Vastu Tips For kitchen: পাকঘৰত এইসমূহ বস্তু পৰাটো অশুভ সংকেত! বাস্তু শাস্ত্ৰৰ মতে... | Vastu Tips For kitchen Is it auspicious or inauspicious if these things fall in the kitchen Assam news - Assam Tv9

পাকঘৰত এইসমূহ বস্তু পৰাটো অশুভ সংকেত! বাস্তু শাস্ত্ৰই কি কয় জানক…

Published: 

09 Jul 2025 15:14 PM

Vastu Tips For kitchen: পাকঘৰত বাৰে বাৰে গাখীৰ, নিমখ বা সৰিয়হৰ তেল পৰিলে কেৱল পিছলি যোৱাৰ সমস্যাই নহয়, বাস্তু শাস্ত্ৰৰ মতে ই আপোনাৰ ঘৰত শক্তিৰ ভাৰসাম্যহীনতা আৰু আহিবলগীয়া সমস্যাৰ লক্ষণো হ’ব পাৰে। ইয়াৰ আঁৰৰ বাস্তু কাৰণৰ বিষয়ে জানো আহক।

1 / 6গাখীৰ উতলি পৰি যোৱাটো গ’লে ভাল বুলি গণ্য কৰা নহয়। বাস্তুৰ মতে ই ধন হেৰুৱাৰ প্ৰতীক আৰু ঘৰত মানসিক অশান্তিৰ প্ৰতীক। ইয়াৰ উপৰিও পাৰিবাৰিক বিবাদ আৰু ব্যয় বৃদ্ধিৰ দিশটোও আঙুলিয়াই দিয়ে।

গাখীৰ উতলি পৰি যোৱাটো গ’লে ভাল বুলি গণ্য কৰা নহয়। বাস্তুৰ মতে ই ধন হেৰুৱাৰ প্ৰতীক আৰু ঘৰত মানসিক অশান্তিৰ প্ৰতীক। ইয়াৰ উপৰিও পাৰিবাৰিক বিবাদ আৰু ব্যয় বৃদ্ধিৰ দিশটোও আঙুলিয়াই দিয়ে।

2 / 6

হাতৰ পৰা নিমখ পৰি যোৱাটো বাস্তুত অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ পৰা বুজা যায় যে আপোনাৰ ঘৰত আৰ্থিক সংকট হ’ব পাৰে বা ধনৰ অপচয় হ’ব পাৰে। ইয়াৰ উপৰিও ঋণাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি কৰে, যিয়ে সম্পৰ্কক তিক্ততা আনিব পাৰে।

3 / 6

সৰিয়হৰ তেল পৰি যোৱাটোও শুভ বুলি গণ্য কৰা নহয়। বাস্তু শাস্ত্ৰৰ মতে ই ঋণ আৰু স্বাস্থ্যজনিত সমস্যা বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। বিশেষকৈ শনিবাৰে তেল পৰাটো শনিদেৱৰ অসন্তুষ্টিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

4 / 6

টেপৰ পৰা অবিৰতভাৱে টোপ-টোপকৈ বা অপ্ৰয়োজনীয়ভাৱে পানী পৰি থকাটোও বাস্তু দোষ বুলি ধৰা হয় । ই ঘৰৰ ধন অপচয় আৰু অপ্ৰয়োজনীয় খৰচৰ ইংগিত দিয়ে।

5 / 6

পাকঘৰত বাচন-বৰ্তন সঘনাই পৰি থকা বা ভাঙি যোৱাটো পাৰিবাৰিক জীৱনত বিসংগতি আৰু অশান্তিৰ লক্ষণ হ’ব পাৰে। ঘৰৰ সদস্যসকলৰ মাজত সম্প্ৰীতিৰ অভাৱৰ ইংগিত দিয়ে।

6 / 6

কোনো কাৰণ নোহোৱাকৈ ৰৈ যোৱা খাদ্য পেলাই দিয়া বা খাদ্যৰ অপচয় কৰাটো বাস্তু দোষ বুলি গণ্য কৰা হয়। ই ঘৰত ঋণাত্মক শক্তি সঞ্চয় কৰি সমৃদ্ধিত বাধা দিয়ে।

প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ হালধীয়া… ই কি ৰোগৰ লক্ষণ?
Sawan 2025: শাওনত তুলসী ৰোপণ কৰিলে আঁতৰে জীৱনৰ সকলো বাধা!
গুৰু পূৰ্ণিমাৰ সময়ত কি কৰিব লাগে, কি নালাগে, জানক...
এইসমূহ ভুলৰ বাবে আপোনাৰ শৰীৰত বৃদ্ধি পাব পাৰে চুগাৰৰ মাত্ৰা...