'ৰামায়ণ'ত ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন কি ধৰ্মৰ জানেনে? জানক... | upcoming movie ramayana which religion follow by actor mohit raina see in details Assam news - Assam Tv9

‘ৰামায়ণ’ত ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন কি ধৰ্মৰ জানেনে? জানক…

Updated On: 

13 Jul 2025 18:34 PM

বলীউডৰ জগতখনত বৰ্তমান সময়ত চৰ্চাত থকা এটা খবৰ হৈছে নীতেশ তিৱাৰীৰ আহিবলগীয়া ছবি ৰামায়ণ। টিভিত ভগৱান শিৱৰ অভিনয় কৰি জনপ্ৰিয় হোৱা অভিনেতাজনকো দেখা যাব এই ছবিখনত।

1 / 5প্ৰায় ১৬০০ কোটি টকাৰ বাজেটত নিতেশ তিৱাৰীৰ ছবি ৰামায়ণৰ দুয়োটা অংশ নিৰ্মাণ হ'ব। ২০২৬ চনৰ দেৱালীত মুক্তি পাবলগীয়া প্ৰথম খণ্ডটিৰ বাজেট ৮৩৫ কোটি টকা। অৱশ্যে পৰৱৰ্তী খণ্ডৰ বাবে ২০২৭ চনৰ দেৱালীলৈ অপেক্ষা কৰিব লাগিব। এই ছবিখনত বিভিন্ন চৰিত্ৰ বহু ভাবি চিন্তি লোৱা হৈছে।

প্ৰায় ১৬০০ কোটি টকাৰ বাজেটত নিতেশ তিৱাৰীৰ ছবি ৰামায়ণৰ দুয়োটা অংশ নিৰ্মাণ হ'ব। ২০২৬ চনৰ দেৱালীত মুক্তি পাবলগীয়া প্ৰথম খণ্ডটিৰ বাজেট ৮৩৫ কোটি টকা। অৱশ্যে পৰৱৰ্তী খণ্ডৰ বাবে ২০২৭ চনৰ দেৱালীলৈ অপেক্ষা কৰিব লাগিব। এই ছবিখনত বিভিন্ন চৰিত্ৰ বহু ভাবি চিন্তি লোৱা হৈছে।

2 / 5

ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা ৰণবীৰ কাপুৰে। আনহাতে সাই পল্লবীয়ে সীতাৰ অভিনয়ত, ৰাৱণৰ অভিনয়ত যশক দেখা যাব। ইয়াৰ লগতে শিৱৰ চৰিত্ৰটোৰ বাবে টিভিত জনপ্ৰিয়তা লাভ কৰা এজন অভিনেতাক লোৱা হৈছে। এই অভিনেতাজনে টিভিৰ ধাৰাবাহিকত শিৱৰ অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল।

3 / 5

এই অভিনেতাজনৰ নাম মোহিত ৰেইনা। পিছে প্ৰশ্ন হয়, মোহিত কি ধৰ্মৰ? জানিব পৰা মতে, মোহিতৰ জন্মসূত্ৰে এজন কাশ্মীৰী পণ্ডিত আৰু হিন্দু ধৰ্মত বিশ্বাসী। জম্মুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা অধ্যয়ন কৰিছিল তেওঁ। জম্মু বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ মুম্বাইলৈ গুচি যায়। য'ত অভিনেতাজনে মডেলিং আৰম্ভ কৰিছিল। পিছত তেওঁ টিভি শ্ব’ৰ বাবে অফাৰ পাইছিল।

4 / 5

মোহিতে হিন্দু ধৰ্ম অনুসৰণ কৰে যদিও আন ধৰ্মকো সন্মান কৰে। জানিব পৰা মতে, তেওঁ যিদিনা শিৱৰ চৰিত্ৰটোৰ বাবে অফাৰ লাভ কৰিছিল সেই দিনাই পিতৃক হেৰুৱাইছিল। বাস্তৱ জীৱনতো তেওঁ ভগৱান শিৱৰ মহান ভক্ত আৰু তেওঁক পূজা কৰে। তেওঁৰ পিতৃও শিৱৰ ভক্ত আছিল। ইয়াৰোপৰি তেওঁ অমৰনাথ যাত্ৰাও কৰিছে।

5 / 5

টিভিত কৰা ধাৰাবাহিকখনৰ পৰা মোহিতে যথেষ্ঠ মৰম লাভ কৰিছে। তেওঁৰ লুক তথা অভিনয়ে বহু দৰ্শকৰ মন স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে এতিয়া তেওঁ ৰামায়ন নামৰ ছবিখনৰ বাবে নিৰ্বাচিত হৈছে, য'ত তেওঁক পুনৰ শিৱৰ চৰিত্ৰত দেখা যাব।

বহু গুৰুতৰ ৰোগৰ অন্যতম এটা কাৰণ মানসিক চাপ, ইয়াৰ পৰা উপশম পোৱাৰ উপায় জানক
১৪ জুলাইৰ পৰা ভাল দিন আৰম্ভ হ'ব এই ৫ ৰাশিৰ...
পত্নীৰ ফটো মানিবেগত ৰাখিব লাগেনে? এনে অভ্যাসৰ বাবে ধনৰ আগমন ঘটে নে ক্ষতি হয় চাওক
খাদ্য বিষক্ৰিয়া হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক চিকিৎসকৰ পৰা...