04 Feb 2025 | 11:22 AM
বাজেটৰ পিছত একেৰাহে হ্ৰাস পাইছে সোণৰ মূল্য। আজি ৪ ফেব্ৰুৱাৰী মঙলবাৰে সোণ সস্তা হৈ পৰিছে। আজি ২৪ আৰু ২২ কেৰেট সোণৰ মূল্য ৪০০ টকা হ্ৰাস পাইছে। ১০ গ্ৰাম সোণৰ গড় মূল্য প্ৰায় ৮৪,১০০ টকা।
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেটৰ বাবে প্ৰতি ১০ গ্ৰামত ৮৪,০৪০ টকা আৰু ২২ কেৰেটৰ বাবে প্ৰতি ১০ গ্ৰামত ৭৭,০৪০ টকা।
৪ ফেব্ৰুৱাৰীত গুৱাহাটীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৪০৪ টকা আৰু ২২ কেৰেট সোণৰ মূল্য আছিল প্ৰতি গ্ৰামত ৭,৭০৪ টকা হৈছে।
২০২৫ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত ৰূপৰ মূল্য আছিল প্ৰতি গ্ৰামত ১০৭ টকা। আজি ভাৰতত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৯.৪০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৯,৪০০ টকা হৈছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য, চৰকাৰে আৰোপ কৰা আমদানি শুল্ক, কৰ আৰু টকাৰ উঠা-নমা আদি বিভিন্ন কাৰণত ভাৰতত সোণৰ মূল্য ভিন্ন হয়। সোণ কেৱল বিনিয়োগৰ আহিলা নহয় বৰঞ্চ ভাৰতীয় সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ।