গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, শুভাৰম্ভণি কৰিলে কেইবাখনো আঁচনি | Union Minister Shivraj Singh Chouhan attended the Griha Pravesh ceremony and launch the Lakhimi Mistri Scheme in Guwahati Assam news - Assam Tv9

গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, শুভাৰম্ভণি কৰিলে কেইবাখনো আঁচনি

Updated On: 

17 May 2025 19:47 PM

গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ গৃহপ্ৰৱেশৰ আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান। অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসমৰ বাবে নতুন ৩,৭৬,০৭৫ টা প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) ৰ গৃহৰ আবণ্টন পত্ৰ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷

1 / 5গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ গৃহপ্ৰৱেশৰ আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠান। উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান।

গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ গৃহপ্ৰৱেশৰ আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠান। উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান।

2 / 5

অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসমৰ বাবে নতুন ৩,৭৬,০৭৫ টা প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) ৰ গৃহৰ আবণ্টন পত্ৰ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷

3 / 5

ইয়াৰোপৰিও আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত ‘লখিমী মিস্ত্ৰী’ৰ জৰিয়তে গ্ৰাম্য মহিলাসকলক সবলীকৰণ আৰু তেওঁলোকক দক্ষতা প্ৰদানৰ বাবে এক নতুন আঁচনি আৰম্ভ কৰা হয়। এই পদক্ষেপে মহিলা ৰাজমিস্ত্ৰীক প্ৰশিক্ষণ দিব আৰু তেওঁলোকক আৰ্থিকভাৱে সবল কৰাই নহয়, ৰাজ্যখনৰ দক্ষ শ্ৰমিকক অধিক সুযোগ সৃষ্টি কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

4 / 5

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (PMAY-G)ৰ অংশ হিচাপে অসমে ২০১৬ চনত ২৬ লাখ ঘৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা তথ্য অনুসৰি এতিয়ালৈ ২০ লাখৰো অধিক ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷ ইয়াৰে ১৬ লাখৰো অধিক ঘৰ নিৰ্মাণ হয় যোৱা চাৰি বছৰত।

5 / 5

এই অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস,অতুল বৰা, সাংসদ বিজুলী কলিতা মেধি, ৰাজ্য চৰকাৰৰ মুখ্য সচিব শ্ৰী ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব ড° জে বি এক্কা, আয়ুক্ত কীৰ্তি জল্লীকে প্ৰমুখ্যে কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷

ধন-সম্পত্তিৰে উপচি পৰিব আপোনাৰ ঘৰ, মাথোঁ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
আপোনাৰো ভালকৈ টোপনি নাহে নেকি? এই পদ্ধতিৰে দূৰ কৰক টোপনিৰ সমস্যা
তুৰ্কীত কিমান ভাৰতীয় লোক বাস কৰে?
ৰাছিয়া, চীন নে আমেৰিকা! কাৰ হাতত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে?