Weather: আগন্তুক ৫ দিন ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি... | weather forecast till 25 august assam rain Assam news - Assam Tv9

Weather: আগন্তুক ৫ দিন ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি…

Published: 

21 Aug 2024 11:54 AM

আগন্তুক ৫ দিন বৰষুণে জুৰুলা কৰিব পাৰে জনতাক। গুৱাহাটীৰ লগতে অসমৰ কেইবাঠাইতো বতৰ ডাৱৰীয়া হোৱাৰ লগতে কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱণা আছে। এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে তথ্য।

1 / 5Weather: আগন্তুক ৫ দিন ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি…

2 / 5

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা অনুসৰি আগন্তুক ৪-৫ দিনলৈ ৰাজ্যত বৰষুণ দি থকাৰ সম্ভাৱণা আছে। পশ্চিম অসমৰ পৰা উত্তৰ ওড়িশালৈকে গড় সমুদ্র পৃষ্ঠৰ ৯.৮-১২ কিলোমিটাৰ ওপৰত নিম্ন চাপৰ বিস্তৃত ৰেখা বিৰাজমান।

3 / 5

২২ আগষ্টৰ দিনটোত ৰাজ্যৰ প্ৰায়ভাগ অঞ্চলতে মধ্যমীয়া বৰষুণ হোৱাৰ লগতে বিজুলী-ঢেৰেকনি অহাৰো সম্ভাৱণা আছে। অহা ২৪ ঘন্টাত উজনি অসমৰ কেইবাঠাইত ধুমুহা- বৰষুণ হোৱাৰ সম্ভাৱণা আছে। ইয়াৰ লগতে বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

4 / 5

অহা ২৫ আগষ্টলৈ অসমৰ লগতে গুৱাহাটীত বৰষুণ দি থকাৰ সম্ভাৱণা আছে। গুৱাহাটীৰ লগতে অসমৰ কেইবাঠাইত প্ৰৱল বৰষুণো হ'ব পাৰে।

5 / 5

গতিকে আগন্তুক ৫ দিনমান বৰষুণে ৰাইজক গৰমৰ পৰা সকাহ দিয়াৰ লগতে কিছু সমস্যাৰো সৃষ্টি কৰিব পাৰে। এজাক বৰষুণৰ পাছতেই গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হয়। গতিকে নেৰানেপেৰা বৰষুণ দিলে গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হ'ব পাৰে।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…