Gold Price: সোণ ক্ৰয় কৰিব বিচাৰে নেকি? জানক গুৱাহাটীত কিমান সোণ-ৰূপৰ মূল্য | what is the price of gold and silver in Guwahati on 9th July Assam news - Assam Tv9

Gold Price: সোণ ক্ৰয় কৰিব বিচাৰে নেকি? জানক গুৱাহাটীত কিমান সোণ-ৰূপৰ মূল্য

Published: 

09 Jul 2025 | 12:35 PM

সোণ-ৰূপৰ মূল্যত আহিছে ডাঙৰ পৰিৱৰ্তন। আজি পুনৰ বৃদ্ধি পাইছে সোণৰ মূল্য। ২০২৫ চনৰ ৯ জুলাই তাৰিখে আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

1 / 5ট্ৰাম্পৰ শুল্কৰ বাবে সোণৰ মূল্য বৃদ্ধি পাইছে। আনহাতে, ডলাৰ সূচকাংকৰ ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ বাবে সোণৰ চাহিদা বৃদ্ধি পাইছে।

ট্ৰাম্পৰ শুল্কৰ বাবে সোণৰ মূল্য বৃদ্ধি পাইছে। আনহাতে, ডলাৰ সূচকাংকৰ ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ বাবে সোণৰ চাহিদা বৃদ্ধি পাইছে।

2 / 5

সোণ-ৰূপৰ দৰত ডাঙৰ পৰিৱৰ্তন আহিছে ৷ যোৱা কেইদিনমানৰ পৰা সোণৰ মূল্য হ্ৰাস পাইছিল যদিও আজি পুনৰ বৃদ্ধি পাইছে সোণৰ দাম। আজি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দৰ হৈছে ৯৮,৮৫০ টকা। যিটো ৮ জুলাইত ১০ গ্ৰামত আছিল ৯৮,২৮০ টকা। আজি ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯০,৬১০ টকা আৰু ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৪,১৪০ টকা হৈছে।

3 / 5

বিশেষজ্ঞসকলৰ মতে শুল্কৰ উপৰিও ডলাৰ সূচকাংক হ্ৰাস পোৱাৰ ফলত সোণৰ মূল্য বৃদ্ধি হৈছে। সেই বাবে দেশৰ ৰাজধানী দিল্লীত পুনৰবাৰ সোণৰ মূল্যই অতিক্ৰম কৰিলে ৯৯ হাজাৰ টকাৰ ঘৰ। যদি পৰিস্থিতি একেই থাকে, তেন্তে অতি সোনকালে সোণৰ দাম আকৌ এবাৰ ১ লাখ টকা অতিক্ৰম কৰিব।

4 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৮১৮ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,০০০ টকা আৰু ১৮ কেৰেট সোণ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৩৬৪ টকা।

5 / 5

আজি ৰূপৰ দাম কমিছে। যিটো দেশত প্ৰতি কেজিত ১,০৯,৮৯০ টকা। আজি গুৱাহাটীত ৰূপৰ মূল্য ১১০ আৰু প্ৰতি কিলোগ্ৰামত ১,১০,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...