BCCI ৰ কেন্দ্ৰীয় চুক্তি তালিকাত উমা চেত্ৰী, দৰমহা শুনি আচৰিত হ'ব আপুনি... | Uma Chetri has been included in the BCCI's central contract list know her salary in details Assam news - Assam Tv9

BCCI ৰ কেন্দ্ৰীয় চুক্তি তালিকাত উমা চেত্ৰী, দৰমহা শুনি আচৰিত হ’ব আপুনি…

Published: 

25 Mar 2025 | 09:19 AM

অসমবাসীৰ বাবে এক ভাল খবৰ। বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি তালিকাত স্থান লাভ অসমৰ খেলুৱৈ উমা চেত্ৰীৰ। BCCI ৰ পৰা দৰমহা লাভ কৰা প্ৰথম অসমীয়া উমা চেত্ৰী।

1 / 5অসমবাসীৰ বাবে এক ভাল খবৰ। BCCI ৰ কেন্দ্ৰীয় চুক্তিৰ তালিকাত স্থান লাভ অসম সন্তান উমা চেত্ৰীৰ। ২০২৪-২৫ বৰ্ষৰ বাবে বিচিচিআইৰ সৈতে চুক্তিবদ্ধ হৈছে উমা চেত্ৰী। ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈ বিচিচিআইৰ সৈতে চুক্তিবদ্ধ উমা।

অসমবাসীৰ বাবে এক ভাল খবৰ। BCCI ৰ কেন্দ্ৰীয় চুক্তিৰ তালিকাত স্থান লাভ অসম সন্তান উমা চেত্ৰীৰ। ২০২৪-২৫ বৰ্ষৰ বাবে বিচিচিআইৰ সৈতে চুক্তিবদ্ধ হৈছে উমা চেত্ৰী। ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈ বিচিচিআইৰ সৈতে চুক্তিবদ্ধ উমা।

2 / 5

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ গ্ৰুপ-চিত থাকিব উমা চেত্ৰী। BCCIয়ে জাৰি কৰা তথ্য অনুসৰি গ্ৰুপ এ-ত আছে ৩গৰাকী খেলুৱৈ, গ্ৰুপ বি-ত আছে ৪ গৰাকী আৰু গ্ৰুপ চি-ত আছে ৯ গৰাকী খেলুৱৈ। কেন্দ্ৰীয় চুক্তিৰ তালিকাত মুঠ ১৬ গৰাকী খেলুৱৈৰ নাম আছে।

3 / 5

উল্লেখ্য যে, BCCI ৰ পৰা দৰমহা লাভ কৰিব লগা প্ৰথম অসমীয়া খেলুৱৈ উমা চেত্ৰী। পুৰুষ ক্ৰিকেট দলত ৰিয়ান পৰাগ আছে যদিও BCCI ৰ পৰা তেওঁ দৰমহা লাভ নকৰে। ইয়াৰ বিপৰীতে উমাই BCCI ৰ পৰা এক মোটা অংকৰ ধন লাভ কৰিব।

4 / 5

তথ্য অনুসৰি, BCCI য়ে দৰমহা হিচাপে উমা চেত্ৰীক প্ৰতিবছৰে ১০ লাখ টকা দিব। ইয়াৰ বিপৰীতে প্ৰতিখন টেষ্ট খেলাৰ বাবদ ১৫ লাখ টকা, এদিনীয়ে খেলাৰ নামত ৬ লাখ টকা আৰু টি-২০ ৰ বাবে ৩ লাখ টকাকৈ লাভ কৰিব।

5 / 5

উমাৰ এই সফলতাত গৌৰৱান্বিত অসমবাসী। উল্লেখ্য যে, ২০২৪ৰ ৭জুলাইত আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটিছিল উমাৰ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিল উমা চেত্ৰীয়ে। ২০২৩ত ভাৰতীয় A দলত অভিষেক ঘটিছিল উমাৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...