'শংকৰ চিকাৰী' ৰূপত জুবিন গাৰ্গ, কেতিয়া মুক্তি পাব নতুন অসমীয়া ছবি 'চিকাৰ'... | upcoming assamese film sikaar release soon, announce zubeen garg Assam news - Assam Tv9

‘শংকৰ চিকাৰী’ ৰূপত জুবিন গাৰ্গ, কেতিয়া মুক্তি পাব নতুন অসমীয়া ছবি ‘চিকাৰ’…

Updated On: 

18 Sep 2024 | 05:25 PM

আহি আছে নতুন অসমীয়া ছবি চিকাৰ। জুবিন গাৰ্গে অভিনয় কৰা ছবিখন অতি শীঘ্ৰেই অসমৰ কেইবাটাও ছবি গৃহত মুক্তি লাভ কৰিব। ছবিখন উপভোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে জুবিন গাৰ্গে।

1 / 5গছ নাকাটিবলৈ আহ্বান জনাই ভিডিঅ' শ্বেয়াৰ কৰিলে জুবিন গাৰ্গে

গছ নাকাটিবলৈ আহ্বান জনাই ভিডিঅ' শ্বেয়াৰ কৰিলে জুবিন গাৰ্গে

2 / 5

ছবিখনত অভিনয় কৰিব জুবিন গাৰ্গ, আদিল হুচেইন, ধ্যানী মহন্ত, অন্তৰীক্ষ চহৰীয়া, উৰ্মিলা মহন্তকে ধৰি কেইবাজনো অভিনেতা- অভিনেত্ৰীয়ে। এই ছবিখনত জুবিন গাৰ্গে মুখ্য চৰিত্ৰত অভিনয় কৰিব। চাহ বাগানীয়া যুৱক হিচাপে দেখা যাব জুবিনক।

3 / 5

ছবিখনত জুবিনৰ নাম হ'ব শংকৰ। অসমৰ চাহ বাগিচাৰ পৰা লণ্ডণলৈ গৈ তেওঁ বাগদত্তাৰ জীৱন ৰক্ষা কৰিব বিচাৰে। ছবিখনত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু আমেৰিকাৰ নাটকীয় দৃশ্যপটৰ সমম্বয় দেখুওৱা হ'ব। পৰম্পৰাগত আৰু আধুনিকতাৰ মাজৰ সংঘৰ্ষ আৰু সম্পৰ্কৰ সন্ধান কৰা ই এক একশ্যন থ্ৰীলাৰ।

4 / 5

ইয়াৰোপৰি এই ছবিখনত চাহ বাগিছাৰ বিভিন্ন দিশ দাঙি ধৰা হ'ব। ছবিখনৰ কাহিনী, চিত্ৰনাট্য় আৰু পৰিচালনা কৰিছে দেবাংকৰ বৰগোঁহাইয়ে। ছবিখন অসমৰ বাহিৰতো পৰৱৰ্তী সময়ক মুক্তি পাব।

5 / 5

ছবিখন উপভোগ কৰিবলৈ জুবিন গাৰ্গে সকলোকে আহ্বান জনাইছে। ছ'চিয়েল মিডিয়াৰ যোগেদি সকলোকে এই আহ্বান জনাইছে কণ্ঠশিল্পী গৰাকীয়ে। ইতিমধ্যে ছবিখনৰ ট্ৰেইলৰে মুক্তি লাভ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...