মাটিৰ পৰা ৪০০ ফুট উচ্চতাত বিজয় মালিয়াৰ 'হাৱা মহল', এদিনো সুযোগ নাপালে থকাৰ, দাম শুনিলে হ'ব আচৰিত... | vijay malia hawa mahal know the prize in details Assam news - Assam Tv9

মাটিৰ পৰা ৪০০ ফুট উচ্চতাত বিজয় মালিয়াৰ ‘হাৱা মহল’, এদিনো সুযোগ নাপালে থকাৰ, দাম শুনিলে হ’ব আচৰিত…

Published: 

08 Jun 2025 19:42 PM

বিজয় মালিয়া। ভাৰতৰ পলাতক এই ব্যৱসায়ীগৰাকীয়ে কোটি টকাৰ জালিয়াতি সংঘটিত কৰি বিদেশত আছে। এই বিজয় মালিয়াই এটা সপোনৰ ঘৰ নিৰ্মাণ কৰিছিল। য'ত তেওঁ এদিনো থাকিব নোৱাৰিলে।

1 / 5বাংগালুৰুৰ ইউ বি চিটিত অৱস্থিত কিংফিচাৰ টাৱাৰৰ ৩৪ নং মহলাত থকা দুমহলীয়া পেণ্টহাউছটো হয়তো বহুতৰ কল্পনাৰ ওপৰত। মাটিৰ পৰা ৪০০ ফুট উচ্চতাত আছে এই বাংলোটো। এই স্কাই-ভিলাটোত ছুইমিং পুল, ব্যক্তিগত হেলিপেড, ৩৬০ ডিগ্ৰীৰ ভিউ আৰু বহু অত্যাধুনিক সা-সুবিধা আছে। এই ভিলাটো ভাৰতৰ সুৰাৰ ৰজা খ্যাত বিজয় মাল্যাৰ সপোন আছিল।

বাংগালুৰুৰ ইউ বি চিটিত অৱস্থিত কিংফিচাৰ টাৱাৰৰ ৩৪ নং মহলাত থকা দুমহলীয়া পেণ্টহাউছটো হয়তো বহুতৰ কল্পনাৰ ওপৰত। মাটিৰ পৰা ৪০০ ফুট উচ্চতাত আছে এই বাংলোটো। এই স্কাই-ভিলাটোত ছুইমিং পুল, ব্যক্তিগত হেলিপেড, ৩৬০ ডিগ্ৰীৰ ভিউ আৰু বহু অত্যাধুনিক সা-সুবিধা আছে। এই ভিলাটো ভাৰতৰ সুৰাৰ ৰজা খ্যাত বিজয় মাল্যাৰ সপোন আছিল।

2 / 5

প্ৰায় ৪.৫ একৰ ভূমিক বিস্তৃত এই কিংফিচাৰ টাৱাৰৰ মুঠ ৩৩টা মহলা আৰু ৮১টা এপাৰ্টমেণ্ট আছে। মালিয়াই ওপৰৰ মহলাত এটা বগা পেন্টহাউচ নিৰ্মাণ কৰিছিল। এই বাংলাটো প্ৰায় ৪০,০০০ বৰ্গফুট আগুৰি আছে। মালিয়াই নিজৰ পচন্দ অনুসৰি ইয়াত নিৰ্মাণ কৰিছিল।ইয়াত তেওঁৰ ব্যক্তিগত লিফ্ট, ব্যক্তিগত লবী আৰু হোম অফিচো আছে। কিন্তু এই ঘৰটোত এদিনো থাকিব নোৱাৰিলে তেওঁ।

3 / 5

Vijay Mallya বহু সপোন দেখি বিজয় মালিয়াই এই বাংলটো নিৰ্মাণ কৰিছিল। এই বাংলো নিৰ্মাণ কৰা কোম্পানী প্ৰেষ্টিজ এষ্টেটছ প্ৰজেক্টছৰ অধ্যক্ষ ইৰফান ৰাজাকৰ মতে, ৩৩ মহলীয়া অট্টালিকাৰ ওপৰত ইমান ডাঙৰ পেণ্টহাউছ নিৰ্মাণ কৰাটো প্ৰত্যাহ্বান আছিল। Paint House 4

4 / 5

দেশৰ বহু বৃহৎ ব্যৱসায়ীয়ে এই বিলাসী টাৱাৰত বাস কৰে। ইনফ’ছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি, লেখিকা সুধা মূৰ্তি, জিৰোধাৰ নিখিল কামত, বায়’কনৰ কিৰণ মজুমদাৰ শ্ব’ৰ দৰে উদ্যোগপতিসকলে ইয়াত ফ্লেট ক্ৰয় কৰিছে। প্ৰতিটো এপাৰ্টমেণ্ট প্ৰায় ৮০০০ বৰ্গফুটত বিস্তৃত। ইয়াৰ ন্যুনতম মূল্য ২০ কোটি টকা।

5 / 5

এই পেণ্টহাউচটোৰ আনুমানিক মূল্য প্ৰায় ২ কোটি ডলাৰ অৰ্থাৎ প্ৰায় ১৭০ কোটি টকা। কিন্তু বিজয় মালিয়াই তাত এদিনো থকাৰ সুযোগ নাপালে। বহু কোটি টকাৰ কেলেংকাৰীত নাম সাঙোৰ খোৱা বিজয় মালিয়াই লণ্ডনলৈ পলাই যায়। তাত তেওঁ পুত্ৰ আৰু বোৱাৰীৰ সৈতে বাস কৰে।

IPLকৈও অধিক ধন লাভ কৰিব WTCৰ বিজয়ী দলে, ভাৰতে লাভ কৰিব ইমান পৰিমাণৰ ধন…
আপোনাৰ এনে দৈনন্দিন অভ্যাসে মাতি আনিব পাৰে বিপদ, লাহে লাহে কৰিব পাৰে হাওঁফাওঁৰ ক্ষতি
সঘনাই পেটৰ বিষ, গেছ হৈ থাকে নেকি? জানক ইয়াৰ কাৰণ...
যকৃতৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি? এনেকৈ চিনাক্ত কৰক...