জেলৰ দৰে জীৱন কটাই বিৰাট কোহলিয়ে! নাপাই আৰু কেতিয়াও এই সুখ, আঁৰৰ কাৰণ জানক... | virat kohli says five start hotels are like jail see all details in assamese Assam news - Assam Tv9

জেলৰ দৰে জীৱন কটাই বিৰাট কোহলিয়ে! নাপাই আৰু কেতিয়াও এই সুখ, আঁৰৰ কাৰণ জানক…

Updated On: 

17 Sep 2025 19:28 PM

ডাঙৰ ডাঙৰ চেলিব্ৰেটিসকলৰ জীৱন দেখাত বহুত সুখী যেন লাগে। কিন্তু তেওঁলোকৰ মাজতো যেন বহুত দুখ লুকাই থাকে। ঠিক তেনেকৈ, অতি জনপ্ৰিয় হোৱাৰ পাছতো বিৰাট কোহলিয়ে আৰু কেতিয়াও হয়তো লাভ নকৰে কিছুমান সুখ!

1 / 5এগৰাকী জনপ্ৰিয় ক্ৰিকেটৰ বিৰাট কোহলি। কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বত বিৰাট কোহলিৰ কোটি কোটি অনুৰাগী আছে। বিৰাটৰ জীৱনটো দেখাত অতি সাধাৰণ যেন লাগে। বেছি সময় তেওঁ খেলপথাৰ বা পত্নী-সন্তানৰ সৈতে সময় পাৰ কৰা দেখা যায়। বহুতে কয়, অনুষ্কাক লগ পোৱাৰ পাছতে তেওঁৰ যেন জীৱন সলনি হৈ গৈছে। (Photo-PTI)

এগৰাকী জনপ্ৰিয় ক্ৰিকেটৰ বিৰাট কোহলি। কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বত বিৰাট কোহলিৰ কোটি কোটি অনুৰাগী আছে। বিৰাটৰ জীৱনটো দেখাত অতি সাধাৰণ যেন লাগে। বেছি সময় তেওঁ খেলপথাৰ বা পত্নী-সন্তানৰ সৈতে সময় পাৰ কৰা দেখা যায়। বহুতে কয়, অনুষ্কাক লগ পোৱাৰ পাছতে তেওঁৰ যেন জীৱন সলনি হৈ গৈছে। (Photo-PTI)

2 / 5

কিন্তু আপুনি জানি আচৰিত হ'ব যে বিৰাটে নিজৰ জীৱনৰ বেছি সময় বন্দিত্বৰ দৰে অতিবাহিত কৰিছে। বিৰাটে য'তেই নাযাওক কিয় বেছিভাগ সময় ফাইভ ষ্টাৰ হোটেলত থাকে। কিন্তু তাৰ পাছতে বিৰাটৰ জীৱন যে জেলৰ ভিতৰত থকাৰ দৰে!(Photo-PTI)

3 / 5

এবাৰ এক সাক্ষাৎকাৰত এই কথা বিৰাটে নিজে প্ৰকাশ কৰিছে। বিৰাটে ফাইভ ষ্টাৰ হোটেলক জেলৰ লগত তুলনা কৰিছে। ই এছ পি এনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিৰাটে কয় যে ফাইভষ্টাৰ এক ৰজাঘৰীয়া কাৰাগাৰ য’ত আপুনি একো কৰিব নোৱাৰে। (Photo-PTI)

4 / 5

বিৰাটে কয়, মই হোটেলৰ ৰেষ্টুৰেণ্টলৈ খাবলৈ যাব নোৱাৰো। হোটেলৰ বাহিৰ ওলোৱাটো বহু দূৰৰ কথা। মই সকলো খোৱা বস্তু নিজৰ কোঠাত অৰ্ডাৰ কৰিব লাগে, আৰু সেই এটা কোঠাৰ ভিতৰতে বহি পুৱা, দুপৰীয়া আৰু নিশাৰ আহাৰ গ্ৰহণ কৰিব লাগে। উল্লেখ্য যে, এইবাবে হয়তো বিৰাটে ফাইভ ষ্টাৰক জেলৰ সৈতে তুলনা কৰিছে। (Photo-PTI)

5 / 5

সাক্ষাৎকাৰটোত কোহলিয়ে কৈছে- তেওঁ ৰাস্তাত বা ৰাজহুৱা স্থানত মুক্তমনে খোজ কাঢ়িব বিচাৰে,কিন্তু নোৱাৰে। হয়তো এই কাৰণতে এইগৰাকী খেলুৱৈক ভাৰততকৈ ইংলেণ্ডত বেছি সময় কটোৱা যেন লাগে। উল্লেখ্য যে অধিক বেছি জনপ্ৰিয় হোৱা বাবে বিৰাটে ৰাজপথত মুক্তমনে ঘূৰিব নোৱাৰে। যাৰ বাবে তেওঁ কেতিয়াবা দুখ অনুভৱো কৰে। (Photo-PTI)

এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
স্বামীৰ বাবে সৌভাগ্য কঢ়িয়াই আনে এই ৪ গুণৰ মহিলাই, জানক...
খালী পেটত চাহ খোৱা অভ্যাস আছে নেকি? হ’ব পাৰে এই ৩টা গুৰুতৰ সমস্যা...
জীৱনলৈ আহিব দুৰ্ভাগ্য! কেতিয়াও ব্যৱহাৰ নকৰিব আনৰ এইসমূহ বস্তু...
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী