Assam Weather: প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যত বৰষুণ, ঘন কুঁৱলীৰ বাবে গুৱাহাটীত বিমানৰ যাত্ৰা বাতিল! | Weather Update yellow alert in Assam 22 district cold increased with dense fog Assam news - Assam Tv9

Assam Weather: প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যত বৰষুণ, ঘন কুঁৱলীৰ বাবে গুৱাহাটীত বিমানৰ যাত্ৰা বাতিল!

Updated On: 

24 Jan 2025 | 11:36 AM

Assam Weather Update: কুঁৱলীৰ বাবে দেশৰ ভিন্ন প্ৰান্তত ব্যাহত হৈছে স্বাভাৱিক জীৱন যাত্ৰা। ঘন কুঁৱলীৰ বাবে যান-বাহন চলোৱা অসুবিধাৰ সন্মুখীন হৈছে চালকসকল। ইয়াৰ মাজতে ৰাজ্যৰ ২২খন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।

1 / 5গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ঘন কুঁৱলীৰ আচ্ছাদন। নেদেখা হৈ পৰিছে বাট-পথ। যাৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনা।

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ঘন কুঁৱলীৰ আচ্ছাদন। নেদেখা হৈ পৰিছে বাট-পথ। যাৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনা।

2 / 5

কুঁৱলীৰ বাবে ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত। প্ৰান্তে প্ৰান্তে হৈছে পাতলীয়া বৰষুণো। ৰাজ্যৰ ২২খন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।

3 / 5

আজি গুৱাহাটীত সৰ্বনিম্ন তাপমান ১৬° আৰু সৰ্বাধিক তাপমান ২৪° ছেলচিয়াছ। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা,বঙাইগাঁও,গোৱালাপাৰা, বজালী, নলবাৰী, কামৰূপ, গুৱাহাটী মহানগৰ, নগাঁও, মৰিগাঁও, হোজাই,পূব-পশ্চিম কাৰ্বি আংলং, হাইলাকান্দি, শ্ৰীভূমি, মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া আদিত Yellow Alert জাৰি বিজ্ঞান বিভাগৰ।

4 / 5

ইফালে ঘন কুঁৱলীৰ বাবে ব্যাহত হৈ পৰিছে বিমান, ৰে’লৰ লগতে ফেৰী চলাচল। গুৱাহাটীত বাতিল কৰা হৈছে কেইবাখনো বিমানৰ যাত্ৰা। কেইবাখনো বিমানৰ যাত্ৰা বিলম্ব হোৱা বুলি জানিব পৰা গৈছে।

5 / 5

বাতিল কৰা হৈছে দিল্লী-গুৱাহাটী বিমান। বাতিল কৰা হৈছে মুম্বাই-গুৱাহাটী ইণ্ডিগ’ বিমান। লগতে বাতিল হৈছে বেংগালুৰু-গুৱাহাটী বিমানো।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...