৱহাৰ কৰিলে টোপনিৰ ক্ষেত্ৰত কুপ্ৰভাৱ পৰে। সেয়ে শোৱাৰ পূৰ্বে পৰাপক্ষত এনে সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে।

2 / 5

সঠিক সময়ত শোৱা আৰু টোপনিৰ পৰা উঠাটো যথেষ্ট গুৰুত্বপূৰ্ণ। শুবলৈ যোৱাৰ পূৰ্বে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। ডিহাইড্ৰেচনৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতা আৰু শাৰীৰিক ক্লান্তি বাঢ়িব পাৰে আৰু ইয়াৰ ফলত টোপনি ভাল হ’লেও দিনটো ভাগৰুৱা ভাৱ থাকিব পাৰে।

3 / 5

অধিক মানসিক চাপত ভূগিলে ১০ ঘণ্টা সময় শুলেও শাৰীৰিক বা মানসিক ক্লান্তি কম নহয়। মানসিক চাপে ষ্ট্ৰেছ হৰম’ন কৰ্টিছল শৰীৰত নিৰ্গত হয়। এই ষ্ট্ৰেছ হৰম’নবোৰে টোপনিৰ গুণগত মান আৰু সময়সীমাও হ্ৰাস কৰে।

4 / 5

থাইৰয়ডৰ দৰে হৰম’নৰ ভাৰসাম্যহীনতাৰ সমস্যাৰ বাবে টোপনি বেয়া হয়। টোপনি আহিলেও এই সমস্যাই আমাক ক্লান্ত কৰি ৰাখে। যিকোনো হৰম’নৰ সমস্যাই আমাক দুৰ্বল কৰি তোলে। ইয়াৰ ফলত ভাল টোপনিৰ পিছতো সতেজতা অনুভৱ নহয়।

5 / 5

ভিটামিন ডি, আইৰণৰ দৰে পুষ্টিকৰ উপাদানৰ অভাৱত শাৰীৰিক ক্লান্তি বৃদ্ধি পায়। এনে উপাদানসমূহৰ অভাৱত শৰীৰত শক্তিৰ মাত্ৰা হ্ৰাস পায়। সেয়ে ভাল টোপনিৰ পিছতো ভাগৰুৱা যেন অনুভৱ হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...