UPI য়ে গঢ়িলে অভিলেখঃ ১১ মাহত লেনদেন কৰিসে ২২৩ লাখ কোটি.... | UPI transactions worth Rs 223 lakh crore in 11 months: Report Assam news - Assam Tv9

UPI য়ে গঢ়িলে অভিলেখঃ ১১ মাহত লেনদেন কৰিসে ২২৩ লাখ কোটি….

Published: 

15 Dec 2024 | 03:44 PM

ইউ পি আইয়ে গঢ়িলে নতুন অভিলেখ। ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাজৰ ভিতৰত দেশত ১৫,৫৪৭ কোটি লেনদেন কৰি ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছে ২২৩ লাখ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিছে।

1 / 5UPI ক লৈ আহিছে এক ডাঙৰ খবৰ। ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাজৰ ভিতৰত দেশত ১৫,৫৪৭ কোটি লেনদেন কৰি ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছে ২২৩ লাখ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিছে। এই সন্দৰ্ভত বিত্ত মন্ত্ৰালয়ে তথ্য প্ৰকাশ কৰি কয় যে, UPI য়ে কেৱল যে ভাৰতত ডিজিটেল পেমেণ্টৰ সংখ্যা বৃদ্ধি কৰিছে তেনে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নাম উজ্বলাইছে। বৰ্তমান ৭ খন দেশত UPI য়ে  কাম কৰি আছে। সেই দেশ কেইখন- ইউ এ ই, ছিংগাপুৰ, ভূটান, নেপাল, শ্ৰীলংকা, ফ্ৰান্স আৰু মৰিছচ।

UPI ক লৈ আহিছে এক ডাঙৰ খবৰ। ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাজৰ ভিতৰত দেশত ১৫,৫৪৭ কোটি লেনদেন কৰি ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছে ২২৩ লাখ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিছে। এই সন্দৰ্ভত বিত্ত মন্ত্ৰালয়ে তথ্য প্ৰকাশ কৰি কয় যে, UPI য়ে কেৱল যে ভাৰতত ডিজিটেল পেমেণ্টৰ সংখ্যা বৃদ্ধি কৰিছে তেনে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নাম উজ্বলাইছে। বৰ্তমান ৭ খন দেশত UPI য়ে কাম কৰি আছে। সেই দেশ কেইখন- ইউ এ ই, ছিংগাপুৰ, ভূটান, নেপাল, শ্ৰীলংকা, ফ্ৰান্স আৰু মৰিছচ।

2 / 5

নেশ্যনেল পেমেন্ট কৰ্পাৰেছন অৱ ইণ্ডিয়াই ২০১৬ চনত UPI মুকলি কৰিছিল। এই ডিজিটেল পেমেণ্ট ব্যৱস্থাই বেংক একাউণ্টসমূহক এটা মোবাইল এপত সংযোগ কৰি ধন প্ৰেৰণ আৰু গ্ৰহণ কৰাটো সহজ কৰি তোলে। UPI ব্যৱস্থাই ভাৰতত ডিজিটেল মাধ্যমেৰে টকাৰ লেনদেন প্ৰক্ৰিয়া সহজ কৰি পেলাইছে।

3 / 5

২০২৪ চনৰ অক্টোবৰ মাহত ইউপিআইয়ে ১৬.৫৮ বিলিয়ন লেনদেনৰ নতুন অভিলেখ গঢ়িছিল। এতিয়া ইয়াৰ সংখ্যা ২৩.৪৯ লাখ কোটি টকালৈ বৃদ্ধি হয়। ইয়াৰ ফলত ২০২৩ চনৰ অক্টোবৰ মাহত ১১.৪০ বিলিয়ন লেনদেনৰ তুলনাত ৪৫% বাৰ্ষিক বৃদ্ধি হয়। ইউ পি আইৰ লগত জড়িত হৈ আছে ৬৩২টা বেংক।

4 / 5

ক্ষুদ্ৰ ব্যৱসায়ী, ৰাজপথৰ ব্যৱসায়ীকে ধৰি সকলোৰে বাবে ইউ পি আই ফলপ্ৰসূ হৈছে। ইয়াৰ ফলত দেশৰ কোটি কোটি মানুহ লাভৱান হৈছে। কোৰোনাৰ পাছৰ পৰা ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছিল। কিয়নো তেতিয়া মানুহে নগদ ধনৰ বিকল্প বিচাৰি আছিল। ইউৰোপীয় দেশ ফ্ৰান্সে প্ৰথমে ইউ পি আইক আদৰি লৈছিল।

5 / 5

২০২৩ চনত ভাৰতে বিশ্বজুৰি ৰিয়েল টাইম পেমেণ্ট লেনদেনৰ ৪৯% অৱদান আগবঢ়ায়। ACI Worldwide Report 2024 অনুসৰি এই সংখ্যাই ডিজিটেল পেমেণ্ট উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বক প্ৰতিফলিত কৰে। ইউ পি আইৰ সফলতাৰ মূল কাৰণ হ’ল ইয়াৰ শক্তিশালী গাঁথনি, গ্ৰাহকৰ আস্থা আৰু সহজলভ্য।

ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?