পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে চৰাই কিয় উৰি নাযায়? ইয়াৰ আঁৰৰ ৰহস্য জানক... | Why do birds not fly over the Jagannath Temple in Puri Assam news - Assam Tv9

পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে চৰাই কিয় উৰি নাযায়? ইয়াৰ আঁৰৰ ৰহস্য জানক…

Updated On: 

28 Jun 2025 17:23 PM

পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে চৰাই উৰিব নোৱাৰা কথাটো এতিয়াও গভীৰ ৰহস্যৰ আৱৰ্তত। বেছিভাগ ভক্তই ইয়াক ভগৱান জগন্নাথৰ ঐশ্বৰিক শক্তি আৰু অলৌকিকতা বুলি গণ্য কৰে। জগন্নাথ মন্দিৰক অনন্য কৰি তোলাৰ আঁৰৰ বহু অমীমাংসিত ৰহস্যৰ ভিতৰত এয়া অন্যতম।

1 / 5পুৰীৰ জগন্নাথ মন্দিৰৰ লগত বহুতো ৰহস্য জড়িত হৈ আছে। তাৰ ভিতৰত এটা হ’ল ইয়াৰ ওপৰেৰে চৰাই বা বিমান উৰি নাযায়। এই পৰিঘটনাক লৈ ধৰ্মীয় আৰু বৈজ্ঞানিক দুয়োটা বিশ্বাস প্ৰচলিত। এই ৰহস্যই ভক্ত আৰু বিজ্ঞানী উভয়কে আচৰিত কৰি তুলিছে।

পুৰীৰ জগন্নাথ মন্দিৰৰ লগত বহুতো ৰহস্য জড়িত হৈ আছে। তাৰ ভিতৰত এটা হ’ল ইয়াৰ ওপৰেৰে চৰাই বা বিমান উৰি নাযায়। এই পৰিঘটনাক লৈ ধৰ্মীয় আৰু বৈজ্ঞানিক দুয়োটা বিশ্বাস প্ৰচলিত। এই ৰহস্যই ভক্ত আৰু বিজ্ঞানী উভয়কে আচৰিত কৰি তুলিছে।

2 / 5

আটাইতকৈ বিশেষ ধৰ্মীয় বিশ্বাস হ’ল যে ভগৱান জগন্নাথৰ (যিজন ভগৱান বিষ্ণুৰ অৱতাৰ) বাহন গৰুড় দেৱে নিজেই এই মন্দিৰৰ ৰক্ষণাবেক্ষণ কৰে। চৰাইৰ ৰজাই নিজে মন্দিৰ ৰক্ষা কৰি থকাৰ বাবে আন চৰাইবোৰে সন্মান জনাই বা ভয়ত মন্দিৰৰ ওপৰেৰে উৰি নাযায় বুলি বিশ্বাস কৰা হয়।

3 / 5

ভক্তসকলে বিশ্বাস কৰে যে এয়া এক ঐশ্বৰিক শক্তি বা অলৌকিকতা যিয়ে ভগৱান জগন্নাথৰ মহিমা দেখুৱাইছে। এই মন্দিৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলটো ‘ন’-ফ্লাই জ’ন’ যিটো ভগৱানৰ দ্বাৰা নিয়ন্ত্ৰিত বুলি বিশ্বাস আছে। পুৰী উপকূলীয় অঞ্চল আৰু জগন্নাথ মন্দিৰ সাগৰৰ অতি ওচৰত। এই অঞ্চলত প্ৰায়ে প্ৰচণ্ড বতাহ বলি থাকে।

4 / 5

বিজ্ঞানীসকলৰ মতে মন্দিৰৰ উচ্চতা আৰু বিশাল গঠনৰ বাবে ইয়াৰ ওপৰৰ বায়ুৰ প্ৰবাহ ইমানেই তীব্ৰ আৰু জটিল (‘কৰ্মন ভৰটেক্স ষ্ট্ৰীট’ৰ পৰিঘটনাৰ দৰে) যে চৰাইৰ বাবে ভাৰসাম্য ৰক্ষা কৰা আৰু ইমান উচ্চতাত উৰিবলৈ কঠিন হৈ পৰে।

5 / 5

বিমানৰ বাবে কোৱা হয় যে পুৰী চহৰখন কোনো নিয়মীয়া বিমান পথত নাহে, সেয়ে তাৰ ওপৰেৰে বিমান উৰণৰ কোনো কাৰণ নাই। লগতে বহু লোকে কয় যে, মন্দিৰৰ ওপৰত স্থাপন কৰা নীলাচক্ৰ, যিটো আঠটা ধাতুৰে নিৰ্মিত, ৱায়াৰলেচ সংযোগত বাধাৰ সৃষ্টি কৰে আৰু বিমানৰ বাবে ভাবুকি কঢ়িয়াই আনে, যদিও এয়া এটা উৰাবাতৰিৰ বাহিৰে আন একো নহয়।

এগৰাকী মহিলাৰ দেহত আৱিষ্কাৰ নতুন ব্লাড গ্ৰুপ, ইয়াৰ নাম কি আৰু ক'ৰ পৰা আহিল?
বাৰে বাৰে আপোনাৰ শৰীৰটো ভাগৰুৱা যেন লাগে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
কিনা পানীৰ বটলৰ সাঁফৰৰ ৰং কিয় বেলেগ বেলেগ হয় জানেনে?
গোৰোহাৰ বিষ বা ফুলাটো কি ৰোগৰ লক্ষণ? সবিশেষ জানক