Urine infection: প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা, বিষ হয় নেকি? তেন্তে জানক ইয়াৰ কাৰণ... | urine infection reason know what expert says in details Assam news - Assam Tv9

Urine infection: প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা, বিষ হয় নেকি? তেন্তে জানক ইয়াৰ কাৰণ…

Updated On: 

03 Apr 2025 | 04:31 PM

বহু মহিলাই প্ৰস্ৰাৱ সংক্ৰমণৰ সমস্যাত ভোগে। এই সময়চোৱাত মহিলাই প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা , কেতিয়াবা ঘাঁ আদি হোৱাৰ সমস্যাত পৰা দেখা যায়। গতিকে এই প্ৰস্ৰাৱ সংক্ৰমণৰ কাৰণ জনা অতি আৱশ্যক।

1 / 5চিকিৎসকৰ মতে, ৬ মাহত দুবাৰতকৈ অধিক বা বছৰত ৩ বাৰতকৈ অধিক প্ৰস্ৰাৱ সংক্ৰমণত ৰিক্ৰিয়েট ইনফেকশ্যন বুলি কোৱা হয়। এই সংক্ৰমণ স্বাস্থ্যৰ বাবে অতি বেয়া। এই সংক্ৰমণৰ এটা কাৰণ হ'ল- শাৰীৰিক গঠনগত সমস্যা। মহিলাসকলৰ মূত্ৰনলী স্বাভাৱিকতে চুটি, যাৰ ফলত বেক্টেৰিয়া অধিক সহজে প্ৰৱেশ কৰিব পাৰে। কিছুমান শাৰীৰিক সমস্যা, যেনে বৃক্ক বা মূত্ৰাশয়ৰ পাথৰ আদিৰ ফলতো এই সংক্ৰমণ হ'ব পাৰে।

চিকিৎসকৰ মতে, ৬ মাহত দুবাৰতকৈ অধিক বা বছৰত ৩ বাৰতকৈ অধিক প্ৰস্ৰাৱ সংক্ৰমণত ৰিক্ৰিয়েট ইনফেকশ্যন বুলি কোৱা হয়। এই সংক্ৰমণ স্বাস্থ্যৰ বাবে অতি বেয়া। এই সংক্ৰমণৰ এটা কাৰণ হ'ল- শাৰীৰিক গঠনগত সমস্যা। মহিলাসকলৰ মূত্ৰনলী স্বাভাৱিকতে চুটি, যাৰ ফলত বেক্টেৰিয়া অধিক সহজে প্ৰৱেশ কৰিব পাৰে। কিছুমান শাৰীৰিক সমস্যা, যেনে বৃক্ক বা মূত্ৰাশয়ৰ পাথৰ আদিৰ ফলতো এই সংক্ৰমণ হ'ব পাৰে।

2 / 5

বহু সময় প্ৰস্ৰাৱ ধৰি ৰখাৰ লগতো এই সংক্ৰমণ হ'ব পাৰে। গতিকে প্ৰস্ৰাৱ ধৰি ৰখাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰোপৰি ডায়েবেটিক নিউৰ’পেথী, ল’ৰাৰ প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি, প্ৰষ্টেট কেন্সাৰ, আৰু কিছুমান স্নায়ুজনিত কাৰণতো এই ৰোগ হয়।

3 / 5

হৰম’নৰ পৰিৱৰ্তনৰ ফলত এই সংক্ৰমণ হ'ব পাৰে। ইষ্ট্ৰজেন হৰম’ন হ্ৰাস পালে এই সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰোপৰি যদি অনিয়ন্ত্ৰিত ডায়েবেটিছৰ বাবে প্ৰস্ৰাৱত চুগাৰৰ মাত্ৰা বৃদ্ধি পাই তেন্তে সহজে বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে।

4 / 5

প্ৰস্ৰাৱ নলীত দীৰ্ঘদিন ধৰি ফৰেন পাৰ্টিকেল জমা হৈ থকাৰ ফলত প্ৰস্ৰাৱ সংক্ৰমণৰ সম্ভাৱনা যথেষ্ঠ বৃদ্ধি পায়। ইয়াৰোপৰি অপৰিষ্কাৰ আৰু কম পানী খোৱাৰ ফলত বেক্টেৰিয়া সংক্ৰমণ হ'ব পাৰে। সেয়ে লেতেৰা কাপোৰ পৰিধান কৰিব নালাগে। লগতে দিনত যথেষ্ঠ পৰিমাণে পানী খাব লাগে।

5 / 5

যৌন সম্পৰ্ক স্থাপন প্ৰস্ৰাৱ সংক্ৰমণৰ কাৰণ হ'ব পাৰে। যৌন সম্পৰ্কৰ ফলত মহিলাৰ মূত্ৰনলীত মাইক্ৰ’ট্ৰমা বা সৰু সৰু ঘাঁ হয়। ইয়াৰোপৰি যৌন সম্পৰ্কৰ সময়ত ব্যৱহাৰ কৰা কিছুমান পদাৰ্থৰ বাবে এই সংক্ৰমণ হয়। গতিকে যৌন সম্পৰ্কৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...