কান্দুলিমাৰীৰ এটি সৰু গলিৰ পৰা বিশ্বজয়ী মঞ্চলৈ, ক্ৰীড়াৰ স্বৰ্ণিল ইতিহাসত সংযোজন অসম কন্যা উমাৰ নাম | Uma Chetry Makes Assam Proud, Becomes First Assamese to Lift the World Cup Trophy with Team India Assam news - Assam Tv9

কান্দুলিমাৰীৰ এটি সৰু গলিৰ পৰা বিশ্বজয়ী মঞ্চলৈ, ক্ৰীড়াৰ স্বৰ্ণিল ইতিহাসত সংযোজন অসম কন্যা উমাৰ নাম

Published: 

03 Nov 2025 14:53 PM

গোলাঘাট জিলাৰ বোকাখাতৰ কান্দুলিমাৰী গাঁৱৰ এটি সৰু গলিৰ পৰা সফলতাৰ খোজ লৈ বিশ্বজয়ৰ মঞ্চত এতিয়া গৌৰৱেৰে থিয় দিছে উমাই। এই গৌৰৱময় ক্ষণত স্বাভাৱিকতেই উমাৰ লগতে বিশ্বজয়ৰ অনন্য সুখানুভূতিয়ে আন্দোলিত কৰি তুলিছে প্ৰতিজন অসমীয়াৰ মন।

1 / 5দেওবাৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰে ভাৰতে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে ইতিহাস সৃষ্টি কৰি পোন প্ৰথমবাৰৰ বাবে মহিলা ক্ৰিকেটৰ বিশ্বকাপত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। পূৰ্বে দুবাৰ ফাইনেলত ব্যৰ্থ হ’লেও এইবাৰ ভাৰতে তুলি লয় আকাংক্ষিত ট্ৰফী।

দেওবাৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰে ভাৰতে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে ইতিহাস সৃষ্টি কৰি পোন প্ৰথমবাৰৰ বাবে মহিলা ক্ৰিকেটৰ বিশ্বকাপত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। পূৰ্বে দুবাৰ ফাইনেলত ব্যৰ্থ হ’লেও এইবাৰ ভাৰতে তুলি লয় আকাংক্ষিত ট্ৰফী।

2 / 5

এই জয় সমগ্ৰ দেশৰ লগতে অসমৰ বাবেও হৈ পৰে বিশেষ। ভাৰতীয় দলৰ এই সাফল্যৰ অংশীদাৰ হৈ পৰে অসম কন্যা উমা ছেত্ৰী। দলৰ প্ৰতিগৰাকী সদস্যৰ দৰেই বিশ্বকাপৰ ট্ৰফীত শ্ৰেষ্ঠত্বৰ চুম্বন দিয়া প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে ইতিহাস সৃষ্টি কৰে উমা ছেত্ৰীয়ে।

3 / 5

গোলাঘাট জিলাৰ বোকাখাতৰ কান্দুলিমাৰী গাঁৱৰ এটি সৰু গলিৰ পৰা সফলতাৰ খোজ লৈ বিশ্বজয়ৰ মঞ্চত এতিয়া গৌৰৱেৰে থিয় দিছে উমাই। এই গৌৰৱময় ক্ষণত স্বাভাৱিকতেই উমাৰ লগতে বিশ্বজয়ৰ অনন্য সুখানুভূতিয়ে আন্দোলিত কৰি তুলিছে প্ৰতিজন অসমীয়াৰ মন।

4 / 5

বিশ্বকাপৰ বাবে ঘোষিত দলত স্থান লাভ কৰাৰ লগে লগে উমাই বিশ্বকাপত প্ৰতিনিধিত্ব কৰা প্ৰথমজন অসমীয়া ৰূপে পৰিগণিত হয়। ইয়াৰ পিছত যোৱা ২৮ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে মেচত নিজৰ এদিনীয়া অভিষেক ঘটোৱাৰ লগতে উমাই বিশ্বকাপ খেলা প্ৰথমগৰাকী অসমীয়া হিচাপে ইতিহাস সূচনা কৰে।

5 / 5

অৱশ্যে বৰষুণৰ বাবে এই মেচখন বাতিল হোৱাৰ বাবে বেটিঙৰ সুযোগ পোৱা নাছিল উমাই। প্ৰতিযোগিতাত উমাই সুযোগ পোৱা এইখনেই একমাত্ৰ মেচ। অধিক মেচত খেলাৰ সুযোগ নাপালেও উমাই অৱশ্যে বিশ্বজয়ৰ অনন্য ইতিহাসত নিজৰ নাম সংযোজন কৰে। এতিয়া ভৱিষ্যতে নিজ কেৰিয়াৰ অধিক উজ্জল কৰি তোলক উমাই, সেয়াই আশা প্ৰতিজনৰ।

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী